Logo
image

বিলীন হৈ গ’ল তৰুণ গগৈ

আমাৰ অসম, ২৬ নৱেম্বৰঃ বিদায় হে ‘চিৰ তৰুণ’৷ সহস্ৰজনৰ চকুলোৰ মাজত মহাশূন্যত বিলীন হ’ল ৰাজ্যৰ বিশিষ্ট ৰাজনীতিবিদ, জনপ্ৰিয়, মানৱদৰদী নেতা, ধাৰাবাহিকভাৱে তিনিটা কাৰ্যকালৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ৷ বৃহস্পতিবাৰে বিয়লি ৩.২২ বজাত গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ পুত্ৰ গৌৰব গগৈয়ে মুখাগ্নি কৰে৷ লগে লগে ৰাজ্যৰ ৰাজনীতিত সুদীৰ্ঘ ৫০ বছৰ দপদপাই থকা এক মানৱদৰদী ৰাজনৈতিক ব্যক্তিত্বৰ পাৰ্থিব শৰীৰ চিৰদিনৰ বাবে ইতিহাস হৈ পৰিল৷ ৰাজ্যবাসীয়ে আৰু শুনিবলৈ নাপাব ‘বাদ দিয়া হে’, ‘মিছা ক’লে কি ডাল হ’ব’ৰ দৰে বিখ্যাত ৰাজনৈতিক সংলাপ, দেখা নাপাব এখন হাঁহিমুখীয়া সতেজ ‘অলৱেইজ পজিটিভ’ মুখৰ ছবি৷ তিতাবৰলৈ এবাৰ যোৱা তথা সমগ্ৰ ৰাজ্যখন এবাৰ ভ্ৰমণ কৰাৰ অপূৰ্ণ সপোন লৈয়ে চিৰ তৰুণ গগৈৰ নশ্বৰ দেহ চিৰদিনৰ বাবে পঞ্চভূতত বিলীন হৈ গ’ল৷ পুত্ৰ গৌৰব গগৈয়ে মুখাগ্নি কৰাৰ দৃশ্য প্ৰয়াত নেতাগৰাকীৰ পত্নী ডলী গগৈয়ে অশ্ৰুসিক্ত নয়নেৰে থৰ লাগি চাই ৰল৷ মাতৃ ডলী গগৈক সংগ দিয়ে তেওঁৰ কন্যা চন্দ্ৰিমা গগৈৰ লগতে পৰিয়ালৰ লোকে৷ প্ৰয়াত জননেতাগৰাকীৰ অসংখ্য গুণমুগ্ধই চকুৰ লোতকেৰে শেষ শ্ৰদ্ধাঞ্জলি জনায়৷ অসম আৰক্ষীৰ চতুৰ্থ বেটেলেয়নৰ ১৮ জন জোৱানে ৫৪ জাঁই গুলী ফুটাই  গান ছেল্যুটেৰে প্ৰিয় নেতাজনক ৰাষ্ট্ৰীয় সন্মানেৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইয়াৰ পূৰ্বে বিকূলৰ ধবনিৰ মাজত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ শিক্ষা, স্বাস্থ্য, বিত্ত, লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কৃষিমন্ত্ৰী অতুল বৰা, জলসম্পদমন্ত্ৰী কেশৱ মহন্ত, যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰী, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ তপন গগৈ, প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ লগতে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই চৰকাৰী পক্ষৰ তৰফৰ পৰা ফুলৰ মালাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ চৰকাৰী পক্ষৰ শ্ৰদ্ধাঞ্জলি সম্পূৰ্ণ হোৱাৰ পিছতে প্ৰয়াত নেতাজনৰ পত্নী ডলী গগৈ, পুত্ৰ গৌৰব গগৈ, প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, উপ-সভাপতি তথা সাংসদ প্ৰদ্যুৎ বৰদলৈ আদি নেতাসকলেও বিকূলৰ ধবনিৰ মাজত হোৱা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত ভাগ লয়৷ উল্লেখ্য যে মন্দিৰ-মছজিদ, গিৰ্জা, নামঘৰ পৰিভ্ৰমণ কৰোৱাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহৰ শোভাযাত্ৰা বৃহস্পতিবাৰে দিনৰ প্ৰায় দুই বজাত গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত উপস্থিত হয়৷ পূৰ্বৰ পৰাই নৱগ্ৰহ শ্মশানত তিনি নং ভি আই পি চিতা তৰুণ গগৈৰ বাবে সাজু কৰি ৰাখিছিল শ্মশানবন্ধু হীৰামন চৌধুৰীয়ে৷ তিতাবৰৰ পৰা অহা দেওধাই বাইলুং, মুলুং পণ্ডিতৰ মন্ত্ৰোচ্ছাৰণ আৰু বৈদিক মন্ত্ৰধবনিৰ মাজত তৰুণ গগৈৰ নশ্বৰ দেহ চিতাত স্থাপন কৰা হয়৷ ইয়াৰ মাজতে শিখ ধৰ্মাৱলম্বী লোকসকলে প্ৰয়াত তৰুণ গগৈৰ আত্মাৰ সদগতি কামনাৰে প্ৰাৰ্থনা কৰে৷ অৱশেষত দিনৰ ৩.২২ বজাত গৌৰব গগৈয়ে পিতৃ তৰুণ গগৈৰ মুখাগ্নি কৰে৷ লগে লগে দাউ দাউকৈ জ্বলা চিতাৰ জুইৰ লেলিহান শিখাই প্ৰিয় নেতাজনৰ নিঠৰ শৰীৰক আগুৰি ধৰে৷ পুৰোহিত জিতু শৰ্মাই অন্তিম সংস্কাৰৰ কাম-কাজৰ তদাৰক কৰে৷

তৰুণ গগৈক সুঁৱৰি হুকহুকাই কান্দি উঠিল তিতাবৰৰ মহিলা

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কুৰি বছৰ কাল বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰা তিতাবৰ সমষ্টিৰ একাংশ মহিলাই প্ৰিয় নেতাজনক সুঁৱৰি হুকহুকাই কান্দি উঠে৷ নৱগ্ৰহ শ্মশানত ভি আই পি শাৰীৰ কাষতে তিতাবৰ সমষ্টিৰ ৰাইজৰ বাবে এক বিশেষ আসনৰ ব্যৱস্থা কৰা হৈছিল৷ তিতাবৰৰ পৰা অহা জয়া বৰুৱা, দীপা বৰগোহাঞি হাজৰিকা, নিৰদা নেওগ, ৰুমা বৰুৱাকে ধৰি একাংশ মহিলাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ খাদ্য ৰসিকতাৰ বিষয়ে সুঁৱৰি কয়–‘গগৈ ছাৰৰ প্ৰিয় খাদ্য আছিল হাঁহৰ মাংস, মাগুৰ মাছৰ জোল আৰু গৰৈ মাছৰ পিটিকা৷ তিতাবৰলৈ আহিলেই তেওঁৰ বাবে অত্যন্ত আদৰেৰে আমি ঘৰত এনে ব্যঞ্জনৰ ব্যৱস্থা কৰিছিলোঁ৷ আমি ৰন্ধা খাদ্য ছাৰে অত্যন্ত তৃপ্তিৰে খাইছিল৷ ছাৰৰ লগত আমাৰ সম্পৰ্ক আছিল অত্যন্ত ঘৰুৱা৷ প্ৰতিটো ঘৰুৱা কথাৰ তেওঁ খবৰ ৰাখিছিল৷ আমি এতিয়া নিঠৰুৱা হ’লো, অভিভাৱকহীন হ’লো৷’ উল্লেখ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰা তিতাবৰ সমষ্টিৰ পৰা তিনিখন বাছেৰে বহু লোক পুৱাই অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্যসূচীত ভাগ ল’বলৈ  গুৱাহাটীত উপস্থিত হয়৷ নৱগ্ৰহ শ্মশানত তিতাবৰৰ ৰাইজৰ বাবে বিশেষ আসনৰ ব্যৱস্থা কৰা হয় যদিও স্থানৰ অভাৱত কম সংখ্যক লোককহে প্ৰশাসনে সোমাবৰ বাবে অনুমতি দিয়ে৷ বাকী সকলে বাহিৰৰ পৰাই স্ক্ৰীনত অন্তিম সংস্কাৰ কাৰ্যসূচী প্ৰত্যক্ষ কৰে৷ উল্লেখ্য যে কেৱল তিতাবৰৰ পৰা অহা লোকেই নহয়, নৱগ্ৰহ শ্মশানৰ বাহিৰত সহস্ৰলোকে স্ক্ৰীনত প্ৰিয় নেতাজনৰ অন্তিম সংস্কাৰৰ কাৰ্যসূচী প্ৰত্যক্ষ কৰে৷ নৱগ্ৰহ শ্মশানৰ সমীপৰ ৰাজহুৱা স্থান আৰু শিলপুখুৰীত বিশাল স্ক্ৰীনত অন্তিম সংস্কাৰৰ দৃশ্য ৰাইজৰ দৰ্শনৰ বাবে ব্যৱস্থা কৰি দিছিল জিলা প্ৰশাসনে৷

গগৈৰ স্মৃতিত যোৰহাটৰ বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত যোৰহাটবাসী আজিও শোকত ম্ৰিয়মান হৈ আছে৷ আজি সন্ধিয়া যোৰহাট প্ৰেছ ক্লাবৰ সাংবাদিকসকলে প্ৰাক্তন মুখ্যমন্ত্ৰীজনক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়৷ সাংবাদিকসকলে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে৷ ৰে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে৷ অনুষ্ঠানত কেবাজনো সাংবাদিকে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰি কয় যে গগৈৰ বাবে যোৰহাট প্ৰেছ ক্লাবৰ মাটি আৰু গৃহ নিৰ্মাণ সম্ভৱ হৈছিল৷

ৰজাবাৰীত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিঃযোৰহাটৰ অসম সত্ৰ মহাসভাৰ সমীপৰ আই টি আই খেলপথাৰত আজি ৰাজহুৱাভাৱে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতিত এক স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়৷ উক্ত অনুষ্ঠানত জাতি-ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা জ্ঞাপন কৰে৷ উক্ত স্থানত এখন সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰো আয়োজন কৰা হয়৷ উক্ত অনুষ্ঠানত গীত, কোৰাণ, বাইবেল, গ্ৰন্থচাহেব আদি পাঠ কৰা হয়৷

অগপৰ যোৰহাট জিলা পৰিষদঃ অগপৰ যোৰহাট জিলা পৰিষদে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ স্মৃতিত আজি এখন শোক সভা অনুষ্ঠিত কৰি তেওঁৰ মৃত্যুৰ গভীৰ শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে৷ এই ক্ষেত্ৰত এক প্ৰস্তাৱ গ্ৰহণ কৰে৷

ৰাজমাও পুখুৰী সুৰক্ষা সমিতিৰ উদ্যোগতঃ ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰত আজি সন্ধিয়া প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ স্মৃতিত তেওঁ ৮৬ বছৰ বয়সত মৃত্যু হোৱা উপলক্ষে ৰাজমাও পুখুৰীৰ পাৰত ৮৬ গছি বন্তি প্ৰজ্বলন কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে প্ৰয়াত মুখ্যমন্ত্ৰীজনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ সুৰক্ষা সমিতিৰ সভাপতি স্বদেশ দেই প্ৰথমে গগৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ পাছত সম্পাদক ধ্ৰুৱজিৎ গগৈয়ে আঁত ধৰা কাৰ্যসূচীত তাইচাবৰ অবনী কুমাৰ চেতিয়া, আটাছুৰ ৰাজীৱ গগৈ, যোৰহাট সাহিত্য সভাৰ সভাপতি সম্পাদক ক্ৰমে মৃদুল কুমাৰ বৰা, উত্তম হাজৰিকা, যোৰহাট জিলা মুক্তি যুঁজাৰু সন্মিলনৰ হৈ মুনীন্দ্ৰ নাথ দত্তকে ধৰি বহুকেইটা সংগঠনৰ প্ৰতিনিধিয়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ স্মৃতিচাৰণ কৰে৷

সাধনী জাতীয় বিদ্যালয়তঃ পশ্চিম যোৰহাটৰ সাধনী জাতীয় বিদ্যালয়ত সমূহ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা পৰিচালনা সমিতিৰ উপস্থিতিত আজি প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ মৃত্যুত এক মিনিট মৌন প্ৰাৰ্থনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷

জালুকনিবাৰী উচ্ছ মাধ্যমিক বিদ্যালয়তঃ জালুকনিবাৰী উচ্ছ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়খনৰ অধ্যক্ষা ৰূপালী শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এখন শোক সভাত তিতাবৰৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ স্মৃতিত গভীৰ শোক প্ৰকাশ কৰে৷ এই উদ্দেশ্যে গ্ৰহণ কৰা এক শোক প্ৰস্তাৱ পাঠ কৰে শিক্ষয়িত্ৰী স্বপ্না বড়োৱে৷ সভাত শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ স্মৃতি ৰোমন্থন কৰি বিদ্যালয়খনৰ লগতে তিতাবৰ আৰু অসমৰ প্ৰতি প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ অৱদানৰ কথা সোঁৱৰে৷

চিৰতৰুণ তৰুণ গগৈক স্মৰণ পশ্চিম যোৰহাটবাসীৰ

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে পশ্চিম যোৰহাট সাংবাদিক সংস্থায়ো গভীৰ শোক প্ৰকাশ কৰিছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ মৃত্যুত পশ্চিম যোৰহাট সাংবাদিক সংস্থাই আজি একাঁজলি শ্ৰদ্ধাঞ্জলি শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰে ৷ সংস্থাৰ সম্পাদক মৃদুল হাজৰিকাই আঁত ধৰা অনুষ্ঠানত যোৰহাট জিলা পৰিষদৰ চৰাইবাহী সমষ্টিৰ সদস্য উত্তম গগৈয়ে প্ৰয়াত তৰুণ গগৈৰ ফটোৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে৷ অনুষ্ঠানত সংস্থাৰ সভাপতি ৰমেন শইকীয়া, সম্পাদক মৃদুল হাজৰিকা, সাংবাদিক প্ৰাঞ্জল প্ৰতীম বৰা, যুতিকা মহন্ত, পংকজ দাসৰ লগতে স্থানীয় ব্যক্তি চুচেন বৰুৱা, স্থানীয় যুৱক কৃপাল দত্ত, যুৱ সমাজকৰ্মী ত্ৰিশূল শইকীয়াৰ লগতে পশ্চিম যোৰহাটৰ বহুকেইজন গণ্য মান্য ব্যক্তিৰ উপস্থিতিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ ব্যক্তিত্বৰ বিষয়ে আলোকপাত কৰে৷ সকলোৰে মনত চিৰতৰুণ তৰুণ গগৈ সদায়েই সজীৱ হৈ থাকিব বুলি বিভিন্ন জনে মতপোষণ কৰে৷