Logo
image

সৰ্বানন্দৰ ঘৰত বিহু মাৰিলেহি প্ৰধানমন্ত্ৰীয়ে

আমাৰ অসম, ২৪ এপ্ৰিলঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিল্লীস্থ চৰকাৰী বাসভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে বিহু মাৰে৷ বিহু মঞ্চত মোদীয়ে সৰ্বানন্দ সোণোৱালে উপহাৰ হিচাপে প্ৰদান কৰা ঢোল আৰু ম’হৰ শিঙৰ পেঁপা বজাই আনন্দ উপভোগ কৰে৷ মন্ত্ৰী সোণোৱালৰ চৰকাৰী বাসভৱনত আয়োজিত ৰঙালী বিহু অনুষ্ঠানত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ, পেট্ৰ’লিয়াম ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি কেইবাজনো মন্ত্ৰীয়ে বিহু উপভোগ কৰে৷ সোণোৱালৰ বাসভৱন প্ৰাংগণত আয়োজন কৰা এই বৰ্ণাঢ্য অনুষ্ঠানত বহু দেশৰ ৰাষ্ট্ৰদূতসকলো উপস্থিত থাকে৷ প্ৰসন্ন গগৈৰ নেতৃত্বত হুঁচৰিৰে সংকৃতিক অনুষ্ঠানৰ আৰম্ভ ঘটা মঞ্চত অসমৰ চলচ্ছিত্ৰ জগতৰ বহু ক’লা-কুশলীয়ে লোকসংগীতৰ ‘ফিউজন’গীত-নৃত্য পৰিৱেশন কৰে৷ সুনীত ভূঞা খাউন্দৰ ভায়োলিন আৰু প্ৰিয়ংকা ভৰালীৰ কণ্ঠই অনুষ্ঠানত ভিন্ন মাত্ৰা প্ৰদান কৰা পৰিলক্ষিত হয়৷