Logo
image

সৰ্পদংশনত আৰু মৃত্যু নহ’ব! অসমীয়া চিকিৎসকৰ অভিযান

আমাৰ অসম,১৯ এপ্ৰিলঃ ২০০৮ চনত শিৱসাগৰৰ এখন বেচৰকাৰী হাস্পতালত কৰ্মৰত এজন তৰুণ চিকিৎসক নিশা হঠাতে বিবুধিত পৰিছিল৷ মাজনিশা তেওঁৰ ওচৰলৈ লৈ অহা হৈছিল সৰ্পদংশনত আক্ৰান্ত এজন ব্যক্তিক৷ ইতিমধ্যে বেজ,ওজাই জৰা-ফুকা কৰি সুস্থ কৰিব নোৱৰাত যেতিয়া চিকিৎসালয়লৈ ব্যক্তিজনক অনা হৈছিল তেতিয়া তেওঁৰ জীয়াই থকাৰ সম্ভাৱনা প্ৰায় শূন্য হৈছিল৷ তদুপৰি বেচৰকাৰী চিকিৎসালয়খনতো সৰ্পদংশনত আক্ৰান্ত লোকক সুস্থ কৰি তুলিব পৰাকৈ চিকিৎসা প্ৰদানৰ যথোচিত ব্যৱস্থা নাছিল৷ তেতিয়াই সেই তৰুণ চিকিৎসক ডাঃ সুৰজিৎ গিৰিয়ে মনে মনে সংকল্প ল’লে,ৰাজ্যত এনেদৰে সৰ্পদংশনত আক্ৰান্ত হোৱা ব্যক্তিক তেওঁ চিকিৎসাৰ জৰিয়তে সুস্থ কৰি তোলাৰ অভিযান হাতত ল’ব৷ সৰ্পদংশনত আক্ৰান্ত হোৱা ব্যক্তিক যাতে বেজ-ওজাৰ ওচৰলৈ জৰা-ফুকা কৰিবলৈ নি সময় নষ্ট নকৰে সেই সম্পৰ্কতো তেওঁ যিমান পাৰে সিমান সাধাৰণ লোকক সচেতন কৰি তুলিব৷ কিয়নো অসমৰ গাঁৱত সৰ্পদংশনৰ সংখ্যা যথেষ্ট আৰু বিষধৰ সৰ্পৰ দংশনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও অতি বেছি৷ ডাঃ সুৰজিৎ গিৰি আছিল এনাষ্ঠেচিঅ’লজিষ্ট৷ পৰৱৰ্তী সময়ত তেওঁ শিৱসাগৰৰ পৰা কিছু দূৰৈৰ ডিমৌত এখন ৰাজহুৱা চিকিৎসা কেন্দ্ৰত নিযুক্তি পালে৷ তেতিয়াৰ পৰাই ডাঃ গিৰিয়ে আৰম্ভ কৰিলে সৰ্পদংশনত আক্ৰান্তৰ জীৱন ৰক্ষা কৰাৰ অভিযান৷ অৱশ্যে তাৰ পূৰ্বেই শিৱসাগৰত ২০০৮ চনতে তেওঁ এজন ৫০ বছৰীয়া কৃষকক মৃত্যুমুখৰ পৰা ৰক্ষা কৰিলে৷ সেই কৃষকজনক খুটিছিল এটা বিষাক্ত পিট হাইপাৰে৷ ডিমৌত নিযুক্তি পোৱাৰ পাছৰ পৰা তেওঁ ঘাইকৈ সৰ্পদংশনত আক্ৰান্তৰ চিকিৎসাত অধিক মনোনিৱেশ কৰিলে৷ ২০০৮ চনৰ পৰাই ডিমৌত তেওঁ সৰ্পদংশনত আক্ৰান্ত লোকক উন্নত চিকিৎসাৰ জৰিয়তে জীৱন ৰক্ষা কৰি ক্ৰমাৎ সৰ্পদংশনত আক্ৰান্তৰ আস্থা অৰ্জন কৰিবলৈ সক্ষম হ’ল৷ প্ৰথমে বেজ-ওজাৰ ওপৰত বিশ্বাস কৰা ওচৰ-চুবুৰীয়া গাঁওবাসী আৰু আনকি বহু দূৰ-দূৰণিৰ পৰাও ডাক্তৰ সুৰজিৎ গিৰিৰ ওচৰলৈ সৰ্পদংশনত আক্ৰান্ত লোক আহিবলৈ ধৰিলে৷ তেওঁ ইয়াৰ পাছত ডিমৌত স্থাপন কৰিলে সৰ্পদংশন প্ৰতিৰোধী সকলো উন্নত ব্যৱস্থা থকা এখন আদৰ্শ ক্লিনিক৷ তাত তেওঁ এটা সৰ্পদংশন ৱাৰ্ডো স্থাপন কৰিলে৷ ২০২০ চনৰ পৰা সেই ৱাৰ্ডত কেৱল সৰ্পদংশনত আক্ৰান্তৰ চিকিৎসা চলি আহিছে৷ তাৰবাবে ডাঃ গিৰিয়ে এটা ‘ফাষ্ট ৰেছপন্স টীম’বা এফআৰটি নামৰ গোট গঠন কৰিলে৷ সেই এফআৰটি গোটৰ কাম হৈছে চিকিৎসক নথকা অৱস্থাতো সৰ্পদংশনত আক্ৰান্তৰ তৎপৰতাৰে চিকিৎসা কৰা৷ চিকিৎসক নোহোৱা সত্ত্বেও তেনে স্বাস্থ্যকৰ্মীক তেওঁ এনেধৰণৰ চিকিৎসাৰ বাবে শিক্ষিত কৰি লৈছে৷ তদুপৰি ওচৰৰ বহু বাসিন্দাৰ মাজৰ পৰা তেওঁ গঠন কৰিলে ‘ভেন’ম ৰেছপন্স টীম’বা ভিআৰটি নামৰ এটা গোট৷ স্বেচ্ছাসেৱকৰ দ্বাৰা গঠিত এই গোটটোৱে গ্ৰামাঞ্চলত সৰ্পদংশনৰ চিকিৎসা সন্দৰ্ভত সকলোকে সজাগ কৰে আৰু সৰ্পদংশনত আক্ৰান্ত ব্যক্তিক বেজ-ওজাৰ ওচৰত সময় অপব্যয় নকৰাকৈ চিকিৎসালয়লৈ নিয়াত সহায় কৰে৷ ডাঃ গিৰিয়ে এটা সাক্ষাৎকাৰত কয় যে,অসমত ঘাইকৈ পিট ভাইপাৰ নামৰ বিষধৰ সৰ্পটোৰ দংশনত অনেক লোকৰ মৃত্যু হয়৷ কিন্তু ৰাজ্যৰ চিকিৎসা ক্ষেত্ৰত পিট ভাইপাৰৰ দ্বাৰা দংশন হোৱা লোকৰ চিকিৎসাৰ বাবে সেই ধৰণৰ ‘এণ্টি-ভেন’ম’ নাছিল৷ কোৱা বাহুল্য মাথোঁ,সৰ্পদংশনত আক্ৰান্ত ব্যক্তিৰ চিকিৎসাৰ বাবে ব্যৱহূত এণ্টি-ভেন’ম তৈয়াৰ কৰা হয় সাপৰ বিষ বা ভেন’মৰ পৰা৷ দেশৰ চিকিৎসালয়ত সাধাৰণতে এণ্টি-ভেন’ম হিচাপে কোব্ৰা,ক্ৰেইট,ৰাছেল ভাইপাৰ আৰু ছ-স্কেল্ড ভাইপাৰৰ বিষৰ পৰা আহৰণ কৰা ঔষধহে পোৱা যায়৷ কিয়নো আমাৰ দেশত এইকেইবিধ সাপেই অধিক দংশন কৰা দেখা যায় আৰু বিষধৰ হোৱা বাবে এই চাৰিবিধ সাপৰ দংশনত তৎকালেই আক্ৰান্তৰ মৃত্যু হয়৷ ডাঃ সুৰজিৎ গিৰিয়ে পিট ভাইপাৰৰ দংশনৰ চিকিৎসাৰ বাবে সঠিক এণ্টি-ভেন’ম নোপোৱাত তেওঁ মেগনেছিয়াম ছালফেটৰ জৰিয়তে এবিধ নতুন এণ্টি-ভেন’ম তৈয়াৰ কৰে৷ সেই এণ্টি-ভেন’মৰ বিষয়ে আগশাৰীৰ মেডিকেল টক্সিক’ল’জি জাৰ্নালত প্ৰকাশ পায় আৰু সেই এণ্টি-ভেন’ম ব্যৱহাৰ কৰাৰো অনুমতি পায়৷ তাৰ পাছৰ পৰা তেওঁ পিট ভাইপাৰে দংশন কৰা লোকক সেই এণ্টি-ভেন’ম ব্যৱহাৰ কৰি এশ শতাংশ সফলতা লাভ কৰিছে৷ ২০২১ চনত ডাঃ সুৰজিৎ গিৰিৰ ডিমৌৰ ক্লিনিকলৈ মুঠতে ৪৬৪ জন সৰ্পদংশনত আক্ৰান্ত ব্যক্তিক চিকিৎসাৰ বাবে আনিছিল আৰু তাৰ প্ৰত্যেককে তেওঁ চিকিৎসাৰ জৰিয়তে সুস্থ কৰি তুলিবলৈ সক্ষম হয়৷ তাৎপৰ্যপূৰ্ণভাৱে তাৰে ৫৩ জনক দংশন কৰিছিল পিট ভাইপাৰে আৰু সেই প্ৰত্যেকজন আক্ৰান্তক ডাঃ সুৰজিৎ গিৰিয়ে তেওঁ তৈয়াৰ কৰা এণ্টি-ভেন’ম ব্যৱহাৰ কৰি সুস্থ কৰি তোলে৷