Logo
image

জাৱড়েকাৰৰ চেম্পেইন খোলাৰ ফটোৰে কংগ্ৰেছৰ প্ৰত্যুত্তৰ

আমাৰ অসম, ৪ মে’: নাইট ক্লাবৰ ফিচাৰ লাইটিঙৰ মন’ক্ৰম কালাৰ স্ক্ৰিমৰ আলোছাঁয়াৰ মাজত ভাঁহি উঠা অসহজ ৰাহুল গান্ধীৰ মুখ আৰু কাষত থকা এগৰাকী মহিলাই হাতৰ কেনৰ পৰা বীয়েৰ পান কৰাৰ এটা দৃশ্য৷ ভিডিঅ’টো মুঠেই ১২ ছেকেণ্ডৰ৷ এই ১২ ছেকেণ্ডৰ ভিডিঅ’টোৱে তোলপাৰ লগাইছে দেশ৷ বিজেপিৰ শক্তিশালী আইটি চেলৰ কৃপাত এতিয়া এই ভিডিঅ’টো দেশৰ সৰ্বত্ৰ বিয়পি পৰিছে আৰু কংগ্ৰেছ দল অধঃপতিত হোৱাৰ সময়ত দলৰ শীৰ্ষনেতা ৰাহুল গান্ধীয়ে নাইট ক্লাবত বহি আনন্দ উৎসৱত মছগুল হৈ আছে বুলি বিজেপিয়ে অভিযোগ কৰাৰ লগে লগে সমগ্ৰ দেশেই ৰাহুল গান্ধীক ধিক্কাৰ দিছে আৰু নিন্দা কৰিছে৷ অন্ততঃ মঙলবাৰৰ দিনটোত দেশৰ ছ’চিয়েল মিডিয়া আৰু মেইনষ্ট্ৰিম মিডিয়াৰ ‘ট্ৰেণ্ডিং নিউজ’ এইটোৱেই৷ ৰাহুল গান্ধীৰ দৰে এগৰাকী ৰাজনীতিবিদে কিয় এনেদৰে নাইট ক্লাবত সময় পাৰ কৰিছে সেই লৈ বিজেপিৰ আগশাৰীৰ নেতাই প্ৰশ্ন উত্থাপন কৰিছে আৰু ভাইৰেল হৈ পৰা সেই ভিডিঅ’ৰ তলত দেশৰ হাজাৰ হাজাৰ বিজেপি সমৰ্থকৰ প্ৰশ্ন ঠিক বিজেপি নেতাই কৰাৰ দৰেই প্ৰতিধবনিত হৈছে৷ কংগ্ৰেছ দলে হাজাৰ উত্তৰ দিও কাকো সন্তুষ্ট কৰিব পৰা নাই৷ বিৰোধী দল বিজেপিৰ সমৰ্থকক পতিয়ন নিয়াটো দূৰৰে কথা আনকি নিজ দল কংগ্ৰেছৰ নেতা-কৰ্মীকো ৰাহুল গান্ধীৰ হৈ উত্তৰ দিয়া কংগ্ৰেছ নেতাই পতিয়ন নিয়াবলৈ সক্ষম হোৱা নাই৷ সকলোৰে প্ৰশ্ন এটাই– বিজেপিক আৰু ঘাইকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰতিটো বিষয়তে সমালোচনা কৰি থকা ৰাহুল গান্ধী নাইট ক্লাবলৈ কিয় যাব, বাৰত তেওঁ কিয় বহিব?

মঙলবাৰে এই ১২ ছেকেণ্ডৰ ভিডিঅ’টোৱে দেশৰ ৰাজনীতি, সমাজনীতি তোলপাৰ কৰি থাকিলেও ইয়াৰ আৰম্ভণি হৈছিল এদিন আগত৷ সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন দেশৰ ভ্ৰমণসূচী লৈ ইউৰোপলৈ ৰাওনা হৈছিল৷ ঠিক তাৰ পাছতে কংগ্ৰেছ দলৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা মোদীক সমালোচনা কৰি এটা টুইট প্ৰকাশ কৰে৷ সেই টুইটত কংগ্ৰেছে লিখিলে– দেছ মে সংকট ছাঁয়া হে, মগৰ চাহেব কো বিদেশ ভায়া হে৷ দেশত সংকট চলি আছে, কিন্তু চাহাবে [প্ৰধানমন্ত্ৰী] বিদেশ ভ্ৰমণ কৰি আছে৷ কংগ্ৰেছৰ এই টুইটটো দেখিয়েই জ্বলিপকি উঠিল বিজেপি৷ ছ’চিয়েল মিডিয়াৰ শক্তিৰে বিজেপিক কংগ্ৰেছে বলে নোৱাৰে৷ দেশৰ ৰাজনীতিতো বিজেপিৰ সন্মুখত শ’লঠেকত পৰি আছে কংগ্ৰেছ৷ বিজেপিৰ আইটি চেল ইমানেই শক্তিশালী যে কংগ্ৰেছে এটা টুইট আক্ৰমণ কৰিলে বিজেপিৰ পক্ষৰ পৰা তাৰ উত্তৰত লক্ষ লক্ষ টুইটৰ বৰষুণ পৰে৷ এইক্ষেত্ৰতো তাৰ ব্যতিক্ৰম নহ’ল৷ প্ৰথমে বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালব্যই ৰাহুল গান্ধীৰ এই বহুচৰ্চিত নাইট ক্লাবৰ ভিডিঅ’টো দলৰ টুইটাৰ হেণ্ডলত আপল’ড কৰি লিখিলে– মুম্বাইত যেতিয়া সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল তেতিয়া ৰাহুল গান্ধী নাইট ক্লাবত আছিল৷ ৰাজস্থানত তেওঁৰ চৰকাৰ যি মুহূৰ্তত বিস্ফোৰক পৰিস্থিতিৰ সন্মুখীন হৈছে ঠিক তেতিয়াও ৰাহুল গান্ধী পুনৰ নাইট ক্লাবত৷ এই দিশত তেওঁৰ ধাৰাবাহিকতা অব্যাহত আছে৷ অমিত মালব্যই এই টুইট কৰাৰ লগে লগে বিজেপিৰ আগশাৰীৰ অনেক নেতা আৰু লাহে লাহে আইটি চেলৰ সদস্যই ভিডিঅ’টো দেশৰ ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি দিলে৷ তাৰ উত্তৰত কংগ্ৰেছে কি কৈছে সেয়া শুনাৰ বা জনাৰ কাৰো অৱকাশ নাই৷

কংগ্ৰেছৰ আগশাৰীৰ নেতা ৰণদ্বীপ সিং সূৰজেৱালাই বিজেপিৰ সেই টুইটৰ প্ৰত্যুত্তৰত ক’লে– ৰাহুল গান্ধীয়ে তেওঁৰ এজন বন্ধুৰ বিয়াত নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত আছে৷ বিয়াৰ অনুষ্ঠানৰ একাংশ নাইট ক্লাব আৰু বাৰত হৈছে৷ ৰাহুল গান্ধী তাত উপস্থিত থকাত বিজেপিৰ আপত্তি কি? সূৰজেৱালাই পুনৰ বিজেপিক প্ৰত্যাক্ৰমণ কৰি ক’লে– বন্ধুত্বপূৰ্ণ দেশলৈ বন্ধুৰ বিয়াত উপস্থিত থাকিবলৈ যোৱাটো কোনো অপৰাধ নহয়৷ ৰাহুল গান্ধীয়েতো আৰু পাকিস্তানৰ নৱাজ শ্বৰীফৰ ঘৰৰ অনুষ্ঠানলৈ অনিমন্ত্ৰিতভাৱে যোৱা নাই৷ উল্লেখ্য, ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো নিমন্ত্ৰণ নোহোৱাকৈ হঠাতে তেতিয়াৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ বাসভৱনত উপস্থিত হৈছিল৷ সেইদিনা নৱাজ শ্বৰীফৰ নাতিনীয়েকৰ বিবাহৰ বাগদান পৰ্ব অনুষ্ঠিত হৈছিল৷ মোদীৰ সেই অভাৱনীয় পদক্ষেপে কেৱল শ্বৰীফকে হতভম্ব কৰা নহয়, দেশৰ ৰাজনীতিতো মোদীৰ শত্ৰু দেশলৈ অনিমন্ত্ৰিতভাৱে যোৱাৰ ঘটনাই বিতৰ্কৰ জোৱাৰ তুলিছিল৷ সেই প্ৰসংগ আজি কংগ্ৰেছে উত্থাপন কৰিলেও কোনেও তালৈ লক্ষ্য কৰা নাই৷ বৰং দেশৰ সকলোৱেই সমৱেত হৈ ধিক্কাৰ দিছে ৰাহুল গান্ধীক৷ 

প্ৰকৃততে ঘটনাটো কি আৰু কেতিয়া সংঘটিত হৈছিল? এই দুয়োটা প্ৰশ্নৰ উত্তৰ বিজেপিৰ নেতা আৰু আইটি চেলে ভাইৰেল কৰি দিয়া ভিডিঅ’ত নাই৷ কিন্তু সংবাদ প্ৰতিষ্ঠানে জনোৱা অনুসৰি ৰাহুল গান্ধীৰ এই ভিডিঅ’ সোমবাৰৰ নিশাৰ৷ সোমবাৰে তেওঁ নেপালৰ ৰাজধানী কাঠমাণ্ডুত তেওঁৰ এজন ঘনিষ্ঠ সাংবাদিক বন্ধুৰ বিয়াত উপস্থিত আছিল৷ সুমনিমা উদাস নামৰ ৰাহুল গান্ধীৰ বন্ধুজনে বিবাহৰ পাৰ্টি আয়োজন কৰিছিল ৰাজধানী কাঠমাণ্ডুৰ এখন বিলাসী হোটেলৰ নাইট ক্লাবত৷ সেই অনুষ্ঠানত কিছু সময়ৰ বাবে উপস্থিত আছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী৷ এই বিষয়টো কংগ্ৰেছৰ পক্ষৰ পৰা স্পষ্ট কৰি দিলেও বিজেপিয়ে দিনটো ধৰি ৰাহুল গান্ধীক সমালোচনা কৰিবলৈ এৰা নাই৷ বিজেপিৰ একাংশৰ মতে ৰাহুল গান্ধী পাৰ্টটাইম পলিটিচিয়ান, তেওঁ পূৰ্ণকালীনভাৱে এনেদৰে নাইট ক্লাবত পাৰ্টিহে কৰে, পূৰ্ণকালীন ৰাজনীতি কৰিব নোৱাৰে৷ বিজেপিৰ এজন মজলীয়া নেতাই ৰাহুল গান্ধীৰ দেশ আৰু বিদেশ ভ্ৰমণৰ লোকসভাৰ এটা তথ্যও দিছে৷ তেওঁৰ মতে ২০১৫ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ৰাহুল গান্ধীয়ে ১,৮৯২ বাৰ দেশৰ ভিতৰত ভ্ৰমণ কৰিছে আৰু ২৪৭ বাৰ বিদেশ ভ্ৰমণ কৰিছে৷ লোকসভাত ২০২০ চনত সেই তথ্য প্ৰকাশ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ একাংশৰ মতে ভ্ৰমণৰ এই সংখ্যা এজন ৰাজনীতিবিদৰ ক্ষেত্ৰত মুঠেই অস্বাভাৱিক নহয়৷ দেশৰ বহু ৰাজনীতিবিদেই ইমান বা ইয়াতকৈ বেছি সংখ্যক দেশ-বিদেশ ভ্ৰমণ কৰে৷ সকলোৰে তথ্য এনেদৰে সংখ্যাত প্ৰকাশ নহয় বাবে তেওঁলোকৰ বিষয়ে সাধাৰণ লোকে নাজানে৷ পিছে উদ্দেশ্যপ্ৰণোদিতভাৱে বিজেপিয়ে ৰাহুল গান্ধীৰ দেশ-বিদেশ ভ্ৰমণৰ তথ্য এনেদৰে প্ৰকাশ কৰি থৈছে যাতে সময়ে সময়ে বিজেপিৰ আইটি চেলে সেয়া ব্যৱহাৰ কৰি দেশৰ জনসাধাৰণক ৰাহুল গান্ধী বিৰোধী কৰি তুলিব পাৰে৷ এনে তথ্য প্ৰকাশ কৰিলে ৰাহুল গান্ধীৰ বিৰুদ্ধে সমালোচনাৰ চোক বাঢ়ে৷

ৰাহুল গান্ধীৰ এই ভিডিঅ’ক লৈ বিজেপিৰ নেতা আৰু আইটি চেলে দেশ তোলপাৰ কৰি থকাৰ সময়তে কংগ্ৰেছে টুইটাৰত এৰি দিছে বিজেপিৰ এজন আগশাৰীৰ মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰৰ এটা চেম্পেইনৰ বটল খুলি থকাৰ ভিডিঅ’ আৰু ফটো৷ সেই ভিডিঅ’ আৰু ফটো কোন তাৰিখৰ সেই বিষয়ে কংগ্ৰেছৰ কেইজনমান নেতাই আপল’ড কৰা পোষ্টত উল্লেখ নাই৷ ঠিক নাইট ক্লাবৰ দৰে এটা পৰিৱেশত বিজেপি চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে এটা চেম্পেইনৰ বটল হাতত লৈ তাৰ সাফৰ খুলিছে আৰু বটলৰ পৰা ফোৱাৰাৰ দৰে ছিটিকি পৰিছে চেম্পেইনৰ টোপাল৷ কংগ্ৰেছৰ একাধিক নেতাই সেই ফটোৰ তলত প্ৰশ্ন কৰিছে– এইজন কোন, চিনি পাইছেনে? এতিয়া প্ৰকাশ জাৱড়েকাৰৰ চেম্পেইনৰ বটল খোলাৰ এই ভিডিঅ’ই চৰ্চা লাভ কৰিছে৷ কোৱা হৈছে, বিজেপিয়ে প্ৰকাশ কৰা ৰাহুল গান্ধীৰ নাইট ক্লাবৰ ভিডিঅ’ৰ এয়া কংগ্ৰেছৰ প্ৰত্যুত্তৰ৷