Logo
image

ভেক্‌চিন ল’বলৈ বাধ্য কৰাব নোৱাৰিব! শীৰ্ষ আদালত

আমাৰ অসম, ৩ মে’: এতিয়াৰ পৰা ক’ভিড ভেক্‌চিন ল’বলৈ কাকো জোৰ কৰিব নোৱাৰিব চৰকাৰে৷– এই গুৰুত্বপূৰ্ণ ৰায়দান উচ্ছতম ন্যায়ালয়ৰ৷ উল্লেখ্য, দেশৰ কেইবাখনো ৰাজ্যত ক’ভিড ভেক্‌চিন গ্ৰহণ কৰাটো বাধ্যতামূলক কৰাৰ বিৰুদ্ধে নেচনেল টেকনিকেল এডভাইছৰী গ্ৰুপ অন ইমিউনাইজেচনৰ প্ৰাক্তন সদস্য জেকৱ পুলিয়েলে ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজনিত আবেদন জনাইছিল৷ আবেদনৰ শুনানিত দেশৰ শীৰ্ষ আদালতৰ ন্যায়াধীশ এল নাগেশ্বৰ ৰাও আৰু বি আৰ গাভাইৰে গঠিত বিচাৰপীঠে জনসাধাৰণৰ বাবে ক’ভিড ভেক্‌চিন বাধ্যতামূলক নহয় বুলি ৰায় প্ৰদান কৰি লগতে কয়– ‘ক’ভিড ভেক্‌চিন গ্ৰহণ নকৰা লোকৰ প্ৰৱেশ বিভিন্ন স্থানত নিষিদ্ধ কৰা হৈছিল৷ এনে নিষেধাজ্ঞা উচিত নহয়৷ ভেক্‌চিন লোৱা নোলোৱাটো মানুহৰ নিজা সিদ্ধান্ত৷ চৰকাৰে মানুহৰ মাজত সজাগতা আনিবৰ বাবে কাম কৰিব পাৰে৷ ক’ভিড ভেকচিন গ্ৰহণ কৰাৰ বাবে ৰাজ্য চৰকাৰে দিয়া বাধ্যবাধকতাসমূহ সকলো ৰাজ্যই উঠাই ল’ব লাগে৷ ক’ভিড ভেক্‌চিন বাধ্যতামূলক কৰা কাৰ্য অসংবিধানিক৷’