Logo
image

কংক্ৰিটেৰে নিৰ্মাণ দৰদী টাটাৰ মূৰ্তি

আমাৰ অসম,১ মেঃ দেশৰ এগৰাকী অন্যতম উদ্যোগপতি ৰতন টাটা৷ এইজন উদ্যোগপতিৰ নাম আৰু কামে ছ’চিয়েল মিডিয়াৰ যোগেদি শেহতীয়াকৈ বহুলভাৱে চৰ্চা লাভ কৰিছে অসমবাসীৰ মাজত৷ যোৱা বৃহস্পতিবাৰে ৰতন টাটা আৰু অসম চৰকাৰৰ যৌথ প্ৰচেষ্টাত ৰাজ্যত সাতখন কেন্সাৰ হাস্পতালৰ উদ্বোধন আৰু আন সাতখন কেন্সাৰ হাস্পতালৰ আধাৰশিলা স্থাপন হৈ যোৱাৰ পাছত ৰাজ্যজুৰি এতিয়া সবাতোকৈ চৰ্চিত ব্যক্তিজনেই হৈছে বিশিষ্ট উদ্যোগপতি,মানৱদৰদী ৰতন টাটা৷ এইজন বৰেণ্য উদ্যোগপতিৰ এটা মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত হালোৱাগাঁৱৰ প্ৰবীণ ভাস্কৰ্য্যশিল্পী ৰাজীৱ শইকীয়াই৷ অৱশ্যে তেওঁ শেহতীয়াকৈ ৰাজ্যৰ ছ’চিয়েল মিডিয়াত ৰতন টাটাৰ চৰ্চা দেখি এই কাম হাতত লোৱা নাছিল৷ তেওঁ প্ৰায় আঢ়ৈ মাহ প্ৰস্তুতিৰ অন্তত সম্পূৰ্ণ কৰি তুলিছে টাটাৰ কংক্ৰিটেৰে নিৰ্মিত মূৰ্তিটো৷ সংযোগবশতঃ টাটা ন্যাসৰ জড়িয়তে অসমত সম্পন্ন হোৱা কেন্সাৰ চিকিৎসালয়ৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ পিছ মুহূৰ্ততে তেওঁৰ এই মূৰ্তি নিৰ্মাণ সম্পূৰ্ণ হৈ উঠে আৰু সেই মূৰ্তিৰ বিষয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ হয়৷ প্ৰকৃততে শিল্পীজনে ৰতন টাটাৰ কৰ্মৰাজিৰ প্ৰতি প্ৰভাৱিত হৈ নিৰ্মাণ কৰিছিল বুলি সদৰি কৰে৷ ইতিমধ্যেই তেওঁ নিৰ্মাণ কৰা ৰতন টাটাৰ কংক্ৰিটৰ মূৰ্তি ৰাজ্যৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ তাৰে এটা ভিডিঅ’বিশিষ্ট উদ্যোগপতিজনৰ নামত থকা ছ’চিয়েল মিডিয়াৰ ‘ফেন পেজ’ত শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে৷ সেয়া দেখি স্বাভাৱিকতে উৎফুল্লিত হৈছে মূৰ্তি নিৰ্মাণ কৰা শিল্পী ৰাজীৱ শইকীয়া৷ ছ’চিয়েল মিডিয়াত তেওঁৰ এই মূৰ্তি নিৰ্মাণৰ বিষয়টোৱে যে এনেদৰে বহুল ৰূপত চৰ্চা লাভ কৰিব সেয়া শিল্পীজনে ধাৰণা কৰিব পৰা নাছিল৷ এতিয়া তেওঁৰ শিল্প কৰ্মৰ এই বহুল চৰ্চাই স্বাভাৱিকতে শিল্পীজনক আপ্লুত কৰি তুলিছে৷