Logo
image

পুনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি

আমাৰ অসম, ২ মে’: পুনৰ বাঢ়িল বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য৷ ১৯ কেজি ওজনৰ একোটা গেছ চিলিণ্ডাৰৰ দাম পূৰ্বৰ তুলনাত ১০২.৫০ টকা বৃদ্ধি পালে৷ অৰ্থাৎ পূৰ্বৰ ২,২৫৩ টকা দামৰ একোটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য পহিলা মে’ৰ পৰা ২,৩৫৫.৫০ টকা হ’লগৈ৷ একেদৰে ৫ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বাঢ়ি ৬৫৫ টকা হ’লগৈ৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে পহিলা এপ্ৰিলত ১৯ কেজি ওজনৰ এটা গেছ চিলিণ্ডাৰৰ দাম ২৫০ টকা বৃদ্ধি পাইছিল৷ মাৰ্চ মাহতো এল পি জি বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৫০ টকা বৃদ্ধি  পাইছিল৷ পুনৰ আজি আকৌ এবাৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পালে৷ অৰ্থাৎ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে প্ৰতিমাহেই বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যবৃদ্ধি কৰি আছে৷ ইয়াৰ পৰিণতিত হোটেল-ৰেষ্টোৰেণ্ট, ফাষ্ট ফুড তথা ফুটপাথৰ দোকানৰ খাদ্য মহঙা হোৱাটো নিশ্চিত হৈ পৰিল৷ ইতিমধ্যে বিদ্যুতৰ বিল বৃদ্ধি, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, শাক-পাচলি, মাছ-মাংসৰ মূল্যবৃদ্ধিৰ ফলত জুৰুলা হৈছে  হোটেল-ৰেষ্টুৰেণ্টৰ মালিকসকল৷ ইয়াৰ মাজতে ভুতৰ ওপৰত দানহ পৰাদি পুনৰ কেন্দ্ৰীয় চৰকাৰে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য তিনিমাহত তৃতীয়বাৰলৈ বৃদ্ধি ঘটোৱাৰ ফলত যে ৰেষ্টুৰেণ্টৰ গ্ৰাহক-মালিক দুয়োপক্ষকে ক্ষতিগ্ৰস্ত কৰিব এয়া একপ্ৰকাৰে নিশ্চিত হৈ পৰিছে৷