Logo
image

প্ৰিয়ংকা গান্ধীৰ পৰা ২ কোটি টকাত পেইণ্টিং কিনিবলৈ বাধ্য কৰোৱা হৈছিল

য়েছ বেংক কেলেংকাৰিঃ ‘ই ডি’ৰ জেৰাত ৰাণা কাপুৰৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি 

‘পদ্ম ভূষণ’ প্ৰদানৰো প্ৰলোভন দিছিল ৰাণা কাপুৰক

আমাৰ অসম, ২৫ এপ্ৰিলঃ বহুচৰ্চিত য়েছ বেংক কেলেংকাৰিৰ তদন্ত চলাই থকা তদন্তকাৰী সংস্থা ‘এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট’ চমুকৈ ‘ই ডি’য়ে কৰা মাৰাথন জেৰাত বেংকটোৰ সহকাৰী প্ৰতিষ্ঠাপক ৰাণা কাপুৰে কৰিছে চাঞ্চল্যকৰ স্বীকাৰোক্তি৷ ৰাণা কাপুৰে ‘ই ডি’ৰ জেৰাত স্বীকাৰ কৰে যে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ পৰা এম এফ হুছেইনৰ পেইণ্টিং ২ কোটি টকাত কিনিবলৈ তেওঁক বাধ্য কৰোৱা হৈছিল৷ উক্ত পেইণ্টিং বিক্ৰী কৰি পোৱা ধনেৰে আমেৰিকাৰ নিউয়ৰ্কত কংগ্ৰেছৰ তেতিয়াৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ চিকিৎসা চলিছিল৷ ৰাণা কাপুৰৰ এই স্বীকাৰোক্তিৰ পাছতে বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে৷ ৰাণা কাপুৰে স্বীকাৰ কৰে যে প্ৰাক্তন কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী মুৰলী দেওৰাই তেওঁক সকলোধৰণে হেঁচা দি বাধ্য কৰিছিল প্ৰিয়ংকা গান্ধী ৱদ্ৰাৰ পৰা বিতৰ্কিত চিত্ৰশিল্পী এম এফ হুছেইনৰ পেইণ্টিংখন কিনিবলৈ৷ যদিহে এই পেইণ্টিংখন দুই কোটি টকাত ক্ৰয় কৰা নহয়,তেন্তে গান্ধী পৰিয়ালৰ সৈতে সম্বন্ধ ৰক্ষা কৰাত সমস্যাতো হ’বই,আনকি ‘পদ্ম ভূষণ’সন্মানো নাপাব বুলিও সকীয়াই দিছিল৷ গতিকে এই হেঁচাৰ বাবেই বেংকৰ ধন ব্যয় কৰি প্ৰিয়ংকা গান্ধীৰ পৰা এম এফ হুছেইনৰ পেইণ্টিংখন ক্ৰয় কৰিবলৈ বাধ্য হৈছিল ৰাণা কাপুৰ৷ পাছত মুৰলী দেওৰাই তেওঁক জানিবলৈ দিছিল যে উক্ত পেইণ্টিং বিক্ৰী কৰি পোৱা ধনখিনি ছোনিয়া গান্ধীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হৈছিল৷ আনকি ছোনিয়া গান্ধীৰ অতি ঘনিষ্ঠ আহমেদ পেটেলেও [প্ৰয়াত] ৰাণা কাপুৰক কৈছিল যে ছোনিয়া গান্ধীৰ চিকিৎসাৰ বাবে কৰা এইখিনি সহায়ৰ বাবদ তেওঁৰ নাম ‘পদ্ম ভূষণ’ৰ বাবে বিবেচনা কৰা হ’ব৷   উল্লেখ্য,দুৰ্নীতি-ধন আত্মসাৎ আদি গোচৰত য়েছ বেংকৰ সহঃ প্ৰতিষ্ঠাপক ৰাণা কাপুৰ, তেওঁৰ পৰিয়ালৰ লোক,দেৱান হাইছিং ফাইনেঞ্চ লিমিটেডৰ প্ৰম’টাৰ কপিল আৰু ধীৰাজ বধাৱন আৰু আন আন লোকৰ বিৰুদ্ধে দিল্লীৰ এখন বিশেষ আদালতত ‘ই ডি’য়ে তৃতীয়খন অভিযোগনামা দাখিল কৰে৷