Logo
image

ৰুছ-ইউক্ৰেইনক যুদ্ধবিৰতিৰ আহ্বান দুই ৰাষ্ট্ৰনেতাৰ

আমাৰ অসম,২৩ এপ্ৰিলঃ এদিন পূৰ্বে নিজকে শচীন তেণ্ডুলকাৰ আৰু অমিতাভ বচ্চনৰ দৰে জনপ্ৰিয় চেলেব্ৰিটী যেন অনুভৱ হোৱা বুলি মন্তব্য  কৰা ভাৰত ভ্ৰমণৰত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে বৃহস্পতিবাৰে তেওঁৰ ভ্ৰমণৰ দ্বিতীয় তথা অন্তিম দিনটোত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘খাচ দোষ্ট’হিচাপে বৰ্ণনা কৰিলে৷ উল্লেখ্য বৃহস্পতিবাৰে ব্ৰিটেইনৰ পৰা পোনে পোনে আহি বৰিছ জনছনে অৱতৰণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটত৷ বিমান বন্দৰৰ পৰা ৰাজপথেৰে গৈ থকাৰ সময়ত তেওঁ পথৰ দুয়োকাষে নিজৰ বৃহৎ হৰ্ডিং দেখি কৈছিল– এই দেশলৈ অহাৰ পাছত মোৰ নিজকে শচীন তেণ্ডুলকাৰ যেন লাগিছে৷ চতুৰ্দিশে মোৰ ডাঙৰ ডাঙৰ হৰ্ডিং দেখি অমিতাভ বচ্ছনৰ দৰেও লাগিছে৷ ইয়াৰ পূৰ্বে কোনো দেশতে মই এনে ৰাজসিক অভ্যৰ্থনা পোৱা নাছিলো৷ শুকুৰবাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক শীৰ্ষ বৈঠকত মিলিত হয়৷ দুয়ো নতুন দিল্লীৰ  হায়দৰাবাদ হাউছত দীৰ্ঘসময় বৈঠক কৰে৷ এই আলোচনা কালত ব্ৰিটেইনে তথ্য প্ৰযুক্তি,সামৰিক আৰু অন্যান্য ক্ষেত্ৰত ভাৰতক সাহায্য প্ৰদানৰ বিষয়ে বৰিছ জনছনে নিশ্চিত কৰে৷ দুয়োজন শীৰ্ষনেতাৰ উপস্থিতিত উভয় দেশৰ মাজত দুখন চৰকাৰী বুজাবুজিৰ চুক্তি আৰু চাৰিখন বেচৰকাৰী ক্ষেত্ৰত দ্বিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়৷ বৈঠকত অন্তত দুয়োজন প্ৰধানমন্ত্ৰীয়ে যুটীয়া সংবাদমেল সম্বোধন কৰে৷ সেই সংবাদমেলত জনছনে কয় যে,তথ্য প্ৰযুক্তি আৰু কম্পিউটাৰৰ প্ৰগ্ৰেমিঙৰ ক্ষেত্ৰত ভাৰতে ব্ৰিটেইনক দক্ষ শ্ৰমিক যোগান ধৰিব পাৰে৷ বিদেশৰ  পৰা বৃহৎ মাত্ৰাত প্ৰব্ৰজনৰ ক্ষেত্ৰত ব্ৰিটেইনে কঠোৰ নীতি অৱলম্বন কৰিলেও এনে দক্ষ শ্ৰমিকৰ ক্ষেত্ৰত শিথিলতা প্ৰদৰ্শন কৰিব বুলি তেওঁ আশ্বস্ত কৰে৷ ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ ক্ষেত্ৰত ভাৰতে ব্ৰিটেইন তথা আমেৰিকা নেতৃত্বাধীন নাটোৰ স্থিতিক সমৰ্থন নিদিয়া সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত জনছনে কয়– ৰাছিয়াৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে৷ সেই সম্পৰ্ক ঐতিহাসিক৷ ব্ৰিটেইনে ৰুছ-ভাৰত সম্পৰ্কক শ্ৰদ্ধা কৰে৷ সেয়ে ভাৰতে ৰাছিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা স্থিতিকো ব্ৰিটেইনে সমৰ্থন কৰে৷ সেই সাংবাদিক মেলত বৰিছ জনছনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ খাচ দোষ্ট বুলি বৰ্ণনা কৰে৷ বৈঠকত অন্তত অনুষ্ঠিত যুটীয়া সাংবাদিক মেলত দুয়োজন ৰাষ্ট্ৰনেতাই একমত হৈ কয়– অবিলম্বে ইউক্ৰেইনত সংঘটিত হিংসা বন্ধ কৰা উচিত৷ ইউক্ৰেইনত জৰুৰীভাৱে যুদ্ধবিৰতিৰ প্ৰয়োজন৷ সকলো সমস্যা আলোচনাৰ জৰিয়তে আৰু কূটনৈতিক উপায়েৰে সমাধান কৰা উচিত৷ সকলো দেশৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাক বৰ্তাই ৰখা অতি প্ৰয়োজনীয়৷