Logo
image

বিভিন্ন ধৰ্মৰ সেনা বিষয়াৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণঃ ৰাজনাথ সিং

১০৮জন সেনা, শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা

’৭১ৰ বাংলাদেশ যুদ্ধ

আমাৰ অসম, ২৪ এপ্ৰিলঃ ‘১৯৭১ৰ ভাৰত-পাকিস্তান যুদ্ধত বিভিন্ন ধৰ্মৰ সেনা-বিষয়াসকলৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ৷ ’৭১ৰ বাংলাদেশ মুক্তিযুদ্ধৰ নেতৃত্ব লোৱা মানিক শ্বাহ আছিল পাৰ্ছী৷ বায়ুসেনাৰ মুৰব্বী আছিল হিন্দু৷ মুছলমান সম্প্ৰদায়ৰ মাৰ্চেল লতিফ নৰ্থ কামাণ্ডৰ দায়িত্বত আছিল৷ ইষ্ট কামাণ্ডৰ দায়িত্বত আছিল জগদীত আৰোৰা৷ তেওঁ শিখ সম্প্ৰদায়ৰ আছিল৷’ –এই মন্তব্য দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ৷ দেওবাৰে আজাদী কা অমৃত মহোৎসৱ উপলক্ষত ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত অতুলনীয়া সেৱা, ত্যাগ সাহসিকতা প্ৰদৰ্শন কৰা বীৰযোদ্ধা তথা তেওঁলোকৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত শ্ৰীমন্ত কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়– ‘৭১ৰ বাংলাদেশৰ মুক্তিযুদ্ধই সামাজিক সদ্‌ভাৱনাৰ ক্ষেত্ৰতো বিশেষ প্ৰেৰণা দিয়ে৷ পাকিস্তানৰ বিৰুদ্ধে ভাৰতমাতাৰ হৈ যুদ্ধ কৰা ইজনৰ পাছত সিজন সেনাবিষয়া তথা সেনা জোৱান আছিল বিভিন্ন ধৰ্মৰ লোক৷ এইক্ষেত্ৰত কাৰ নাম লম,কাৰ নাম এৰিম৷ তেওঁলোকে ধৰ্মীয় পৰিচয় আঁতৰাই সেনাৰ ইউনিফৰ্মকে সৰ্বোচ্চ বুলি মান্য কৰিছিল৷ ভাৰতীয় সেনাত এতিয়াও এই পৰম্পৰা আছে৷ একতা,অখণ্ডতা,ভ্ৰাতৃত্ববোধ বজাই ৰখাৰ ক্ষেত্ৰত দেশৰ প্ৰতিজন নাগৰিকে সেনা জোৱানৰ দৰে আচৰণ কৰিব লাগিব৷ ছ’চিয়েল হাৰমনি বজাই ৰখাৰ ক্ষেত্ৰত সকলোৱে আগভাগ ল’ব লাগিব৷ সেনাই সীমান্তত পহৰা দিব৷’ ইফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু লাচিত বৰফুকনৰ প্ৰসংগ উত্থাপন কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে অসমত জন্মলাভ কৰা অসম মাতৃৰ প্ৰতিজন সন্তানেও সামাজিক সদ্‌ভাৱনা বৰ্তাই ৰখাত গুৰুত্ব দিব লাগিব৷ ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ,লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে ইজনৰ পাছত সিজন মহান পুৰুষক অসম ভূমিয়ে জন্ম দিয়া বুলি দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ হুংকাৰ দি ৰাজনাথ সিঙে কয় যে ভিতৰ আৰু বাহিৰৰ দুই প্ৰকাৰৰ আতংকবাদ ছাফাইৰ কামত চৰকাৰ লাগি আছে৷ দেশৰ আভ্যন্তৰীণ আতংকবাদ দূৰ কৰা হ’বই৷ যদিহে কোনোৱে বিদেশৰ পৰা আতংকবাদৰ আমদানি কৰে তেন্তে বিদেশত গৈয়ো ইয়াক যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব৷ প্ৰতিৰক্ষাৰ দৃষ্টিকোণৰ পৰা অটল টানেল,চেলা টানেলকে ধৰি বহুতো আন্তঃগাঁথনিৰ কাম বৰ্তমানৰ চৰকাৰৰ দিনত কৰা হৈছে বুলি উল্লেখ কৰি সিঙে কয় যে অৰুণাচলৰ ক্ষেত্ৰতো মজবুত  আন্তঃগাঁথনি নিৰ্মাণ কৰা হ’ব৷ উল্লেখ্য যে আজিৰ অনুষ্ঠানত ১৯৭১ৰ ভাৰত-পাক যুদ্ধত শ্বহীদ হোৱা অসমৰ ৯ গৰাকী বীৰযোদ্ধাৰ পত্নীলৈ ১০ লাখ টকাকে,৮ গৰাকী আঘাতপ্ৰাপ্তৰ প্ৰত্যেককে ৫ লাখ টকাকৈ,দুগৰাকী যুদ্ধবন্দীলৈ প্ৰত্যেককে ২.৫ লাখ টকাকৈ,৮৬ গৰাকী বীৰযোদ্ধাৰ প্ৰত্যেকলৈ ২ লাখ টকাকৈ চৰকাৰী অনুদান প্ৰদান কৰা হয়৷ অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখি আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্বৰ উপস্থিতিত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী সিঙে বীৰযোদ্ধাসকলক সম্বৰ্ধনা জনায়৷ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে দেশৰ বীৰযোদ্ধাসকলে দেখুওৱা সাহস আৰু ত্যাগৰ ফলতেই ১৯৭১ৰ ১৬ ডিচেম্বৰত পাকিস্তানৰ ইষ্টাৰ্ণ কামাণ্ডাৰে চৰ্তবিহীনভাৱে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল৷ এই যুদ্ধত অসমৰ কিছুসংখ্যক আৰক্ষী বিষয়াইও পাকিস্তানৰ বিৰুদ্ধে যুঁজিবলৈ মুক্তিযোদ্ধাসকলক প্ৰশিক্ষণ দিছিল৷  প্ৰসংগক্ৰমে তেওঁ স্পেচিয়েল ছিকিউৰিটি ব্যুৰ’জ্ঞানানন্দ শৰ্মা পাঠক, গিৰিজানন্দ চৌধুৰী,বি এন সোণোৱাল আৰু হিৰণ্য ভট্টাচাৰ্যৰ নাম বিশেষভাৱে উল্লেখ কৰে৷ সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাই এই মুক্তিযোদ্ধাক আধাৰ হিচাপে লৈ গোৱা জয় জয় মুক্তিবাহিনী শীৰ্ষক গানটোৰ প্ৰসংগও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীয়ে সেনা-জোৱান তথা প্ৰাক্তন সৈনিকসকলৰ বাবে ৰাজ্য চৰকাৰে লোৱা বিভিন্ন আঁচনিৰ বিষয়েও ব্যাখ্যা কৰে৷ আজিৰ অনুষ্ঠানত ’৭১ৰ যুদ্ধৰ বীৰযোদ্ধা তথা পদ্মশ্ৰী বঁটা প্ৰাপক বাংলাদেশৰ কৰ্ণেল অৱসৰপ্ৰাপ্ত কুৱাজী ছাজ্জাদ আলী নাহিৰে ভাষণ দি কয় যে সমগ্ৰ বিশ্ববাসীয়ে এতিয়া ছাপ্ৰেশ্বন আৰু অপ্ৰেশ্বনৰ বিৰুদ্ধে যুঁজিব লাগিব৷ অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখিও ভাষণ