Logo
image

নিজাকৈ দল খুলিব প্ৰশান্ত কিশোৰে

আমাৰ অসম, ৩ মে’: ৰাজনৈতিক দলক নিৰ্বাচনী বৈতৰণী পাৰ কৰোৱাত তেওঁৰ সমান সিদ্ধহস্ত দেশত দ্বিতীয় এজন নাই৷ সেই দিশৰ পৰা পি কে বা প্ৰশান্ত কিশোৰক ভাৰতীয় ৰাজনীতিৰ চাণক্য আখ্যা দিয়ে কোনো কোনোৱে৷ অৱশ্যে নিজে ৰাজনীতিত ভৰি থৈয়ো এতিয়ালৈকে সফলতা লাভ কৰা নাই তেওঁ৷ পিছে এইবাৰ প্ৰশান্ত কিশোৰে নিজে এটা ৰাজনৈতিক দল গঠন কৰিবলৈ আগবঢ়াৰ ইংগিত দিছে৷ সোমবাৰে তেওঁ এটা টুইট কৰি লিখিলে– ‘গণতন্ত্ৰৰ তাৎপৰ্যপূৰ্ণ অংশ হৈ উঠাৰ পথত মোৰ যি অন্বেষণ, তাৰ ১০ বছৰ হ’ল৷ সেয়ে এইবাৰ পোনপটীয়াকৈ প্ৰকৃত ঈশ্বৰ অৰ্থাৎ জনতা জনাৰ্দনৰ সন্মুখলৈ যোৱাৰ সময় আহিছে৷ গণতন্ত্ৰক আৰু ওচৰৰ পৰা উপলব্ধি কৰাৰ সময় আহিছে৷’ ইমানলৈকে লিখি প্ৰশান্ত কিশোৰে তেওঁৰ টুইটত ‘জন সূৰয’ নাম এটাও উল্লেখ কৰিছে৷  সম্ভৱতঃ তেওঁ নিজৰ সম্ভাৱ্য ৰাজনৈতিক দলটোৰ নাম জন সূৰয ৰাখিব আৰু সেয়া তেওঁ টুইটৰ জৰিয়তে ৰাইজলৈ আগবঢ়াইছে৷ পোনপটীয়াকৈ তেওঁ যিদৰে ৰাজনৈতিক দল গঠন কৰিব বুলি কোৱা নাই সেই একেদৰে জন সূৰয নামটো যে তেওঁৰ ৰাজনৈতিক দলৰেই নাম সেই কথাও স্পষ্ট কৰা নাই৷ কিন্তু প্ৰশান্ত কিশোৰৰ এই বক্তব্যৰ পৰা ৰাজনৈতিক মহল একপ্ৰকাৰ নিশ্চিত হৈছে, আন ৰাজনৈতিক দলক নিৰ্বাচনী বৈতৰণী পাৰ কৰি চাণক্যৰ অৱতাৰ লোৱা পি কেই এইবাৰ পোনপটীয়াকৈ নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ সন্ধান কৰিব৷ তেওঁৰ এই অভিযান বিহাৰৰ পৰাই আৰম্ভ হ’ব বুলি অনুমান কৰা হৈছে৷ প্ৰশান্ত কিশোৰৰ গৃহৰাজ্য হৈছে বিহাৰ আৰু বিহাৰৰ ৰাজনীতিৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছে৷ এসময়ত নীতিশ কুমাৰৰ জে ডি [ইউ] দলত যোগদান কৰিছিল পি কে আৰু তেওঁ উপ-সভাপতি হিচাপে দায়িত্বও পালন কৰিছিল৷ পিছে বিজেপিৰ সৈতে নীতিশ কুমাৰে তেওঁৰ দলৰ জোঁট বন্ধাৰ পাছতে পি কেই সেই দল ত্যাগ কৰে৷ কিয়নো বিজেপিৰ সৈতে পি কেৰ দীৰ্ঘদিনীয়া শত্ৰুতা আৰু মতপাৰ্থক্য আছে৷ সেই দিশৰ পৰা ৰাজনীতিত পি কেক সফল বুলি ক’ব নোৱাৰি৷ আন ৰাজনৈতিক দলক নিৰ্বাচনত বিজয়ী হোৱাত এশ শতাংশ সহায় কৰা আৰু কৃতকাৰ্য কৰালেও নিজে ৰাজনীতিক হিচাপে আজিলৈকে দেশৰ ৰাজনীতিত কোনো সফলতা প্ৰদৰ্শন কৰিব নোৱাৰা প্ৰশান্ত কিশোৰে এইবাৰ নিজে ৰাজনৈতিক দল খুলি তেওঁৰ ৰাজনৈতিক ভৱিষ্যৎ নিৰূপণ কৰিব৷