Logo
image

লক্ষ্মণৰেখা অতিক্ৰম নকৰিব!মুখ্য ন্যায়াধীশ

প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰে বৈঠক

আমাৰ অসম,১ মেঃ মঞ্চত নিজৰ কাষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সন্মুখত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক বহুৱাই লৈ দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই সকলোকে নিজৰ দায়িত্ব নিৰ্বাহ আৰু ক্ষমতা প্ৰয়োগৰ ক্ষেত্ৰত লক্ষ্মণৰেখা অতিক্ৰম নকৰিবলৈ আহ্বান জনাইছে৷ দেশৰ মুখ্য ন্যায়াধীশ ৰামান্নাই ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ সংঘাতপূৰ্ণ এক গুৰুত্বপূৰ্ণ সময়ত এই আহ্বান জনাই কয়– ‘দেশৰ সংবিধানে ক্ষমতাৰ তিনিটা স্তম্ভৰ বাবে পৃথকে পৃথকে দায়িত্ব প্ৰদান কৰিছে৷ সেই দায়িত্বই দেশৰ গণতন্ত্ৰক শক্তি প্ৰদান কৰিছে৷ সেয়ে আমি যেতিয়া নিজৰ দায়িত্ব পালন কৰো,তেতিয়া প্ৰত্যেকেই এটা বিষয় নিশ্চিত কৰা প্ৰয়োজন যাতে আমি কোনেও ক্ষমতাৰ ক্ষেত্ৰত নিৰ্দিষ্ট কৰি দিয়া লক্ষ্মণৰেখা অতিক্ৰম নকৰো৷’ মুখ্য ন্যায়াধীশ ৰামান্নাই কৰা এই মন্তব্য দেশৰ সাম্প্ৰতিক সময়ত অতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷ কিয়নো সম্প্ৰতি বিভিন্ন পক্ষই দেশৰ ধৰ্মনিৰপেক্ষ স্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে৷ বহুসময়ত স্বয়ং চৰকাৰেই ন্যায়পালিকাক প্ৰভাৱিত কৰা বুলি অভিযোগ উঠিছে৷ একাধিক ক্ষেত্ৰত চৰকাৰে আদালতৰ নিৰ্দেশক আওকান কৰাও দেখা গৈছে৷ তেনে এক সময়ত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত,দেশৰ সকলো মুখ্যমন্ত্ৰী আৰু সকলো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক সন্মুখত লৈ ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই কৰা এই মন্তব্য প্ৰকৃততে চৰকাৰ আৰু কাৰ্যপালিকাৰ প্ৰতি গুৰুত্বপূৰ্ণ সকীয়নি হিচাপেই বিবেচিত হৈছে৷ সেয়া তেওঁৰ বক্তব্যতো প্ৰকাশ পাইছে৷ তেওঁ কয় যে,ন্যায়ালয়ৰ নিৰ্দেশ চৰকাৰে ইচ্ছাকৃতভাৱে অৱহেলা কৰি পালন নকৰাকৈ থোৱাটো সবল গণতন্ত্ৰৰ লক্ষণ নহয়৷ ইপিনে তেওঁ জনস্বাৰ্থ জড়িত আবেদন অৰ্থাৎ পি আই এলৰ অপব্যৱহাৰত ক্ষুণ্ণ হৈ মুকলিভাৱে সমালোচনা কৰে৷ মুখ্য ন্যায়াধীশজনৰ মতে এতিয়া দেশৰ ন্যায় ব্যৱস্থাত চলি থকা পি আই এল ‘পাৰ্চনেল ইণ্টাৰেষ্ট লিটিগেশ্বন’লৈ পৰ্যৱসিত হৈছে৷ মুখ্য ন্যায়াধীশ ৰামান্নাই দেশত চলি থকা হিন্দী ভাষাৰ বাধ্যতামূলক প্ৰচলন আৰু ভাষিক বিতৰ্ক সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰে৷ তেওঁ স্থানীয় ভাষাসমূহক গুৰুত্ব প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰে আৰু আদালতত স্থানীয় ভাষা প্ৰয়োগ কৰিব লাগে বুলিও মন্তব্য কৰে৷ ৰামান্নাৰ মতে আদালতত স্থানীয় ভাষা প্ৰয়োগ কৰাটোৱে দেশৰ সকলো ভাষা আৰু স্থানীয় ভাষা ব্যৱহাৰ কৰা লোকক উৎসাহিত কৰিব৷ নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাৰ উপৰি দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত আছিল৷ বৈঠকত উপস্থিত আছিল কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেন ৰিজিজু,অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল,অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দু,মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা,পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আদি৷

নতুন দিল্লীত অনুষ্ঠিত মুখ্য ন্যায়াধীশ আৰু মুখ্যমন্ত্ৰীসকলৰ সন্মিলনত হোৱা আলোচনাৰ বিষয়বস্তু সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাই কয়– ন্যায়ালয়ত পৰি থকা গোচৰৰ সংখ্য আমি কেনেকৈ কমাব পাৰোঁ,বিকল্প প্ৰতিকাৰ ব্যৱস্থাপনা [অলটাৰনেটিভ ৰিড্ৰেছেল মেকানিজিম] আমি কেনেকৈ শক্তিশালী কৰিব পাৰোঁ— এইবোৰ বিষয়ত বিশদকৈ আলোচনা কৰা হৈছে৷ তদুপৰি,ন্যায়ালয়ৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে চৰকাৰে দিবলগীয়া সুবিধাসমূহ কেনেকৈ ত্বৰান্বিত কৰিব পাৰি তাৰ ওপৰতো আজিৰ সন্মিলনত আলোচনা কৰা হৈছে তথা এইবোৰ বিষয়ত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীজনে জানিবলৈ দিয়ে৷