Logo
image

দিল্লীত সৰ্বানন্দৰ ঘৰত মোদীৰ ঢোলৰ চাপৰ দিছপুৰত প্ৰতিধবনি

আমাৰ অসম, ২৫ এপ্ৰিলঃ দিল্লীত প্ৰতিধবনিত হোৱা ঢোল আৰু পেঁপাৰ শব্দই ৰজনজনাই গৈছে দিছপুৰতো৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিল্লীস্থ ছফদৰজং ৰোডৰ ২৩ নম্বৰ চৰকাৰী বাসগৃহৰ ৰঙালী বিহু অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঢোলত চাপৰ দিয়া দৃশ্যই কেৱল ছ’চিয়েল মিডিয়াতে ট্ৰেণ্ডিং নহয়,দিছপুৰৰ বাহিৰে-ভিতৰে এই মুহূৰ্তলৈ প্ৰতিধবনিত হৈ আছে৷ অসমবাসীয়ে আগতীয়াকৈ কোনো উম-ঘাম নাপালেও,কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে পতা অসমীয়া বাপতিসাহোন ৰঙালী উৎসৱলৈ অতি গোপনীয়তা ৰক্ষা কৰি নিমন্ত্ৰণ জনোৱা হৈছিল ২০০তকৈ অধিক বিশেষ বিশেষ অতিথিক৷ সৰ্বানন্দ সোণোৱালৰ বিহুৰ অতিথিৰ তালিকাত কোন নাছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ পৰা আৰম্ভ কৰি অসমৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰালৈ কোন কোন ভিআইপি-ভিভিআইপি অতিথি নাছিল৷ প্ৰধানমন্ত্ৰী মোদীয়ে ঢোলত চাপৰ দিয়া, ম’হৰ শিঙৰ পেঁপা বজাই চমক দিয়া বিহু অনুষ্ঠানত বিহুৱা প্ৰসন্ন গগৈ হুঁচৰিৰ পৰা আৰম্ভ কৰি জনপ্ৰিয় শিল্পী প্ৰিয়ংকা ভৰালীৰ সংগীতানুষ্ঠান,অভিনেত্ৰী  তথা বিজেপি নেতা সীমান্ত শেখৰৰ পত্নী প্ৰীতি কংকনাৰ বিহু নৃত্যলৈকে কোনো যেন অনুষ্ঠান বাদপৰা নাছিল এই বিহু উৎসৱত৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১ ঘণ্টা ২২ মিনিট সময় বিহু উপভোগ কৰাৰ লগতে সোণোৱালৰ বাসগৃহত অসমীয়া পিঠা-পনাৰো জুতি লৈছিল৷ শনিবাৰে গুৱাহাটীৰ কলাক্ষেত্ৰত ১৯৭১ চনৰ বাংলাদেশ যুদ্ধৰ শ্বহীদ আৰু প্ৰাক্তন সেনা জোৱান তথা তেওঁলোকৰ পৰিয়ালক এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সম্বৰ্ধনা জনাইছিল অসম চৰকাৰে৷ অনুষ্ঠানৰ মধ্যমণি আছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷ পুৱাই দিল্লীৰ পৰা অহা ৰাজনাথ সিঙে অনুষ্ঠানটোৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰ্মক লৈ ভূয়সী প্ৰশংসাও কৰা দেখা গৈছিল৷ গুৱাহাটীত এই বিশাল অনুষ্ঠানত অংশ লৈ ততাতৈয়াকৈ দিল্লীলৈ উভতি গৈছিল প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং৷  এই কাৰ্যসূচীৰ সফল সমাপ্তিৰ পাছত মুখ্যমন্ত্ৰীয়ে পৰিষদবৰ্গক লৈ হৰিষবদনে নিজা নিজা কামত লাগিছিল৷ কিন্তু সেই সময়তে খবৰ আহিছিল দিল্লীত ঢোল বাজিছে,আৰু ভালকৈয়ে বাজিছে৷ সময় তেতিয়া শনিবাৰে বিয়লি দুই বাজি গৈছে৷ দিল্লীত সৰ্বানন্দ সোণোৱালৰ ২৩,ছফদৰজং ৰোডৰ বাসগৃহ ইতিমধ্যে এছপিজিয়ে আগুৰি ধৰিছে৷ সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে৷ ইতিমধ্যে দুই-এজন কেন্দ্ৰীয় মন্ত্ৰী আহি উপস্থিত হৈছেহি৷ ঢোল,বিহুগীতেৰে ৰজনজনাই উঠিছে ছফদৰজং ৰোডৰ সোণোৱালৰ বাসগৃহৰ চৌহদ৷ কিন্তু ইয়াৰ পাছতো বহু চমক আছিল বাকী৷ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান,অনুৰাগ ঠাকুৰ, নৰেন্দ্ৰ সিং টোমৰ,মিনাক্ষী লেখি,পীয়ূষ গোৱেল আদিও আহি উপস্থিত৷ আহিল ৰাজ্যসভাৰ ডেপুটী চেয়াৰমেন হৰিবংশ নাৰায়ণ সিং আৰু অসমৰ ৰামেশ্বৰ তেলী৷ পাঁচখন দেশৰ ৰাষ্ট্ৰদূতৰ লগতে বিজেপি নেতা বৈজয়ন্ত পাণ্ডা আৰু সাংসদ মেৰী কমো আহি আসন লৈছিলহি৷ আনকি লৰালৰিকৈ অসমৰ পৰা উভতি পোনে পোনে সোণোৱালৰ বাসগৃহত উপস্থিত হ’লগৈ ৰাজনাথ সিঙো৷ ৭ বাজি ৫০ মিনিটত সোণোৱালৰ পদূলিত হাজিৰ হ’ল প্ৰধানমন্ত্ৰীৰ দীৰ্ঘ কনভয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাস্যবদনে নামিল গাড়ীৰ পৰা৷ গৃহস্থ সোণোৱালে কৰযোৰে আদৰণি জনালে প্ৰধানমন্ত্ৰীক৷ সেই যি আসন গ্ৰহণ কৰিলে মোদীয়ে,সোণোৱালৰ ঘৰৰ চৌহদৰ অস্থায়ী মঞ্চত অনুষ্ঠিত বিহুগীত,বিহুনাচ চাই আনন্দেৰে মূৰ জোকাৰি প্ৰায় ১ ঘণ্টা ২২ মিনিট পাৰ কৰি দিলে প্ৰধানমন্ত্ৰীজনে৷ এটা সময়ত গৃহস্থ সোণোৱালে প্ৰধানমন্ত্ৰীক মঞ্চলৈ আদৰণি জনালে৷ বিহুৰ বতৰত মোদী উঠিল মঞ্চত৷ বিহুত ঢোল-পেঁপা নবজাই জানো থাকিব পাৰে? সোণোৱালে আগবঢ়াই দিলে ঢোল৷ আগবঢ়াই দিলে ম’হৰ শিঙৰ পেঁপাও৷ প্ৰধানমন্ত্ৰী মোদীয়ে স্বভাৱসিদ্ধ ভংগীৰে দিলে ঢোলত চেও,পেঁপাত ফুঁ৷ মিডিয়া বা সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ বাবে নিষেধ হ’লেও,দিল্লী দূৰদৰ্শনৰ জৰিয়তে এই দৃশ্য দেশজুৰি প্ৰচাৰিত হ’ল৷ খলকনি লাগিল অসমতো,দিছপুৰতো৷ এজন কেন্দ্ৰীয় মন্ত্ৰীৰ ঘৰত প্ৰায় ডেৰ ঘণ্টা প্ৰধানমন্ত্ৰীৰ অলস উৎসৱ উদ্‌যাপন স্বাভাৱিকতেই বিৰল ঘটনা৷ আনকি প্ৰধানমন্ত্ৰীয়ে সোণোৱালৰ বাসগৃহত অংশ লৈ টুইটাৰযোগে অসমৰ সমৃদ্ধ সংস্কৃতিক লৈ ভাৰতে গৌৰৱ কৰে বুলিও টুইট কৰিলে৷ অৱশ্যে সোণোৱালৰ এই বিহুক লৈ দিছপুৰৰ কোনো কোনোৱে আকৌ ৰাজনীতিৰ গোন্ধহে পাইছে৷ ইয়াৰ অন্যতম কাৰণ হৈছে– এই গোটেই অনুষ্ঠানটো সন্দৰ্ভত আমন্ত্ৰিতসকলক অতি গোপনীয়তা ৰাখিবলৈ কোৱা হৈছিল৷ ২০১জন বিশেষ অতিথিৰ ভিতৰত অসমৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ বাদে আন উপস্থিত নাছিল৷ অৱশ্যে বিমল বৰাক শনিবাৰে পুৱাহে জৰুৰীভাৱে দিল্লীলৈ মাতি পঠাইছিল মন্ত্ৰী সোণোৱালৰ ঘনিষ্ঠই৷ ইপিনে অতিথিসকলৰ ভিতৰত সৰ্বানন্দৰ ঘনিষ্ঠ লক্ষ্য কোঁৱৰ,মমিনুল আলম,প্ৰকাশ কাশ্যপ,ঋতুপৰ্ণ কোঁৱৰ আদিকহে অনুষ্ঠানত দেখা গ’ল৷ উপস্থিত আছিল অসম চৰকাৰৰ চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ তথা গায়ক সীমান্ত শেখৰ৷ আশ্চৰ্যজনকভাৱে সৰ্বানন্দ সোণোৱালৰ ঘৰত প্ৰধানমন্ত্ৰীৰ এই ব্যতিক্ৰমী কাৰ্যসূচীৰ খবৰো নাছিল দিছপুৰত৷ অৱশ্যে বিহু আহিল আৰু বিহু গ’ল যদিও দিল্লীৰ এই বিহু অনুষ্ঠানক লৈ দিছপুৰ দুটা শিবিৰত ইতিমধ্যে ভাগ হৈ গ’ল নেকি বুলিও এতিয়া সৰ্বত্ৰ প্ৰশ্ন উঠিছে৷ নহ’লে জানো এই বিহুক লৈ ইমান গোপনীয়তা থাকে? বিহু অনুষ্ঠানৰ নামত ইমান আঁৰ-বেৰৰ জানো প্ৰয়োজনীয়তা আছে? দিছপুৰৰ অন্দৰ মহলত এতিয়া ইয়াৰে ভীষণ চৰ্চা!

আমন্ত্ৰিত অতিথিৰ তালিকা

মুকুন্দকাম শৰ্মা,ভাৰতী শৰ্মা,এম চি মেৰী কম,লক্ষ্য কোঁৱৰ,ড॰ কাশ্যপ প্ৰকাশ,অভিজিৎ ভট্টাচাৰ্য,ড॰ এন এম ডেকা,ড॰ দীপিকা ডেকা,ভূষণ কুমাৰ,ড॰ ভৱদেৱ দাস,ড॰ টংকেশ্বৰ বৰা, পি কে গোস্বামী,ভূপেন্দ্ৰ শৰ্মা,পঞ্চী মহন্ত,যুগল কিশোৰ মহন্ত,ড॰ ধ্ৰুপদ দত্ত,ৰুবী দত্ত, বিনয়ব্ৰত শৰ্মা,ড॰ ৰীণা শৰ্মা,নবীনা স্বপ্নভ,কৃদয় বৰা,নিৱেদিতা হাজৰিকা মাধৱ,সৃষ্টিদিতা মাধৱ, কৰ্তব্যকিশোৰ মাধৱ,প্ৰাৰ্থনা বৰা,দীপেন বৰুৱা,দেৱজিৎ দাস,মনোৰঞ্জন দলে,পুতুল শইকীয়া, ইজাজ হুছেইন,ৰক্তিম দাস,গৌৰৱ চৌধুৰী,সন্দীপ ফুকন,অচিন্ত্য বৰা,মানস গোহাঁই,সঞ্জীৱ বৰুৱা,আশিস গুপ্তা,মানস বংগোপাধ্যায়,প্ৰাঞ্জল দাস,মনীষ শুক্লা,সাৰস্বত গোস্বামী,সিদ্ধাৰ্থ ভট্টাচাৰ্য,অমিত বৰুৱা,ৰিমা শৰ্মা,গৌতম ভট্টাচাৰ্য,মানস নেওগ কলিতা,দিব্যজ্যোতি দত্ত, অঞ্জলি বৰুৱা,শান্তনু নন্দন শৰ্মা,প্ৰিয়লতা লহকৰ,বিপাশা লহকৰ,অৰ্চিতা দেৱী ভট্টাচাৰ্য, স্বপ্নালী গগৈ,মিতালী গোহাঁই,দেৱজ মহৰ্ষি,দিবাকৰ,নিৰঞ্জন শইকীয়া,বিনয় কুমাৰ,উমাকান্ত লাখেৰা,সুনীতা চৌধুৰী,অৰুণাভ গগৈ,মন্দাকিনী মহন্ত,উমেশ পাণ্ডে,ৰাজীৱ চক্ৰৱৰ্তী, সুশান্তজিৎ মাধৱ,দিব্য,নন্দিতা গগৈ মাধৱ,কস্তুৰী বুঢ়াগোহাঁই,ভৈৰৱী ভৰালী,ধ্ৰুৱজিৎ ভৰালী, শিৱাশিস ভৰালী,ৰাজ বৰুৱা,পল্লৱী বুঢ়াগোহাঁই,ঈশাণ বৰুৱা,অজয় কুমাৰ ভাল্লা,এম চি জোহৰি,অজয় তিৱাৰী,ৰবি কাপুৰ আৰু এজন,এল ছুইটী চাংচন,পংকজপ্ৰতিম বৰদলৈ,জে বালাজী,এম অংগমুথু,পি অশোকবাবু,সঞ্জয় লোহিয়া,বিনোদ ছেছান,কে কে নাথ,দীপক কেডিয়া,ৰঞ্জনা দেৱ শৰ্মা,তপন ডেকা,ড॰ অলকা মিট্টাল,ড॰ দেৱৰ্ষি শৰ্মা,সোণমণি বৰা,ড॰ সুশীল জৈন,দীপশিখা বৰতামুলী,মিতালী নাৰায়ণী,অনন্যা বৰুৱা,সঞ্জীৱ বৈশ্য,সুৰশ্ৰী শৰ্মা, জুলি দেউৰী,চিৰঞ্জিৎ সোণোৱাল,আনমোল সিংঘাল,এ মাগেজবাবু,সৌৰভ দে’,শ্বাইলিনী তিৱাৰী,এ এন তিৱাৰী,দীপ্তি দাৱাৰ,ড॰ সঞ্জীৱ ৰঞ্জন,বিক্ৰম সিং,সুনীল কুমাৰ সিং,এইচ এন অশ্বথ,সঞ্জয় বংগোপাধ্যায়,জয়ন্ত সিং,মোহিত কুমাৰ,বিনোদ ডুবে,চিত্ৰলেখা এ বৰা,প্ৰফুল্ল ভৰদ্বাজ,সুশীল কুমাৰ আগৰৱাল,কৰ্নেল অমৃক সিং,নিশা,আয়ুষ,আৰাধ্য,সুমন,হেপী বৰুৱা, চিমি বৰুৱা,নিৰেন ডেকা আৰু এজন,অমিত দাস,হিৰণ্য দাস,অনুস্মিতা দাস,এম পি বেজবৰুৱা,নয়নতৰা দলে,পীয়ূষ কুমাৰ চক্ৰৱৰ্তী,প্ৰসেনজিৎ মজুমদাৰ,চয়ন গগৈ,পৰশৰাম গৌতম,কিশোৰ বৰা,উজ্জ্বল ফুকন,নিৰঞ্জন শইকীয়া,সঞ্জয় জৈন,বিকুল ডেকা,মমিনুল আৱাল,কামাখ্যা শইকীয়া,সুৰজিৎ সিন্‌হা,তানিস্থা ভট্টাচাৰ্য,অলকা পাটোৱাৰী,ছেলখা গুপ্তা, ৰুমু গগৈ,ঋতুপৰ্ণ বৰুৱা আৰু এজন,বিমল বৰা [কেবিনেট মন্ত্ৰী,অসম চৰকাৰ],শিৱাংগী শৰ্মা, কস্তুৰী বুঢ়াগোহাঁই,বৰষা ফুকন,ধৰিত্ৰী নাৰ্জাৰী আৰু এজন,ড॰ পল্লৱী বৰুৱাযৰক্তিম শইকীয়া, অবিনাশ আৰ্য,ৰাজীৱ চন্দ্ৰ যোশী,ৰণদীপ কুমাৰ দাম,বেণু মুছাহাৰী,ৰাজীৱ কুমাৰ ডেকা, ধ্ৰুৱজ্যোতি নাথ,আফৰিন হুছেইন,আভা লোহিয়া,ৰাজেশ গোৱালা,বিনোদ কলিতা,শুক্লেশ তেৰণ,ৰাজীৱ কুমাৰ দাস,ৰাজেশ কোতেছা,প্ৰমোদ কুমাৰ পাঠক,ছেনথিল পাণ্ডিয়া,কবিতা গাৰ্গ,মনোজ নেছাৰি,অধ্যাপক তনুজা মনোজ নেছাৰি,ময়ূখ হাজৰিকা,গুৰপ্ৰীত সিং,ড॰ নীলমণি শৰ্মা,বিজয় বাৰিক,প্ৰভাকৰ প্ৰজাপতি,মীনা ভাইনছোৰা,আশিস ভাৱে,তৰুণ কুমাৰ,বিক্ৰান্ত,যোগেশ,সঞ্জয় জৈন,অভিজিৎ,প্ৰিয়ে,ভানু,মহেশ,হিতেশ,অপূৰ্ব সিং,ভি বালাজী৷