Logo
image

কোক্‌ৰাঝাৰত লক্‌আপত থাকিলেও জিগনেশ এতিয়া গুজৰাটত নায়ক

আমাৰ অসম, ২৪ এপ্ৰিলঃ গুজৰাটৰ বদগাম সমষ্টিৰ নিৰ্দলীয় বিধায়ক জিগনেশ মেৱানীৰ দলিত নেতা হিচাপে নিজৰ সমষ্টিত প্ৰভাৱ আছিল কিন্তু  সামগ্ৰিকভাৱে গুজৰাটৰ ৰাজনীতিত তেওঁৰ প্ৰভাৱ সামান্য৷ তেওঁ কংগ্ৰেছ দলক পোনপটীয়াকৈ সমৰ্থন কৰিও বিধায়ক পদ হেৰুওৱাৰ আশংকাত কংগ্ৰেছ দলত এতিয়ালৈকে যোগদান কৰিব পৰা নাই৷ চলিত বছৰৰ শেষত গুজৰাটত হ’বলগীয়া বিধানসভাৰ নিৰ্বাচনত নিঃসন্দেহে জিগনেশ মেৱানীয়ে কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব৷ দলিত নেতা হিচাপে নিজৰ সমষ্টিত প্ৰভাৱ থাকিলেও সততে প্ৰতিটো নিৰ্বাচনত জাত-পাত বা আন ইছ্যুৰ পৰিৱৰ্তে  ধৰ্মীয় মেৰুকৰণ হোৱা গুজৰাটৰ সামগ্ৰিক ৰাজনীতিত জিগনেশ মেৱানীৰ তেনে কোনো প্ৰভাৱ নাছিল৷ কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিলেও জিগনেশ মেৱানীৰ দলিত ভাৱমূৰ্তিৰে কংগ্ৰেছে গুজৰাটৰ নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰো কোনো সম্ভাৱনা নাছিল৷ অন্যাৰ্থত গুজৰাটৰ প্ৰতিবাদী কণ্ঠ হিচাপে চৰ্চাত থাকিলেও জিগনেশ মেৱানী ৰাজ্যৰ ৰাজনীতিত তেনে বিশাল ভাৱমূৰ্তিৰ ৰাজনীতিক নাছিল, যাৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰি কোনো এটা দলে গুজৰাটৰ দৰে ধৰ্মনিৰ্ভৰ ৰাজনীতিৰ ৰাজ্যৰ ক্ষমতা দখল কৰিব পাৰে৷ পিছে অসম আৰক্ষীয়ে এটা  টুইটৰ বাবে গুজৰাটৰ পৰা জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰি আনি তেওঁক ৰাজ্যখনৰে নহয়,সামগ্ৰিকভাৱে দেশৰ অন্যতম চৰ্চিত ৰাজনৈতিক নেতাত পৰিণত কৰিলে৷ এই মুহূৰ্তত সামগ্ৰিকভাৱে দেশ আৰু বিশেষভাৱে গুজৰাটত জিগনেশ মেৱানী অসম আৰক্ষী আৰু অসম চৰকাৰৰ সৌজন্যত নায়কলৈ উন্নীত হৈছে৷ প্ৰশ্ন উঠিছে– গুজৰাটৰ নিৰ্বাচনলৈ কেইমাহমান বাকী থকা অৱস্থাত বিজেপি শাসিত অসম চৰকাৰে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ গৃহৰাজ্য গুজৰাটত বিজেপিক বিপদত পেলালে নেকি? পিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে, তেওঁ জিগনেশ মেৱানী নামৰ কোনো বিধায়কক নাজানে৷ কিয়নো দেশৰ হাজাৰজন বিধায়কৰ প্ৰত্যেককে জনাটো সম্ভৱ নহয়৷ মুখ্যমন্ত্ৰীৰ মতে আইন-শৃংখলাজনিত কাৰণত বিধায়কজনৰ বিৰুদ্ধে ৰুজু হোৱা নিৰ্দিষ্ট গোচৰৰ ভিত্তিত অসম আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে কৰা সেই বক্তব্য তেনেই স্বাভাৱিক যদিও বিজেপিৰ এটা সূত্ৰই জনোৱা অনুসৰি পোনপটীয়াকৈ বিজেপিৰ  কোনো শীৰ্ষ নেতাৰ নিৰ্দেশত অসম আৰক্ষীয়ে জিগনেশ মেৱানীক গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰি আনিছে৷ সূত্ৰটোৱে জনোৱা অনুসৰি জিগনেশ মেৱানীৰ ৰাজ্যৰ ৰাজনীতিত সিমান প্ৰভাৱ নাথাকিলেও তেওঁ বিজেপি শাসিত চৰকাৰখনক প্ৰতিটো কথাতে খোচা-বিন্ধা কৰি থাকে, ঠিক অসমত যিদৰে অখিল গগৈয়ে প্ৰত্যেকটো বিষয়তে প্ৰতিবাদ কৰি শাসনাধিষ্ঠিত চৰকাৰক ব্যতিব্যস্ত কৰি ৰাখে৷ নিৰ্বাচনৰ পূৰ্বে এনেদৰে শাসনাধিষ্ঠিত দলটোক অসুবিধাত পেলাই থাকিলে সেই ঘটনাসমূহে সামগ্ৰিকভাৱে নিৰ্বাচনত বিজেপিক অসুবিধাত পেলাব৷ সেয়ে তেওঁক অসমত ৰুজু হোৱা গোচৰৰ অধীনত গুজৰাটৰ পৰা দূৰৈত বন্দী কৰি ৰখাৰ নিৰ্দেশ দিয়াৰ পাছতে অসম আৰক্ষীয়ে মেৱানীক গুজৰাটৰ পৰা আনি কোকৰাঝাৰত বন্দী কৰি ৰাখিছে বুলি সূত্ৰটোৱে দাবী কৰে৷ ইপিনে পৰিকল্পনা অনুসৰিয়েই গুৱাহাটীৰ পৰিৱৰ্তে কোকৰাঝাৰত মেৱানীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল, যাতে শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত পৌৰ নিগমৰ নিৰ্বাচনৰ ক্ষেত্ৰত কোনো ব্যাঘাত নজন্মে আৰু ৰাজ্যবাসীৰ চকু দিনটো জুৰি যাতে কোকৰাঝাৰত নিবদ্ধ হয়৷  যিদৰে অসমৰ কৃষক নেতা অখিল গগৈক কা আন্দোলনৰ আলম লৈ  নিৰ্বাচন অতিক্ৰম হোৱালৈকে বিজেপি চৰকাৰে গ্ৰেপ্তাৰ কৰি ৰাখিছিল আৰু তাৰ জৰিয়তে অখিল গগৈৰ দৈনন্দিন আন্দোলন আৰু প্ৰতিবাদৰ পৰা ৰাজ্য চৰকাৰখন মুক্ত হৈ আছিল, ঠিক তেনেদৰেই জিগনেশ মেৱানীকো গ্ৰেপ্তাৰ কৰি গুজৰাটৰ পৰা দূৰলৈ আঁতৰাই অনা হৈছে৷ যাতে গুজৰাটত জিগনেশ মেৱানীয়ে নিজৰ দলিত ভাৱমূৰ্তি লৈ আন্দোলন ইত্যাদিৰ মাধ্যমেৰে অহা বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ ৰাজনৈতিক স্থিতি সবল কৰি তুলিব নোৱাৰে৷ 

পিছে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সেই পৰিকল্পনা প্ৰাথমিকভাৱে হিতে বিপৰীতহে হৈছে৷ কিয়নো অসম আৰক্ষীয়ে তেনেই সামান্য অপৰাধৰ বাবে বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰি অনাৰ পাছত সমগ্ৰ গুজৰাটত এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছে৷ বিজেপিৰ শীৰ্ষ নেতৃত্বই মেৱানীৰ গ্ৰেপ্তাৰ অসম আৰক্ষীৰ দ্বাৰা হোৱা বুলি আৰু সেই ক্ষেত্ৰত গুজৰাট চৰকাৰ তথা বিজেপিৰ কোনো উদ্দেশ্য নাই বুলি বুজাবলৈ চেষ্টা কৰিলেও সকলোৱে প্ৰকৃত উদ্দেশ্য ভালদৰেই বুজি পাইছে৷ গুজৰাটৰ  মিডিয়াত জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰক লৈ ব্যাপক চৰ্চা হৈছে৷ আনকি ৰাজধানী নতুন দিল্লীৰ পৰা প্ৰকাশিত সকলো আগশাৰীৰ সংবাদপত্ৰত মেৱানীৰ গ্ৰেপ্তাৰৰ খবৰ বহুলভাৱে প্ৰচাৰ হৈছে৷ ইয়াৰ ফলত সামগ্ৰিকভাৱে ভাৱমূৰ্তিত আঘাত পৰিছে বিজেপিৰ৷ কিয়নো জিগনেশ মেৱানীয়ে যিটো টুইট কৰিছিল তাত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গড্‌ছেৰ ভক্ত বুলি আপত্তিজনক মন্তব্য কৰিছিল৷ অৱশ্যে টুইটাৰ কৰ্তৃপক্ষই ততালিকে সেই টুইট মোহাৰি দিয়ে৷ একেটা টুইটতে তেওঁ ২০ এপ্ৰিলৰ পৰা গৃহৰাজ্য গুজৰাট ভ্ৰমণ কৰিবলগীয়া প্ৰধানমন্ত্ৰী মোদীক ৰাজ্যখনৰ কেইবাস্থানত সংঘটিত হৈ থকা সাম্প্ৰদায়িক হিংসা বন্ধ কৰি শান্তি ঘূৰাই আনিবলৈ আহ৩ান জনাইছিল৷ মেৱানীয়ে দ্বিতীয় এটা টুইটত আৰ এছ এছক দেশদ্ৰোহী বুলি অভিহিত কৰিছিল৷ তেওঁ কৈছিল– ‘নাগপুৰৰ সেই দেশদ্ৰোহীসকলে কেইবাদশক ধৰি জাতীয় পতাকা গ্ৰহণ কৰা নাছিল৷ সেই একে আৰ এছ এছৰ সদস্যই ভেৰাৱালৰ মছজিদৰ ওপৰত নৃত্য কৰি গেৰুৱা পতাকা উৰুৱাইছিল৷ দেশদ্ৰোহীৰো লাজ থাকিব লাগে৷’ ঘাইকৈ এই দ্বিতীয় টুইটে বিজেপি আৰু আৰ এছ এছক প্ৰচণ্ড আঘাত দিয়ে৷ সেই আঘাত হিন্দুত্ববাদী চৰকাৰৰ শাসনত শাসনাধিষ্ঠিত দলে সহজে গ্ৰহণ কৰাটো অবাস্তৱ কথা৷ তেনে পৰিস্থিতিত বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰৰ বাবে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ পৰা নিৰ্দেশ অহাটো অস্বাভাৱিক নহয়৷ উল্লেখ্য, মেৱানীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীক অসন্মান কৰা বুলি গোচৰটো তৰিছিল কোকৰাঝাৰৰ বিটিচিৰ এজন কাৰ্যবাহী সদস্য তথা বিজেপিৰ নেতা অৰূপ কুমাৰ দেই৷ সেই গোচৰৰ ওপৰত ভিত্তি কৰিয়েই জিগনেশ মেৱানীক কোকৰাঝাৰ আৰক্ষীয়ে গুজৰাটৰ বাণস্কন্থ জিলাৰ পালানপুৰ চাৰ্কিট হাউছৰ পৰা গ্ৰেপ্তাৰ কৰি আনে৷ বিধায়ক হোৱা সত্ত্বেও জিগনেশ মেৱানীক কোকৰাঝাৰ আৰক্ষীয়ে ২৪ ঘণ্টা ধৰি লকআপত ৰখাটোৱে আৰক্ষীৰ তেওঁৰ প্ৰতি মনোবৃত্তি কি সেয়া সকলোকে উপলব্ধি কৰিবলৈ বাধ্য কৰিছে৷ ইপিনে কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশে তেওঁক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে আপত্তি উত্থাপন কৰিছে কংগ্ৰেছ আৰু দেশৰ আন আন ৰাজনৈতিক দলে৷ কিয়নো জিগনেশ মেৱানীৰ যি অপৰাধ, সেয়া অসম আৰক্ষীৰ অধীনত ফৌজদাৰী গোচৰ হিচাপে আগবঢ়াই নিয়া হৈছে৷ তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ২৯৫ এ ধাৰা প্ৰয়োগ কৰিছে৷ সেই ধাৰা প্ৰয়োগ কৰা হয় প্ৰকৃততে ধৰ্মীয় অনুভূতিত আঘাত হনাৰ ফলত সৃষ্টি হোৱা সংঘৰ্ষ বা তেনে ঘটনাৰ অভিযুক্তৰ বিৰুদ্ধে৷ তাৎপৰ্যপূৰ্ণভাৱে অসম আৰক্ষীয়ে জিগনেশ মেৱানীৰ বিৰুদ্ধে গ্ৰহণ কৰা এই কঠোৰৰ পৰা কঠোৰতম স্থিতিয়ে বিধায়কজনক গুজৰাটত নায়কৰ শাৰীলৈ উন্নীত কৰিছে৷ অসম আৰক্ষীয়ে তেওঁক কিমানদিন বন্দী কৰি ৰাখিব সেয়া এতিয়াও অনিশ্চিত, কিন্তু জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰ গুজৰাটত চলিত বছৰৰ শেষত হ’বলগীয়া নিৰ্বাচনত অৱধাৰিতভাৱে জ্বলন্ত ইছ্যু হৈ পৰিব৷

গুজৰাটৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অনা গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক বিনাচৰ্তে মুক্ত কৰি দিয়াৰ দাবীত আজি তৃতীয় দিনৰ দিনাও প্ৰতিবাদ কাৰ্যসূচী অব্যাহত আছে৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত শনিবাৰে কংগ্ৰেছ দলৰ বিধায়ক ভৰত নৰহৰ লগতে ৱাজেদ আলী চৌধুৰীৰ উপৰি সদৌ ভাৰত যুৱ কংগ্ৰেছৰ সম্পাদক অজয় শিকাৰাসহ কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি যুৱ কংগ্ৰেছী নেতা শিকাৰাই সংবাদ মাধ্যমৰ আগত বিজেপিৰ সমালোচনা কৰি কয় যে বিজেপিৰ শাসনৰ দিনতে এনেদৰে জনপ্ৰতিনিধি এজনক জামিনবিহীন ধাৰাৰে গ্ৰেপ্তাৰ কৰি ৰখা দেখিবলৈ পোৱা গৈছে৷ উল্লেখযোগ্য যে এইবাৰ নিৰ্বাচনত জয়লাভ কৰা কঠিন হ’ব বুলি আশংকা কৰি এনেদৰে গুজৰাটৰ বিধায়কক গ্ৰেপ্তাৰ কৰি অনা হৈছে বুলি কয় যুৱ কংগ্ৰেছী নেতা শিকাৰাই৷ আনহাতে গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত কংগ্ৰেছ দলে শনিবাৰে তৃতীয় দিনলৈ অব্যাহত ৰখা প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত কংগ্ৰেছ দলৰ বিধায়ক ভৰত নৰহে অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত মেৱানীক সম্পূৰ্ণ ৰাজনৈতিক অভিসন্ধিৰে গ্ৰেপ্তাৰ কৰা হৈছে বুলি অভিযোগ কৰে৷ তেওঁ জিগনেশ মেৱানীক সাক্ষাৎ কৰিবলৈ নিদিয়াৰ অভিযোগ উত্থাপিত কৰি এনে ধৰণৰ কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু অসম আৰক্ষীৰ এনে নিকৃষ্ট কাণ্ডৰ বাবে আন ৰাজ্যৰ ওচৰত অসমৰ ভাৱমূৰ্তি নষ্ট হৈছে বুলিও মন্তব্য কৰে৷ আজি তৃতীয় দিনৰ বাবেও গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰাক লৈ উত্তাল হৈ আছে কোকৰাঝাৰ চহৰ৷ কোকৰাঝাৰ সদৰ থানাৰ সন্মুখত আজিও সন্মুখত জাতিৰ পিতা মহাত্মা গান্ধীৰ ছবি লৈ তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে কংগ্ৰেছৰ বিধায়ক যুৱ নেতা কৰ্মী সদস্যই৷

জিগনেশ মেৱানীক সাক্ষাৎ কৰাৰ লগতে মুক্তিৰ দাবীত কংগ্ৰেছৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতা কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সময়তে শনিবাৰে কোকৰাঝাৰত উপস্থিত হয় এআইইউডিএফৰ দুজনকৈ বিধায়ক৷ তেওঁলোক হ’ল আলগাপুৰৰ বিধায়ক কৰিমুউদ্দিন বৰভূঞা আৰু চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন৷ উল্লেখযোগ্য যে দুয়ো বিধায়ক কোকৰাঝাৰত উপস্থিত হৈ গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক সাক্ষাৎ কৰি খা-খবৰ লয়৷

গুজৰাটৰ বিধায়ক,দলিত নেতা জিগনেশ মেৱানীৰ তিনিদিনীয়া আৰক্ষীৰ জিম্মা দেওবাৰে সম্পূৰ্ণ হ’ব আৰু তেওঁক পুনৰ ন্যায়াধীশৰ সন্মুখত হাজিৰ কৰোৱা হ’ব৷ তেওঁক যথোচিত আইনী সাহায্য প্ৰদান কৰাৰ উদ্দেশ্যে দেওবাৰে পুৱাই গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ এজন জ্যেষ্ঠ অধিবক্তা,বিধায়ক দিগন্ত বৰ্মন,বিধায়ক যাদৱ স্বৰ্গীয়াৰী,বিধায়ক প্ৰদীপ সৰকাৰ আৰু বিধায়ক আব্দুল বাটিন খণ্ডকাৰৰ উপৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আইনী কোষৰ এটা দল লগত লৈ সভাপতি ভূপেন বৰা পুৱা ৬-০০ বজাত গুৱাহাটীৰ পৰা কোকৰাঝাৰ অভিমুখে ৰাওনা হ’ব৷ প্ৰথম দিনটোৰ পৰাই মেৱানীৰ সকলো ধৰণৰ দায়িত্ব অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে পালন কৰি আছে আৰু আইনী সাহায্যও অসম প্ৰদেশ কংগ্ৰেছৰ আইনী কোষে আগবঢ়াই আছে৷

ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ অসম ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাই গুজৰাটৰ বিধায়ক জিগনেশ মেৱানী দলিত সম্প্ৰদায়ৰ আৰু দলিতৰ স্বাৰ্থত সংগ্ৰাম কৰি অহা এক আপোচহীন প্ৰতিবাদী সত্ত্বা বুলি বৰ্ণনা কৰিছে৷ সম্প্ৰতি গুজৰাটত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ আৰু সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে আৰু ধৰ্মনিৰপেক্ষতা আৰু সংবিধান বিৰোধী কাম-কাজৰ তেওঁ তীব্ৰ সমালোচক বুলি মন্তব্য কৰিছে ভাৰতৰ কমিউনিষ্ট পাৰ্টি, অসম ৰাজ্য পৰিষদৰ সম্পাদক মুনীন মহন্তই৷