Logo
image

প্ৰশান্ত কিশোৰৰ প্ৰত্যাখ্যান

‘মোক নহয়, সবল নেতৃত্বৰহে প্ৰয়োজন কংগ্ৰেছক’

আমাৰ অসম,২৭ এপ্ৰিলঃ কংগ্ৰেছ দলত যোগদান কৰাৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে দেশৰ ৰাজনীতিৰ চাণক্য বা নিৰ্বাচনী ৰণকৌশলী প্ৰশান্ত কিশোৰে৷ মঙলবাৰে প্ৰশান্ত কিশোৰে টুইট কৰি কেইবাদিনো জল্পনা-কল্পনা চলি থকা বিষয়টো স্পষ্ট কৰি দিয়ে৷ টুইটত তেওঁ কয়– ‘কংগ্ৰেছত যোগদান আৰু ভোটৰ দায়িত্ব গ্ৰহণৰ আহ্বান মই প্ৰত্যাখ্যান কৰিলো৷ মোৰ বিনীত মতামত,গঠনমূলক সংস্কাৰৰ মাধ্যমেৰে অন্তৰ্নিহিত ভিত্তিগত সমস্যাৰ সমাধানৰ বাবে মোতকৈও দলটোৰ অধিক প্ৰয়োজন দৃঢ় নেতৃত্ব আৰু সন্মিলিত সদিচ্ছাৰ৷’প্ৰসংগতঃ উল্লেখযোগ্য,কংগ্ৰেছৰ অন্তৰ্ৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে পিকে অৰ্থাৎ প্ৰশান্ত কিশোৰক দলটোত যোগদান কৰিবলৈ অনুৰোধ জনোৱা বুলি ৰণদ্বীপ সিং সূৰজেৱালাই টুইটত প্ৰকাশ কৰিছে৷ পিকেই ছোনিয়া গান্ধীৰ অনুৰোধৰ প্ৰতি পোনপটীয়া সঁহাৰি জনোৱাৰ পৰিৱৰ্তে ভাবি চিন্তি উত্তৰ দিব বুলি কৈছিল৷ পিকেৰ সংস্থা আই-পেকৰ এজন সদস্যৰ মতে পিকেই প্ৰথমৰ পৰাই দলত যোগদানৰ প্ৰতি ইচ্ছুক নাছিল৷ তেওঁ বৰং পৰামৰ্শদাতা হিচাপে কংগ্ৰেছৰ হৈ কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল৷ তেওঁৰ অনুঘটকৰ ভূমিকা পচন্দ কৰিছিল,যাতে সকলো বিৰোধী দলক বিজেপিৰ বিৰুদ্ধে একগোট কৰিব পাৰে৷ তদুপৰি পিকেই সদায় স্বাধীনভাৱে কাম কৰাৰ পক্ষপাতী৷ তেওঁ পেছাদাৰ,ৰাজনীতিক নহয়৷ ৰাজনীতিক কলা-কৌশল তেওঁ জানিলেও সেয়া যোগ্যজনৰ দ্বাৰা প্ৰয়োগ কৰোৱাতহে সিদ্ধহস্ত,নিজে সম্পাদন কৰাত নহয়৷ কিয়নো এসময়ত পিকেই নিতীশ কুমাৰৰ জেডি [ইউ]দলত যোগদান কৰিছিল যদিও উপ-সভাপতিৰ পদ লাভ কৰিও তেওঁ ৰাজনীতিত সফল নহ’ল৷ সেই সকলো পৰিস্থিতি চিন্তা কৰিয়েই তেওঁ কংগ্ৰেছৰ প্ৰস্তাৱ  প্ৰত্যাখ্যান কৰে৷ কিয়নো মুকলিভাৱে কাম কৰি তেওঁ বিগত সময়ত মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ আৰু তামিলনাডুত ডি এম কে তথা অন্ধপ্ৰদেশত ৱাই এছ আৰ কংগ্ৰেছক বিপুল ভোটত বিজয়ী হোৱাত সহায় কৰিবলৈ সমৰ্থ হৈছে৷ পিকেই কংগ্ৰেছতো একেই ভূমিকা বিচাৰে৷