Logo
image

মোদী ডেনমাৰ্কত, ৰাহুল নাইট ক্লাবত

অবিলম্বে যুদ্ধবিৰতিৰ আহ্বান দুই দেশক

আমাৰ অসম, ৪ মে’: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ কোনো উপলক্ষ নোহোৱাকৈ তিনিখনকৈ ইউৰোপৰ দেশ ভ্ৰমণ কৰি থকা সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধী কাঠমাণ্ডুৰ এটা নাইট ক্লাবত উপস্থিত থকা ভিডিঅ’ই দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাৰ্মানীৰ ভ্ৰমণ সামৰি মঙলবাৰে ডেনমাৰ্কত উপস্থিত হৈছে আৰু একেদিনাই বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালব্যই টুইট কৰা ৰাহুল গান্ধীৰ নাইট ক্লাবৰ ভিডিঅ’ দেশত ভাইৰেল হৈ পৰিছে৷ কংগ্ৰেছ দলে প্ৰকাশ কৰিছে যে সোমবাৰে ৰাহুল গান্ধী নেপালৰ ৰাজধানী কাঠমাণ্ডুত তেওঁৰ এজন সাংবাদিক বন্ধু সুমনিমা উদাসৰ বিহাহ অনুষ্ঠানত উপস্থিত আছিল৷ বিবাহ অনুষ্ঠান এখন হোটেলৰ নাইট ক্লাবত আয়োজন কৰা হৈছিল আৰু সেয়ে ৰাহুল গান্ধী তাত উপস্থিত থকাতো আপত্তিজনক হ’ব নোৱাৰে৷ কিন্তু কংগ্ৰেছৰ স্পষ্টীকৰণ কোনে শুনে? ফলত ভাইৰেল হৈছে ৰাহুলৰ ভিডিঅ’ আৰু স্বাভাৱিকতে নিৰ্দয় ট্ৰলৰ সন্মুখীন হৈছে কংগ্ৰেছ সাংসদজন৷ ইপিনে আজি প্ৰধানমন্ত্ৰী জাৰ্মানীৰ পৰা গৈ ডেনমাৰ্কত উপস্থিত হৈছে৷ উল্লেখ্য, প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ পৰম্পৰাগত৷ মোদীৰ এই ভ্ৰমণৰ কোনো উপলক্ষ নাই৷ কোনো সংগঠনৰ বা ৰাষ্ট্ৰৰ শীৰ্ষ বৈঠকো নাই কিম্বা কোনো আন্তঃৰাষ্ট্ৰীয় সন্মিলনত মোদীয়ে অংশগ্ৰহণ কৰাৰ কাৰ্যসূচীও নাই৷ এই ভ্ৰমণকালত তিনিখন দেশৰ সূচী লৈ মোদী সোমবাৰে জাৰ্মানীত উপস্থিত হয়৷ তাত তেওঁ জাৰ্মান চেঞ্চেলৰ ওলাফ স্কোলজৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত ভাগ লয়৷ এই বৈঠকৰো তেনে কোনো নিৰ্দিষ্ট বিষয় নাছিল৷ দুয়ো চিৰাচৰিতভাৱেই দ্বিপাক্ষিক বৈঠকত সহজাত বিষয়সমূহ আলোচনা কৰাৰ লগতে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধক লৈয়ো আলোচনা কৰে৷ জাৰ্মানীৰ পৰা মোদীয়ে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ অবিলম্বে বিৰতি ঘটোৱাৰ আহ্বান জনায়৷ যৌথ সংবাদমেলত মোদীয়ে কয়–‘আমি অবিলম্বে যুদ্ধ বিৰতি ঘটোৱাৰ বিষয়ত জোৰ দিছো আৰু যুদ্ধৰত দেশক  যুদ্ধবিৰতিৰ আহ্বান জনাইছো৷ যুদ্ধ আৰম্ভ হোৱাৰ পৰাই মই আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ আহ্বান জনাই আহিছো৷ কাৰণ যুদ্ধত সকলো পক্ষৰেই পৰাজয় হয়৷’ প্ৰসংগতঃ যুদ্ধ আৰম্ভ হোৱাৰ পাছত এয়াই প্ৰথম ৰাছিয়াৰ যুদ্ধৰ বিৰুদ্ধে ভাৰতৰ সমালোচনা হিচাপে বিবেচিত হৈছে৷ আনহাতে মঙলবাৰে ডেনমাৰ্কত উপস্থিত হৈয়ো মোদীয়ে যুদ্ধবিৰতিৰ আহ্বান জনায়৷ কোপেনহেগেনত মোদীক স্বাগতম জনোৱাৰ পাছত ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকছেনে তেওঁক ঐতিহসিক মেৰিয়েনবৰ্গৰ চৰকাৰী বাসভৱনলৈ লৈ যায়৷ তাত দুয়ো প্ৰশস্ত লনত খোজকাঢ়ি কুশল-মংগল বিনিময় কৰাৰ পাছত দ্বিপাক্ষিক আলোচনাত মিলিত হয়৷ মেৰিয়েনবৰ্গত ফ্ৰেডেৰিকছেনে তেওঁক মোদীয়ে উপহাৰ দিয়া ওড়িশাৰ পাট্টচিত্ৰ পেইণ্টিং এখন দেখুৱাই আচৰিত কৰি তোলে৷ কাইলৈ মোদী ফ্ৰান্সলৈ ৰাওনা হ’ব৷