Logo
image

মোদীৰ হাতত তুলি দিলে মাতৃয়ে দিয়া ৰুদ্ৰাক্ষৰ মালা

প্ৰধানমন্ত্ৰীক সাক্ষাৎ অনুপম খেৰৰ

আমাৰ অসম, ২৫ এপ্ৰিলঃ অভিনেতা অনুপম খেৰ অভিনীত ‘মিছন কাশ্মীৰ’ৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এইবাৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে অনুপম খেৰে৷ সাক্ষাৎকালত মোদীৰ হাতত তেওঁ তুলি দিলে মাতৃয়ে বনোৱা ৰুদ্ৰাক্ষৰ মালা৷ নিজৰ টুইটাৰত এই সাক্ষাতৰ ফটো শ্বেয়াৰ কৰিছে বৰ্ষীয়ান অভিনেতাজনে৷ এটা প’ষ্টত অনুপম খেৰে লিখিছে যে মোদীজী,আজি আপোনাক সাক্ষাৎ কৰি মন প্ৰসন্ন হ’ল৷ আপুনি দেশবাসীৰ কাৰণে বহুত পৰিশ্ৰম কৰিছে,যি আমাক অনুপ্ৰেৰণা যোগায়৷ আপোনাৰ সুৰক্ষাৰ কাৰণে মোৰ মাতৃয়ে পঠোৱা ৰুদ্ৰাক্ষৰ মালা আপুনি শ্ৰদ্ধাসহকাৰে গ্ৰহণ কৰিলে৷ এই কথা চিৰকাল মনত থাকিব৷ জয় হিন্দ৷ আনহাতে অনুপম খেৰৰ টুইটাৰৰ জবাব দিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ তেওঁ লিখিছে– বহুত বহুত ধন্যবাদ অনুপম খেৰজী৷ এয়া কেৱল শ্ৰদ্ধেয় মাতাজী আৰু দেশবাসীৰ আশীৰ্বাদ,যি আমাক দেশমাতৃক সেৱা কৰাৰ অনুপ্ৰেৰণা যোগায়৷ উল্লেখ্য ‘মিছন কাশ্মীৰ’ত কাশ্মিৰী পণ্ডিতৰ ভূমিকাত অভিনয় কৰিছিল অনুপম খেৰে৷ ছবিখন মুক্তিৰ পাছতে খুব প্ৰশংসা কৰে মোদীয়ে৷