Logo
image

মোক গ্ৰেপ্তাৰ কৰি অসমৰ কোনটো সমস্যা সমাধান হ’ল?

গুজৰাটলৈ যোৱাৰ পূৰ্বে জিগনেশৰ প্ৰশ্ন

আমাৰ অসম,১ মেঃ অসম এতিয়া পুলিচ ৰাজ্য হৈ পৰিছে৷ গণতন্ত্ৰৰ বাবে এয়া অতি ভয়ংকৰ খবৰ৷ –এই ভাষ্য গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ৷ কৰ্তব্যৰত মহিলা আৰক্ষীক শালীনতা হানিৰ অপচেষ্টা কৰাৰ অভিযোগৰ গোচৰত আদালতে মুক্তি দিয়াৰ পাছত শনিবাৰে গুৱাহাটীৰ এখন হোটেলত সংবাদমেল আয়োজন কৰি মেৱানীয়ে আৰু কয়–অসমত কাৰ্যতঃ হিটলাৰী শাসন চলি আছে৷ সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰ আৰু দেশৰ সংবিধানক ভৰিৰে মোহাৰি পেলাইছে বিজেপি-আৰএছএছে৷ গণতান্ত্ৰিক ব্যৱস্থাক হত্যা কৰা হৈছে৷ যিয়ে বিজেপিক সমালোচনা কৰিছে তাক হত্যা কৰাৰ চেষ্টা কৰা হৈছে৷ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক মই শুধিব বিচাৰিছোঁ– ৰাজ্যত আপোনাৰ চৰকাৰ,আপোনাৰ চৰকাৰৰ অধীনত আছে অসম আৰক্ষী৷ গুজৰাটৰ পৰা জিগনেশ মেৱানীৰ দৰে এজন বিধায়কক গ্ৰেপ্তাৰ কৰি আনিলে অসমৰ নিবনুৱা সমস্যাৰ সমাধান হ’ব নে অসমৰ বিদ্যুতৰ সমস্যা সমাধান হ’ব নে অসমৰ মজদুৰৰ সমস্যা সমাধান হ’ব? প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰীক আৰু মুখ্যমন্ত্ৰীয়ে সেই নিৰ্দেশ মানি মোক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে৷ অসম আৰক্ষীয়ে ভালকৈ জানে যে মোৰ একো দোষ নাছিল৷ কিন্তু তেওঁলোকে দিল্লীৰ নিৰ্দেশ মানি মোৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিছে৷ আনকি মোক ১৪ দিনৰ বাবে ৰিমাণ্ডত ল’বলৈ নিৰ্দেশ আহিছে দিল্লীৰ পৰাও দেশৰ স্বাধীনতা আন্দোলনত সামান্যও অৱদান নথকা দল বিজেপিয়ে ইয়াৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰীয় পতাকাখনকো অপমান কৰিছে৷ মোৰ বিৰুদ্ধে এনে আৰু এশখন এফ আই আৰ ৰুজু কৰিলেও মই এক ইঞ্চিও বিচলিত নহও৷ দেশত এতিয়া বিচাৰ বহিৰ্ভূত হত্যাকাণ্ড চলিছে৷ গণতন্ত্ৰক মুকলিভাৱে হত্যা হৈছে৷ গুজৰাটৰ এজন বিধায়কক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অনাৰ ফলত অসমৰ জনগনে কি পাব? মোক গ্ৰেপ্তাৰ কৰি অসমৰ কোনটো সমস্যা সমাধান হ’ল? এদিন এই প্ৰশ্নৰ উত্তৰ দিব লাগিব বিজেপিয়ে৷ এইখন অসম হিমন্ত বিশ্বৰ অসম নহয়৷ এইখন অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম৷ মোৰ দৰে এজন সাধাৰণ নেতাৰ হৈ মাত মতা অসমৰ সংবাদ মাধ্যমে,অসমৰ প্ৰতিটো শ্ৰেণীৰ লোক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে যি বদান্যতা প্ৰকাশ কৰিলে তাৰ বাবে মই আন্তৰিকভাৱে কৃতজ্ঞতা জনাইছো৷ ইয়াৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সমন্বিতে কংগ্ৰেছৰ নেতা-কৰ্মীয়ে জিগনেশ মেৱানীক অভিনন্দন জনায়৷ কংগ্ৰেছৰ জ্যেষ্ঠ কনিষ্ঠ নেতা-কৰ্মীয়ে বিমান বন্দৰলৈ সমদল কৰি লৈ যায় গুজৰাটৰ জনপ্ৰিয় নেতাজনক৷ মেৱানীক অভিনন্দন জনাই ভূপেন বৰাই কয়– অসম আৰক্ষী বিজেপি-আৰ এছ এছৰ গুণ্ডাবাহিনীত পৰিণত হৈছে৷ কংগ্ৰেছৰ নেতা-কৰ্মীসকলে জিগনেশ মোৱানী জিন্দাবাদ ধবনিৰে উত্তাৰ কৰি তোলে বিমানবন্দৰ চৌহদ৷ গুৱাহাটীৰ পৰা তেওঁ পোনে পোনে গুজৰাটলৈ ৰাওনা হয়৷ ইফালে,জিগনেশ মেৱানীৰ জামিন মঞ্জুৰ কৰি বিচাৰপীঠে ‘পুলিচ ৰাজ্য হ’ব অসম’ বুলি আগবঢ়োৱা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়– আমি পূৰ্বে কৈ আহিছিলোঁ অসম চৰকাৰে অসম আৰক্ষীক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰি আহিছে৷ এই কথা জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কাৰ্যই প্ৰমাণিত হ’ল৷ জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰি অসমত লজ্জানত কৰিলে অসম আৰক্ষীয়ে৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুলিচক নিজৰ ময়মতালিৰে ব্যৱহাৰ কৰিছে৷ আমি মুখ্যমন্ত্ৰীক আৰক্ষীৰ হাতত আইন তুলি নিদিবলৈ বাৰে বাৰে দাবী তুলিছিলোঁ৷ কিন্তু আমাৰ দাবীত তেওঁ কাণসাৰ নিদিলে৷ ইফালে, মেৱানীৰ গ্ৰেপ্তাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ অজিত কুমাৰ ভূঞাই এটা টুইটযোগে কয়– বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতে এই কথা স্পষ্ট কৰিলে যে অসম আৰক্ষীয়ে চৰকাৰৰ নিৰ্দেশত আইন ভংগ কৰি,শাসকীয় চৰকাৰৰ এজেণ্ডা মতে কাম কৰি আছে৷

মহিলাক সাঙুৰি লৈ মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচাটো এক কাপুৰুষালিহে৷ অসম শংকৰদেৱৰ দৰে মহাপুৰুষৰ এগৰাকীৰ জন্মস্থান৷ তাত এনে সংস্কৃতিয়ে শোভা নাপায়৷ এই মন্তব্য গুজৰাটৰ দলিতৰ প্ৰতিবাদী কণ্ঠ তথা কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীৰ৷ প্ৰকাশ যে বৰপেটাত পঞ্জীয়ন হোৱা  দ্বিতীয়টো গোচৰত জামিন মুক্ত হৈ মেৱানী আইনী প্ৰক্ৰিয়া সামৰিবলৈ কোকৰাঝাৰত পুনৰ কোক্‌ৰাঝাৰত উপস্থিত হয় আৰু সংবাদ মাধ্যমৰ আগত উক্ত মন্তব্য কৰে৷ তেওঁ  অসমবাসীয়ে অসম চৰকাৰক বুজি লওক৷ গুজৰাটৰ বিধায়কক গ্ৰেপ্তাৰ কৰি আইন আৰু সংবিধানক অপমান কৰিছে৷ এয়া মোৰ ওপৰত হাৰাশাস্তি আৰু বিজেপি চৰকাৰে কৰা চক্ৰান্ত আছিল৷