Logo
image

সামৰিক ব্যয়ত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত ভাৰত

আমাৰ অসম,২৬ এপ্ৰিলঃ প্ৰতিৰক্ষাৰ ব্যয়ৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰিছে ভাৰতে৷ সম্প্ৰতি ইউক্ৰেইনৰ বিৰুদ্ধে ভয়ংকৰ যুদ্ধত অৱতীৰ্ণ হোৱা ৰাছিয়াৰ দৰে ছুপাৰপাৱাৰকো অতিক্ৰম কৰি সামৰিক ক্ষেত্ৰত ভাৰতৰ বিশাল ব্যয়ে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ সামৰিক ব্যয়ৰ ক্ষেত্ৰত ভাৰততকৈ ওপৰত আছে মাথোঁ দুখন দেশ,অৱশ্যে দুয়োখন ৰাষ্ট্ৰই ছুপাৰপাৱাৰ৷ প্ৰতিৰক্ষা ব্যয়ৰ শীৰ্ষস্থান দীৰ্ঘদিনৰ পৰা অব্যাহত ৰখা আমেৰিকা এইবাৰো সেই দিশত শীৰ্ষস্থানতে আছে৷ দ্বিতীয় স্থানত আছে এছিয়াৰ ছুপাৰপাৱাৰ চীন৷ তাৎপৰ্যপূৰ্ণভাৱে ভাৰতে এবছৰ পূৰ্বেই প্ৰতিৰক্ষা ব্যয়ৰ ক্ষেত্ৰত ৰাছিয়াক স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল৷ এইবাৰ ভাৰতে ৰাছিয়াক অতিক্ৰম কৰি বিশ্বৰ তৃতীয় স্থান দখল কৰে৷ ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰত ৰাছিয়াই যুদ্ধৰ পৰিকল্পনা আগতীয়াকৈ গ্ৰহণ কৰিছিল যদিও প্ৰতিৰক্ষা ব্যয় দেশখনে বৃদ্ধি কৰা নাছিল৷ মূলতঃ ক’ভিডৰ বাবে সৃষ্টি হোৱা অতিমাৰীৰ পৰিস্থিতিত স্বাস্থ্যখণ্ডত অধিক ধন আৱণ্টন কৰিবলগীয়া হোৱাৰ বাবেই যুদ্ধলৈ সাজু হৈ থকা ৰাছিয়াই প্ৰতিৰক্ষা ব্যয় কৰ্তন কৰিবলগীয়া হৈছিল৷ ইপিনে একে ক’ভিড অতিমাৰীৰ পৰিস্থিতিতো ভাৰতে প্ৰতিৰক্ষা ব্যয় হ্ৰাস কৰাৰ পৰিৱৰ্তে বৃদ্ধিহে কৰিছে৷ ছুইডেনৰ প্ৰতিৰক্ষা সমীক্ষা সংস্থা ‘ষ্টকহ’ম ইণ্টাৰনেশ্বনেল পিচ ৰিছাৰ্ছ ইনষ্টিটিউটে’ [এছআইপিআৰআই]প্ৰকাশ কৰা অনুসৰি ২০২১ চনত ভাৰতে প্ৰতিৰক্ষাৰ ব্যয় বৃদ্ধি কৰি বিশ্বৰ তৃতীয় স্থানত উপনীত হৈছে৷ ভাৰতৰ দৰে সৰ্বদিশতে নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ তথা দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ৮০ কোটি নাগৰিকে অন্ন,বস্ত্ৰ,বাসস্থানৰ বাবে সংগ্ৰাম কৰি থাকিবলগীয়া হ’লেও দেশখনে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰি ব্যয় ক্ৰমাৎ বৃদ্ধি কৰি গৈছে৷ ২০২১ চনত ভাৰতে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ব্যয় কৰিছে ৫ লাখ ৭৭ হাজাৰ ২৫৮ কোটি টকা৷ যি সময়ত ভাৰতত ক’ভিডৰ মহামাৰীত চিকিৎসা আৰু অক্সিজেন নাপাই হাজাৰ হাজাৰ আক্ৰান্তই অসহায়ভাৱে মৃত্যুক সাৱটি লৈছিল,যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিডৰ চিকিৎসাৰ বাবে দেশৰ জনতাৰ পৰা দান-বৰঙণি তুলিছিল সেই সময়ত এনে এখন দেশে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ইমান বিশাল ব্যয় কৰাটো আশ্বৰ্যজনক বুলি অভিহিত কৰিছে বিশ্বৰ আগশাৰীৰ প্ৰতিৰক্ষা বিশেষজ্ঞই৷ কিয়নো ভাৰতীয় উপমহাদেশত ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ কোনো মুকলি ভাবুকি নাই৷ শক্তিশালী চীন আৰু সততে ফোকাৰ দি থকা পাকিস্তানৰ বাহিৰে ভাৰতৰ প্ৰতিবেশী প্ৰত্যেকখন দেশেই সামৰিক দিশত তেনেই শক্তিহীন৷ চীন আৰু পাকিস্তানৰ পৰাও সহজে যুদ্ধৰ আশংকা নাই৷ ৰাজনৈতিক কাৰণত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ পৰিৱেশ সূচনা কৰিলেও কোনো এখন দেশেই প্ৰকৃত যুদ্ধৰ বাবে ইচ্ছুক নহয়৷ নিৰ্বাচনৰ আগে-পিছে বিজেপি চৰকাৰে সৃষ্টি কৰা সেই যুদ্ধৰ পৰিৱেশ আক্ষৰিক অৰ্থতেই ‘প্ৰক্সি ৱাৰ’৷ এনে পৰিস্থিতিত ভাৰতে কিয় সামৰিক ব্যয় বৃদ্ধি কৰিছে সেই লৈ অৱধাৰিতভাৱে প্ৰশ্ন উত্থাপিত হৈছে৷ স্বাস্থ্য,শিক্ষা আৰু খাদ্যৰ দৰে মৌলিক প্ৰয়োজনৰ দিশত ভাৰতৰ দৰে এখন উন্নয়নশীল দেশে অধিক গুৰুত্ব আৰোপ কৰা উচিত বুলি আগশাৰীৰ সামৰিক বিশেষজ্ঞই মত প্ৰকাশ কৰে৷