ৰাজ্যত ধুমুহা,ঘৰ ভাগিছে কংগ্ৰেছৰো
বা-মাৰলী,বজ্ৰপাতত বিধবস্ত নামনি
আমাৰ অসম,১৮ এপ্ৰিলঃ প্ৰকৃতি যেন ৰুষ্ট হৈ পৰিছে৷ ৰাজ্যত ধুমুহা-বৰষুণৰ তাণ্ডৱ অব্যাহত আছে৷ প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰি এফালৰ পৰা তচ্-নচ্ কৰি নিছে ঘৰ-দুৱাৰ,গছ-গছনি৷ বিগত তিনিদিনে ধাৰাবাহিকভাৱে ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰচণ্ড ধুমুহা,শিলাবৃষ্টি,বজ্ৰপাত অব্যাহত থকাত জনসাধাৰণ ত্ৰাসিত হৈ পৰিছে৷ কিয়নো কোনো মুহূৰ্তত ধুমুহাই ঘৰ-দুৱাৰ উৰুৱাই নিয়াৰ লগতে প্ৰাণ কাঢ়ি নিয়ে তাৰ যেন নিশ্চয়তা নাই৷ শনিবাৰে নিশা অহা বা-মাৰলী,বজ্ৰপাতে নামনি অসমৰ লগতে উজনিৰ কেইবাস্থানত তাণ্ডৱ চলায়৷ ধুমুহা আৰু বজ্ৰপাতত ৰাজ্যত বিগত ২৪ ঘণ্টাত মৃত্যুক সাৱতিব লগা হৈছে ৩জন লোকে৷ এই পৰ্যন্ত ৰাজ্যত ধুমুহা-বজ্ৰপাতত মৃত্যু হোৱা লোকৰ সংখ্যা ১৮জনলৈ বৃদ্ধি পাইছে৷ বজ্ৰপাতৰ ফলত জোনাইত লক্ষীনাথ দলে নামত ৬৩বছৰীয়া এজন বৃদ্ধৰ মৃত্যু হয়৷ আনহাতে ১৫ এপ্ৰিলত তিনিচুকীয়াত ধুমুহাত গছ পৰি ৰীণা থাপা নামৰ এগৰাকী ৩৫ বছৰীয় মহিলাৰ মৃত্যু হয়৷ উক্ত নিশা শ্ৰীৰামপুৰত ধুমুহাত এখন কলেজৰ টিনপাত উৰি আহি লক্ষণ প্ৰসাদ চাও নামৰ এজন ব্যৱসায়ীৰ গাত পৰাত গুৰুতৰভাৱে আহত হোৱা ব্যৱসায়ীজনৰ দেওবাৰে চিকিৎসালয়ত মৃত্যু হয়৷ উল্লেখ্য,শেহতীয়া ধুমুহা-বৰষুণৰ ফলত ইতিপূৰ্বে টিংখাঙত মণিকা ধান,লাৱণ্য হৰ’,এনী কুজুৰ,কুৱাৰী বেংৰা,বৰপেটাত ফুলজান নেছা,ছাকিনা খাতুন,ছামচুল নেছা,জাগুণত ৰাহুল হাজং,সুদীপ বানাই,গোলাঘাটত হেম বৰা,ডিগবৈত তোষেশ্বৰ সোণোৱাল,তামুলপুৰত এনী বসুমতাৰী,বাগসাত পিংকু দাস, গোসাঁইগাঁৱত হৰেন্দ্ৰ বসুমতাৰী,গোৱালপাৰাত ভূমিধৰ ৰয়,টিংখাঙত ৰূপেশ্বৰ কোঁচ নামৰ লোককেইজনৰ মৃত্যু হৈছে৷ ইপিনে শনিবাৰ নিশা অহা ধুমুহাত চিৰাঙৰ বিজনীৰ কমাৰগাঁৱত বিহু পেণ্ডেলৰ ওপৰত গছ ভাগি পৰাত ১৭জন লোক আহত হয়৷ শনিবাৰে ধুমুহা-শিলাবৃষ্টিয়ে বিশেষকৈ নামনি অসমৰ কেইবাখনো জিলাত তাণ্ডৱ চলায়৷ চৰকাৰী তথ্য মতে ধুমুহা-বৰষুণৰ ফলত ৰাজ্যৰ ৪৪৫খন গাঁৱৰ ২১,০৬৪জন লোকে ক্ষতিগ্ৰস্ত হৈছে৷ প্ৰায় ৪ হাজাৰ ঘৰ ধুমুহাত ক্ষয়ক্ষতি হেৱাৰ লগতে ২৫টা চৰকাৰী কাৰ্যালয় ধবংস হৈছে৷ বিদ্যুতৰ খুঁটা ভাগি পৰাত আজিও অন্ধকাৰত আছে ৰাজ্যৰ বহু অঞ্চল৷ ৰাজ্যজুৰি উলহ-মালহেৰে পালন কৰা হৈছে ৰঙালী বিহু৷ ৰাজ্যৰ বিভিন্ন বিহু সমিতিসমূহে এইবাৰ প্ৰায় পুৱতি নিশালৈ আয়োজন কৰিলে বিহুৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ৷ শনিবাৰে নিশাৰ ভাগত অহা ধুমুহা,বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত বহুকেইটা দুৰ্ঘটনা,ধুমুহাৰ তাণ্ডবৰ ফলত বিস্তৰ ক্ষতি সাধন হ’লেও প্ৰায় পুৱতি নিশালৈ অনুষ্ঠিত হয় ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠান৷ ৰাজ্যৰ জনপ্ৰিয় শিল্পীসকলে প্ৰায় দুবছৰৰ পাছত এইবাৰ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিলে৷ মৰমৰ শিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ অনুৰাগীসকলে এইবাৰ হিল দল ভাঙি ওলাই আছিল৷ তেওঁলোকৰ পছন্দৰ শিল্পীসকলৰ প্ৰিয় গীতৰ তালে তালে নাচিবাগি উপভোগ কৰিলে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান৷ অৱশ্যে গুৱাহাটী মহানগৰীত শনিবাৰে নিশা পৰ্যন্ত সু-কলমে ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷ ইফালে ৪৩ সংখ্যক বেলতলা ব’হাগী উৎসৱ এইবাৰ ২১ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ বেলতলা বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হ’ব৷ দেওবাৰে বেলতলা বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে ৪৩ সংখ্যক বেলতলা ব’হাগী উৎসৱ সমিতিৰ সভাপতি ৰাতুল বৰুৱাই৷ তেওঁ লগতে কয়-ক’ভিড পৰিস্থিতিৰ বাবে বিগত দুবছৰ পাছত এইবাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪৩ সংখ্যক বেলতলা ব’হাগী উৎসৱৰ আয়োজন কৰা হৈছে৷ আমি ২০১২ চনৰ পৰা প্ৰদান কৰি অহা ‘ড॰ ভূপেন হাজৰিকা বঁটা এইবাৰ প্ৰদান কৰা হ’ব বিশিষ্ট শিল্পী ময়ুখ হাজৰিকাল আগবঢ়োৱা হৈছে৷ এই বঁটা ২৩ এপ্ৰিলত বেলতলা ব’হাগী উৎসৱৰ মঞ্চত প্ৰদান কৰা হ’ব৷ এই বঁটাত আছে নগদ ধন দুই লাখ টকা,ড॰ ভূপেন হাজৰিকাৰ এটা মূৰ্তি,প্ৰশস্তি পাত্ৰ, আলোৱান আদি৷ আনহাতে ২১ এপ্ৰিলৰ সন্ধিয়া হুঁচৰি,পাটমাদৈ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ পাটমাদৈ প্ৰতিযোগিতাৰ বাবে অসমৰ বিভিন্ন মঞ্চত বিহুৰাণী,বৰ বিহুৱতী,বিহু সম্ৰাজ্ঞীৰ খিতাপ অৰ্জন কৰা নাচনী সকলেহে অংশগ্ৰহণ কৰিব পাৰিব৷ পাটমাদৈ প্ৰতিযোগিতাৰ বিজয়ীয়ে নগদ ধন দুই লাখ টকা,প্ৰশস্তি পত্ৰ,স্মাৰক আদি লাভ কৰিব৷ সেইদৰে বিশিষ্ট গীতিকাৰ মন্মথ বৈশ্যৰ সোঁৱাৰণত অনুষ্ঠিত হোৱা লোকগীতৰ প্ৰতিযোগিতাৰ বিজয়ী চুমী ডেকাক ৫০ হাজাৰ টকা, মানপত্ৰ আদিৰে সিদিনা বঁটা প্ৰদান কৰা হ’ব৷ সিদিনা জনপ্ৰিয় কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰে গীতৰ শৰাই আগবঢ়াব৷ সেইদৰে ২২ এপ্ৰিলত বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰিব৷ সেইদৰে ২৩ এপ্ৰিলত সন্ধিয়া বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে ড॰ ভূপেন হাজৰিকা বঁটা আৰু পাটমাদৈ বঁটা ২০২২ প্ৰদান কৰা হ’ব’৷ পাটমাদৈ আৰু হুঁচৰি প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ ২০ এপ্ৰিলৰ সন্ধিয়া প্ত বজাৰ ভিতৰত বেলতলা ব’হাগী উৎসৱ উদ্যাপন সমিতিৰ কাৰ্যালয়ত যোগাযোগ কৰিব৷ সিদিনা সন্ধিয়া জনপ্ৰিয় শিল্পী অংগৰাগ [পাপন]মহন্তই সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব৷ তদুপৰি ২১ এপ্ৰিলত দিনৰ ভাগত কণ কণ ল’ৰা-ছোৱালীৰ মাজত খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব আৰু ২২ এপ্ৰিলৰ সন্ধিয়া খেল-ধেমালিৰ বঁটা বিতৰণ কৰা হ’ব৷ এই উৎসৱ সফল কৰি তুলিবলৈ আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ৷ ‘সংবাদ মেলত সমিতিৰ কাৰ্যকৰী সভাপতি বিজয় বড়ো, উপ-সভাপতি বিচিত্ৰ বড়ো সাধাৰণ সম্পাদক সঞ্জয় গোস্বামী,সাংস্কৃতিক বিভাগৰ সভাপতি জয়ন্ত গগৈ,সম্পাদক ডাঃ দিলীপ মহন্ত,প্ৰচাৰ বিভাগৰ সভাপতি বিশ্বজিৎ মেধি, সম্পাদক চন্দন কুমাৰ শইকীয়াৰ লগতে সমিতিৰ অন্যান্য বিষয় ববীয়া উপস্থিত থাকে৷ ইফালে, পূব গুৱাহাটী বিহু সন্মিলনে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজন কৰা ৬১ সংখ্যক সমাৰোহত ১৪ আৰু ১৫ এপ্ৰিলত শ্ৰেষ্ঠ বিহু নাচনী আৰু শ্ৰেষ্ঠ বিহু হুঁচৰি বিহুৱা আৰু অসম বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ শ্ৰেষ্ঠ বিহু নাচনী প্ৰতিযোগিতাত গুৱাহাটীৰ উৰুলী ভট্টই প্ৰথম,গুৱাহাটীৰ বৰ্ষা গোঁহাইয়ে দ্বিতীয়,শিৱসাগৰৰ ঋতুপৰ্ণা লাহনে তৃতীয় পুৰস্কাৰ লাভ কৰে৷ সেইদৰে ঋতুপৰ্ণা দাসে চতুৰ্থ আৰু নয়না ভৰালীয়ে পঞ্চম পুৰস্কাৰ লাভ কৰে৷ শ্ৰেষ্ঠ বিহু হুঁচৰি দলৰ সন্মান ক্ৰমে প্ৰথম ছেঁও বিহু হুঁচৰি দল,দ্বিতীয় চতুৰ্থ অসম আৰক্ষী বাহিনী,তৃতীয় দাক্ষায়িনী বিহু হুঁচৰি দল,চতুৰ্থ চেৰেকাপাৰ বিহু হুঁচৰি দল,পঞ্চম চৰাইদেউ বিহু হুঁচৰি দল,ষষ্ঠ হাবুং বিহু হুঁচৰি দল আৰু সপ্তম ৰংমন এনাজৰি বিহু হুঁচৰি দলে লাভ কৰে৷ অসম বিহুৱা প্ৰতিযোগিতাত প্ৰথম দীপজোতি গগৈয়ে,দ্বিতীয় হেমন্ত মেধিয়ে আৰু তৃতীয় ৰিদিপ বৰুৱাই লাভ কৰে৷ অসম বিহুৱতী,২০২২ প্ৰতিযোগিতাত পাহাৰী বুঢ়াগোঁহাইয়ে প্ৰথম,নিমিষা দিহিঙীয়াই দ্বিতীয়,প্ৰীতিৰাণী বুঢ়াগোহাঁই তৃতীয়,কৃষ্ণাক্ষী বুঢ়াগোহাঁইয়ে চতুৰ্থ,নিহাৰিকা শকীয়াই পঞ্চম,ত্ৰিদীশা বৰঠাকুৰে ষষ্ঠ,বৰ্ষা গোহাঁইক সপ্তম,ঋতুপৰ্ণা দাসে অষ্টম,ভাস্বতী শইকীয়াই নৱম আৰু অনন্যা ফুকনে দশম পুৰস্কাৰ লাভ কৰে৷ সেইদৰে ১৫ আৰু ১৬ এপ্ৰিলত নুনমাটি অঞ্চলৰ লুইত নগৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২৭ সংখ্যক ৰঙালী বিহু উদযাপন কৰা হয়৷ বিহুৰ পতাকা উত্তোলন,স্মৃতি তৰ্পণ,বিভিন্ন খেল ধেমালি,সাংস্কৃতিক অনুষ্ঠানৰ উপৰিও ১৬ এপ্ৰিলত সন্ধিয়া ৭ বজাত মুকলি সভা অনুষ্ঠিত হয়৷ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকা অসম লোকসেৱা আয়োগৰ সদস্য তথা বিশিষ্ট শিক্ষাবিদ ড॰ নিৰঞ্জন কলিতাই তেওঁৰ ভাষণত সাত বিহুৰ তাৎপৰ্য বহলভাৱে ব্যাখ্যা কৰে৷ চন্দ্ৰ কান্ত দাসৰ সম্পাদনাত প্ৰকাশিত স্মৰণিকা লুইত প্ৰবাহ উন্মোচন কৰে গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ধৰণী লাহনে৷ মুকলি সভাত বঁটা বিতৰণী অনুষ্ঠানৰ লগতে কৃতি ছাত্ৰী প্লাবিতা হাজৰিকা আৰু টানিয়া বৰুৱাক প্ৰয়াত জয়মতী ডেকাৰ সোঁৱৰণত প্ৰসন্ন ডেকাই নগদ ধন আৰু বিহু সন্মিলনীৰ মানপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে নৰেন ৰয়ক দেশৰ ৭৫ বছৰীয়া স্বাধীনতাৰ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ভাৰত চৰকাৰে সমাজ সেৱাৰ অত্যুত্তম বৰঙণি বঁটা লাভ কৰাৰ বাবে ২৭ সংখ্যক লুইত নগৰ ৰঙালী বিহু সন্মিলনে সম্বৰ্ধনা জনায়৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো কেইবাখনো বিহু সমিতিয়ে ১৪ এপ্ৰিলৰ পৰা আয়োজন কৰা ৰঙালী বিহুৰ দেওবাৰে সামৰণি পৰে৷
১৪ এপ্ৰিলত দুধনৈত হৈ বলা প্ৰচণ্ড ধমুহা বতাহ-বৰষুণ আৰু শিলাবৃষ্টিত বিস্তৰ ক্ষতি হয় অঞ্চলটোত৷ ধুমুহাই দুধনৈ চহৰকে ধৰি দুধনৈ নিকটৱৰ্তী কেইবাখনো গাঁৱত ব্যাপক ক্ষয়-ক্ষতি কৰাৰ লগতে বিশেষকৈ গুৱাবাৰী গাওঁখন ধুমুহাত তচনচ হৈ যায়৷ ধুমুহা হৈ যোৱাৰ ৪৮ঘণ্টা উকলি যোৱাৰ পাচতো গুৱাবাৰী গাঁৱৰ ৰাইজে এতিয়াও মুকলি আকাশৰ তলত থাকিব লগা হৈছে৷ থকা খোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হোৱা গাওঁবাসীয়ে এতিয়ালৈ স্থানীয় প্ৰশাসন কিম্বা জনপ্ৰতিনিধিৰ পৰা কোনো ধৰণৰ সহায় লাভ কৰা নাই৷ বিদু্যৎ পৰিবাহী তাঁৰ তথা বিদু্যতৰ খঁুটা বাগৰি পৰাত এতিয়াও ৰাইজে আন্ধাৰত থাকিব লগা হৈছে৷ গৰু বিহুৰ দিনাই দুধনৈত অহা শিলাবৃষ্টিৰ ফলত বহুত মানুহৰ ঘৰৰ টিনৰ চাল পৰ্যন্ত ফুটি যায়৷ ধুমুহা বতাহত বৃহৎ বৃহৎ গছ ভাঙি পৰাত দুধনৈৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে৷ কেইবাঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰাত যাতায়াত বন্ধ হৈ পৰে৷ লগতে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে আবদ্ধ হৈ পৰে শ শ যান-বাহন৷ স্থানীয় প্ৰশাসনে ৰাইজৰ সহায়ত পথৰ ওপৰত পৰি থকা গছসমূহ কাটি ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰাৰ চেষ্টা কৰে৷ চহৰৰ মাজত থকা বৈদু্যতিক খুটি উভালি পেলোৱাত লগতে দুধনৈ চহৰকে ধৰি নিকটৱৰ্তী কেইবাখনো গাঁৱত ঘৰৰ টিনপাত উৰাই লৈ যোৱাত বিস্তৰ ক্ষতি হয়৷ দুধনৈৰ বহু ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে বহু যান-বাহনৰো ক্ষতি কৰে ধুমুহাই৷ দুধনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰ বহাগত দুধনৈ ৰাজহুৱা খেল পথাৰত অস্থায়ীভাৱে নিৰ্মাণ কৰা পেণ্ডেলো ধমুহা বতাহে ভাঙি তচনচ কৰে৷ এনেদৰে গৰু বিহুৰ দিনাই ধমুহা-বতাহে তাণ্ডৱ সৃষ্টি কৰাত সমগ্ৰ দুধনৈ অঞ্চলত ক্ষন্তেকতে ম্লান পৰে ৰঙালী বিহুৰ উছাহ৷ আনহাতে ধুমুহাই ধবংসলীলাৰ সৃষ্টি কৰা গুৱাবাৰী গাঁৱত আজিও অবৰ্ণনীয় পৰিৱেশ৷ ৪৮ ঘণ্টাৰ পাছতো মুকলি আকাশৰ তলত বহু পৰিয়াল৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে,নিশা কটাবলৈ এটা বাসগৃহ নথকা লোকসকলৰ খবৰ ল’বলৈ আহৰি হোৱা নাই জিলা প্ৰশাসন আৰু জনপ্ৰতিনিধিৰ৷ প্ৰদান নকৰিলে নূ্যনতম সাহায্যও৷ কিতাপ-পত্ৰ ধুমুহাই নষ্ট কৰাত হাহাকাৰ লাগিছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত৷ এতিয়া গুৱাবাৰী গাঁৱৰ ৫০টাৰো অধিক পৰিয়ালে অনাহাৰে অনিদ্ৰাৰে দিন কটাইছে৷