Logo
image

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শ্ৰদ্ধাঞ্জলী জ্ঞাপন ৰাহুল গান্ধীৰ

আমাৰ অসম, ২৫ নৱেম্বৰঃ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শ্ৰদ্ধা নিবেদনৰ বাবে বুধবাৰে পুৱা ৯.৪০ বজাত অসমত আহি উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী। বিশেষ বিমানেৰে অসমত উপস্থিত হৈ পোনে পোনে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ ৰাওনা হয় কংগ্ৰেছ নেতাগৰাকী। কলাক্ষেত্ৰত উপস্থিত হৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। ৰাহুল গান্ধীক সংগ দিয়ে কংগ্ৰেছ সাংসদ তথা প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে। শ্ৰদ্ধাঞ্জলী অৰ্পণৰ পিছতেই কংগ্ৰেছ নেতা গৰাকী প্ৰয়াত  তৰুণ গগৈৰ চৰকাৰী বাসগৃহত উপস্থিত হৈ পত্নী ডলী গগৈৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।