Logo
image

বৰপেটা আদালতৰ ৰায়ত অস্বস্তি দিছপুৰৰ জিগনেশক পুনৰ গ্ৰেপ্তাৰৰ যো-জা

অভিযোগকাৰী বিষয়াগৰাকীয়ে উচ্চ ন্যায়ালয়লৈ যোৱাৰ অনুমতি বিচাৰি মোলৈ পত্ৰ প্ৰেৰণ কৰিছেঃ মুখ্যমন্ত্ৰী

আমাৰ অসম,১ মেঃ জিম্মাত থকা অভিযুক্তক এনকাউণ্টাৰ কৰি দেশৰ ভিতৰতে অবাঞ্চিত অভিলেখ ৰচনা কৰা স্মাৰ্ট অসম আৰক্ষীৰ কাৰ্যকলাপক লৈ এইবাৰ যেন সন্দেহ উপজিছে খোদ ন্যায়ালয়ৰ৷ অসম আৰক্ষীয়ে আচামীক আদালতত হাজিৰ কৰাৰ পূৰ্বেই তথাকথিত এনকাউণ্টাৰ কৰি কাৰ্যতঃ বিচাৰকৰ ভূমিকা গ্ৰহণ কৰি শাস্তি দিয়া কাৰ্যত ক্ষুণ্ণ হৈ পৰিছে ন্যায়পালিকা৷ গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দেশৰ জনপ্ৰিয় দলিত নেতা জিগনেশ মেৱানীক কোকৰাঝাৰৰ এগৰাকী মহিলা আৰক্ষী বিষয়াৰ ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰাৰ ঘটনাৰ জামিনৰ ৰায়ত অসম আৰক্ষীৰ শেহতীয়া কাৰ্য পন্থাক লৈ খৰ্গহস্ত হৈ পৰা দেখা গ’ল বৰপেটাৰ সত্ৰ ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীক৷ সত্ৰ ন্যায়াধীশ গৰাকীয়ে অসম আৰক্ষীৰ বিশ্বাসযোগ্যতা ঘূৰাই অনাৰ বাবে সংস্কাৰ সাধনৰ প্ৰয়োজনীয়তা দোহাৰি কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়াই নহয় অসম আৰক্ষীক পুলিচীৰাজ নচলালৈ সকীয়নি প্ৰদান কৰে৷ আনকি শেহতীয়াকৈ অভিযুক্তক নিশা হ’লে এনকাউণ্টাৰত আৰক্ষীয়ে গুলীয়াই হত্যা তথা আহত কৰা ঘটনাৰ সত্যতাক লৈ পৰোক্ষভাৱে প্ৰশ্ন উত্থাপন কৰিছে আদালতে৷ সত্ৰ ন্যায়াধীশ চক্ৰৱৰ্তীৰ এই ৰায়ক লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত অস্বস্তিত পৰিছে চৰকাৰ৷ আৰক্ষীৰ ভিতৰচ’ৰাত ধুমুহাৰ সৃষ্টি কৰা ৰায়টোৱে দিছপুৰৰ বাহিৰে-ভিতৰে ব্যাপক চৰ্চা লাভ কৰিছে৷ আনকি ছ’চিয়েল মিডিয়াতো বিভিন্ন জনে ন্যায়াধীশগৰাকীৰ ৰায়ক সমৰ্থন জনোৱা দেখা গৈছে৷ এই ৰায়ক লৈ সমগ্ৰ দেশতে ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে৷ অৱশ্যে ইয়াৰ মাজতে সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰায়ক উচ্ছ ন্যায়ালয়ত প্ৰত্যাহান জনোৱাৰ বাবে মুখ্যমন্ত্ৰীলৈ অনুমতি বিচাৰি আবেদন জনাইছে অভিযোগকাৰী মহিলা আৰক্ষী বিষয়া দেৱীকা ব্ৰহ্মই৷ মুখ্যমন্ত্ৰীও জিগনেশ মেৱানীৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আৰক্ষী বিষয়াগৰাকীয়ে আইনী যুঁজ চলোৱাৰ বাবে সন্মতি দিয়াৰ ইংগিত দিছে৷ লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষমতালৈ অহাৰ পাছতেই অপৰাধমুক্ত অসম গঢ়াৰ লক্ষ্যৰে অসম আৰক্ষীক অধিক কতৃৰ্ত্ব প্ৰদান কৰিছিল৷ ধৰ্ষণকাৰী,হত্যাকাৰী,ড্ৰাগছ মাফিয়া,কুখ্যাত ডকাইত,গো-মাফিয়াক আইনৰ গণ্ডিত সৰ্বোত্তম কাৰ্যব্যৱস্থা ল’বলৈ সেউজ সংকেত দিছিল আৰক্ষীক৷ আনকি এনে অপৰাধীয়ে আৰক্ষীক আক্ৰমণ কৰি পলাব বিচাৰিলে আঁঠুৰ তলত গুলীয়াব লাগে বুলিও খোদ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে পৰামৰ্শ দিছিল৷ মুখ্যমন্ত্ৰীৰ এই সংকেটৰ পাছতেই যেন উৎসাহিত হৈ ধৃত অভিযুক্তৰ ওপৰত নিশা হ’লেই জপিয়াই পৰিছিল ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ নেতৃত্বাধীন স্মাৰ্ট আৰক্ষী৷ একেখিনি কাহিনীকে বৰ্ণনা কৰি আৰক্ষীয়ে নিতৌ এটাৰ পাছত এটাকৈ এনকাউণ্টাৰ কৰি কাৰোবাক যদি গুলীয়াই হত্যা কৰিছিল, আন কাৰোবাক আহত কৰিছিল৷ অসম আৰক্ষীয়ে বিগত প্ৰায় এটা বছৰত ১২০ টাতকৈও অধিক এনকাউণ্টাৰ সংঘটিত কৰিছে৷ ইয়াৰে একাধিক এনকাউণ্টাৰক ৰাইজে ভুৱা বুলি দাবী কৰাই নহয়, খোদ চৰকাৰী তদন্ততো ভুৱা এনকাউণ্টাৰৰ ঘটনা তথ্য উন্মোচন হৈছে৷ অৱশ্যে, ভুৱা এনকাউণ্টাৰৰ অভিযোগ উঠিলেই আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে ভাগৱত গীতা শ্লোকেৰে কৰ্মফল ভোগ কৰা বুলিহে টিপ্পনী দিবলৈও কুণ্ঠাবোধ নকৰে৷ লক্ষণীয়ভাৱে বৰপেটাৰ সত্ৰ ন্যায়াধীশৰ আদালতে বিধায়ক জিগনেশ মেৱানীক ভুৱা এজাহাৰত গ্ৰেপ্তাৰ কৰা বুলি স্পষ্ট কৰি দি জামিন মঞ্জুৰৰ ৰায়ত অসম আৰক্ষীৰ জিম্মাত থকা আচামীয়ে পলায়নৰ অপচেষ্টাৰ অভিযোগত এনকাউণ্টাৰ কৰাটোত নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হোৱা বুলিও আক্ষেপ ব্যক্ত কৰে৷ অথচ অভিযুক্তজনে আৰক্ষীৰ জিম্মাত থকা সময়ত অন্য অপৰাধ কৰিবলৈ চেষ্টা কৰিছে বুলি কোৱা হয় যদিও বাস্তৱত তেনে অপৰাধৰ সত্যতা কোনেও দেখা নাই বুলিও অসম আৰক্ষী ভৎৰ্সনা কৰে৷ আদালতে লগতে মিছা এজাহাৰ পঞ্জীয়ন প্ৰতিহত কৰাৰ ক্ষেত্ৰত মত ব্যক্ত কৰি কয় যে– অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছত নিশা কোনো অভিযানত যোৱাৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা বুলি আৰক্ষীয়ে এনকাউণ্টাৰ কৰি হত্যা বা আহত কৰা ঘটনা অসমত নিত্য-নৈমিত্তিক পৰিঘটনাকৈ পৰিগণিত হৈছে৷ সেয়ে আৰক্ষীৰ বিশ্বাসযোগ্যতা ঘূৰাই অনাৰ স্বাৰ্থত অসম আৰক্ষীৰ সংস্কাৰ সাধনৰ বাবে কেতবোৰ পৰামৰ্শ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিবেচনাৰ বাবেও প্ৰেৰণ কৰিছে সত্ৰ ন্যায়াধীশে৷ ইয়াৰ ভিতৰতে আইন শৃংখলাত নিয়োজিত আৰক্ষীৰ পোছাকত বডী কেমেৰা সংযোগ কৰা আৰু অভিযুক্তক অনা নিয়া কৰা বাহনসমূহত চিচিটিভিৰ সংস্থাপনৰ লগতে আৰক্ষী থানাৰ বাহিৰ-ভিতৰ চিচিটিভি  আবেষ্টনীত ৰখাৰ পৰামৰ্শ দিয়ে ন্যায়াধীশ চক্ৰৱৰ্তীয়ে৷ ইয়াৰ অন্যথা অসমত পুলিচীৰাজ চলিব বুলিও আশংকা ব্যক্ত কৰিছে আদালতে৷ ফলত আৰক্ষীৰ ৰাজ চলিলে সৰ্বসাধাৰণ ৰাইজে কু-ফল ভোগ কৰিব বুলিও আদালতে সতৰ্ক কৰি দিছে৷ যি সময়ত বিশ্বৰ সকলো গণতান্ত্ৰিক দেশতে মানৱ অধিকাৰক লৈ নৱ-প্ৰজন্ম সচেতন হৈছে,নিৰ্বাচিত জনপ্ৰতিনিধিক ক্ষমতাচ্যুত কৰিবলৈ আৰু গণতান্ত্ৰিক চৰকাৰক অস্থিৰ কৰাৰ অধিকাৰ বিচাৰি আইন প্ৰণয়নৰ চিন্তা চৰ্চা কৰিছে,তেনে প্ৰেক্ষাপটত অতি কষ্টেৰে গঢ়ি তোলা গণতান্ত্ৰিক ব্যৱস্থাত পুলিচৰাজ চলাটো অকল্পনীয় বুলি অভিহিত কৰি অসম আৰক্ষীয়ে যদিহে এনে চিন্তাধাৰা অব্যাহত ৰাখে সেয়া বিকৃত মানসিকতাৰ পৰিচায়ক বুলিও মন্তব্য কৰে৷ সেয়েহে ৰায়ৰ প্ৰতিলিপি গুৱাহাটী উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰি ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ পঞ্জীয়ন কৰি আৰক্ষী সংস্কাৰৰ বিষয়টোৰ বিবেচনাৰ বাবে আহ্বান জনাইছে ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীয়ে৷ ইপিনে সত্ৰ ন্যায়াধীশৰ এই ৰায়ক আদৰণি জনাইছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই৷ বিধায়ক জিগনেশ মেৱানীৰ জামিন আবেদনৰ আইনী যুঁজ চলোৱা অধিবক্তা বৰাই কয়– ‘এইটো এটা গুৰুত্বপূৰ্ণ ৰায়৷ জামিনৰ ক্ষেত্ৰত সত্ৰ ন্যায়াধীশ আৰু উচ্চ ন্যায়ালয় সদায় সমান পৰ্যায়ত থাকে৷ বৰপেটা সত্ৰ ন্যায়াধীশে অসমৰ সাম্প্ৰতিক প্ৰেক্ষাপটত এটা অতিশয় গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে৷ পুলিচে যেতিয়া এজন আচামীক গ্ৰেপ্তাৰ কৰি বিভিন্ন স্থানলৈ লৈ যায়৷ সেই সময়ত পুলিচে ইলেক্ট্ৰনিক ডিভাইছৰ দ্বাৰা যাতে আচামীজনক লৈ যোৱা সময়খিনি ৰেকৰ্ড কৰা হয়৷ এই ধৰণৰ মিছা কেছ ভৱিষ্যতে যাতে আৰু নহয়৷ কিয়নো আমি দেখি আহিছো যে বিভিন্ন সময়ত আচামী পলাই যোৱা বুলি অভিযোগ কৰা হয়, তাৰ পাছত ভৰি গুলী কৰা হয়, গাত গুলী কৰা হয়৷ এইবোৰ ঘটনা সঁচা নে মিছা? পুলিচে মিছা অভিযোগ আনিলে নেকি? অৰ্থাৎ মানৱ অধিকাৰ খৰ্ব কৰিলে নেকি? এই ৰায়দানৰ দ্বাৰা এই বিষয়টো সুৰক্ষিত হ’ব বুলি ভাবো৷ সত্ৰ ন্যায়াধীশে এই ৰায় প্ৰদান কৰি গুৱাহাটী উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰিছিল,যাতে মুখ্য ন্যায়াধীশৰ ৰায়টোক ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ হিচাপে লৈ পৰামৰ্শসমূহ সমগ্ৰ অসমতে পুলিচক মানি চলাবলৈ বাধ্য কৰোৱায়৷ ৰায়দানত বৰপেটা সত্ৰ ন্যায়াধীশে এইটোও কৈছে যে পুলিচক সৰ্বোত্তম ক্ষমতা দিলে,কাইলৈ এইখন অসম হৈ নাথাকিব৷ অসমখন পুলিচৰাজ বুলিহে জানিম৷ সাধাৰণ ৰাইজ পুলিচৰ হাতত নিগ্ৰহ হ’ব পাৰে৷ অৱশ্যে যিকোনো ব্যক্তিয়ে এই ৰায়ক প্ৰত্যাহ্বান জনাব পাৰে৷ কিন্তু মোৰ বোধেৰে ন্যায়াধীশগৰাকীয়ে যি কৈছে সেয়া সকলোৰে বাবে গ্ৰহণ যোগ্য ৰায়৷ ইয়াত কোনো পক্ষ বঞ্চিত হোৱাৰ কথা নাহে৷’ লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰায়ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি জিগনেশ মেৱানীৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত গোচৰ চলাৰ ইংগিত দিয়ে৷ এই সন্দৰ্ভত দিল্লীত  সংবাদ মাধ্যমৰ আগত শনিবাৰে মুখ্যমন্ত্ৰী শৰ্মাই কয়– ‘জিগনেশ মেৱানীৰ জামিনৰ ৰায়ৰ সন্দৰ্ভত মই বিশেষ একো নাজানো৷ আৰক্ষীৰ উপ-পৰিদৰ্শক এগৰাকীয়ে মেৱানীয়ে তেওঁক বেয়া ব্যৱহাৰ কৰা বুলি এটা অভিযোগ কৰিছিল৷ আৰক্ষীয়ে সেই সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল৷ জিলা ন্যায়াধীশগৰাকীয়ে এই সন্দৰ্ভত এটা ৰায় দিছে৷ কিন্তু যিগৰাকী মহিলা আৰক্ষী উপ-পৰিদৰ্শকৰ ওপৰত এই অত্যাচাৰ হৈছিল– তেওঁ জিগনেশ মেৱানীৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হ’বলৈ মোৰ পৰা অনুমতি  বিচাৰিছে৷ যাতে বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়লৈ যাব পাৰে৷ ফাইলটো আজি মই পাইছোঁ আৰু মই অনুমতি দিলে তেওঁ উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব পাৰিব৷ জিগনেশ মেৱানীৰ বিৰুদ্ধে এই কেচটো চৰকাৰে দিয়া নাছিল৷ এগৰাকী মহিলা বিষয়াই এই অভিযোগ আনিছিল৷ ন্যায়ালয়ে কি কাৰণে মিছা বুলি কৈছে, তেওঁলোকেহে জানিব৷ মই ভাবো উচ্চ ন্যায়ালয়ে বিষয়টো ভালদৰে চাব৷ ইয়াৰ মাজত পুলিচৰ কোনো সম্পৰ্ক নাছিল৷ ন্যায়ালয়ৰ ৰায়টোত পুলিচক কিয় টানি অনা হ’ল, এইটো আচৰিত কথা৷ এগৰাকী মহিলাই দিয়া কেচটো পুলিচৰ অভিযোগ কেনেকৈ হ’ল? মহিলাই দিয়া এজাহাৰ পঞ্জীয়ন নকৰিলে আমাৰ ওপৰতে দেখোন অভিযোগ উঠিব৷ চৰকাৰে উচ্চ ন্যায়ালয়লৈ নাযায়৷ মহিলাগৰাকীয়েহে নিজেই উচ্চ ন্যায়ালয়লৈ যাব বিচাৰিছে৷ ন্যায়ালয়ৰ কেইবাটাও তৰপ আছে৷ এটা তৰপত দিয়া ৰায়টোক কেতিয়াও চূড়ান্ত বুলি ভাবি ল’ব নালাগে৷ শেষত যদি কোনোবাই কয়– আজিৰ পৰা বিচাৰ শেষ হ’ল কোনো মঞ্চ আৰু বাকী নাই, তেতিয়াহে ৰাজনৈতিক দল বিষয়টোত জড়িত হ’ব লাগে৷’

বিধায়ক জিগনেশ মেৱানীয়ে জামিন লাভ কৰাৰ পাছত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰামে তীব্ৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক৷ বৰপেটাৰ আদালতে অসম আৰক্ষীৰ এগৰাকী মহিলা বিষয়াক প্ৰহাৰ কৰাৰ গোচৰ সম্পৰ্কত মেৱানীয়ে আৱেদন কৰা জামিন মঞ্জুৰ কৰিছে৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এই সন্দৰ্ভত কয় যে- ‘যদি মেৱানী পাগল নহয় আৰু তাৰপাছত তেওঁৰ বিৰুদ্ধে যদি ভুৱা গোচৰ ৰুজু কৰা হৈছিল, তেন্তে পাগল কোন? ‘লগতে তেওঁ কয় যে- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিবিআইক জিগনেশ মেৱানীৰ বিৰুদ্ধে কোনে ভুৱা গোচৰ ৰুজু কৰাইছে এই সন্দৰ্ভত তদন্তৰ দায়িত্ব প্ৰদান কৰিবনে?