Logo
image

জিডিপি ৭.৫ শতাংশ সংকুচিত, দেশত গুৰুতৰ মন্দাৱস্থা

আমাৰ অসম, ২৮ নৱেম্বৰঃ অৰ্থনীতিবিদসকলে আশংকা কৰা মতেই দেশৰ অৰ্থনীতি গুৰুতৰ মন্দাৱস্থালৈ গতি কৰিছে৷ আজি চৰকাৰীভাৱে প্ৰকাশ কৰা দ্বিতীয়টো ত্ৰৈমাসিকৰ জিডিপি ৭.৫ শতাংশ সংকুচিত হৈছে৷ প্ৰকাশিত তথ্যমতে ২০২০-২১ বিত্তীয় বৰ্ষটোৰ জুলাই-ছেপ্টেম্বৰ মাহত আৰ্থিক বৃদ্ধি [জিডিপি]ৰ হাৰ সংকুচিত হৈছে ৭.৫ শতাংশ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে এপ্ৰিল-জুলাই অৰ্থাৎ প্ৰথম তিনি মাহত এই হাৰ আছিল ২৩.৯ শতাংশ৷ ভাৰতৰ অৰ্থনীতিত জিডিপিৰ এনে সংকোচন এয়াই প্ৰথম৷ অৰ্থনৈতিক বিশেষজ্ঞসকলৰ মতে একেৰাহে দুটা কোৱাৰ্টাৰ বা দ্বিতীয়টো ত্ৰৈমাসিকতো যদি জিডিপিৰ সংকোচন ঘটে, তেন্তে তাক টেকনিকেল ৰিছেশ্বন অৰ্থাৎ আপাত মন্দা বুলি কোৱা হয়৷ ১৯৯৬ৰ পিছত ভাৰতৰ অৰ্থনীতি প্ৰথমবাৰৰ বাবে এনে আৰ্থিক সংকোচনৰ সন্মুখীন হ’ব লগাত পৰিছে৷ ইপিনে জিডিপি সংকুচিত হ’লেও এতিয়াও আশাবাদী দেশৰ বিত্তীয় উপদেষ্টা কে সুব্ৰমণিয়াম৷ তেওঁৰ মতে দেশৰ অৰ্থনীতি ভালেই চলিছে৷ কৰ’না পৰিস্থিতিৰ পূৰ্বৰে পৰা ভাৰতৰ অৰ্থনীতি সুস্থিৰ বুলি মন্তব্য কৰে বিত্তীয় উপদেষ্টাজনে৷ সুব্ৰমণিয়ামে লগতে কয় যে যোৱা মাৰ্চ মাহত কৰ’নাৰ বাবে বিত্তীয় বছৰটোৰ প্ৰথম ত্ৰৈমাসিকত দেশৰ অৰ্থনীতিত প্ৰভাৱ পৰিছিল৷ সেই সময়ত ভাৰতৰ জিডিপি ২৩.৯ শতাংশলৈ সংকুচিত হৈছিল৷ ভাৰতীয় ৰিজাৰ্ভ বেংকেও জুলাই-ছেপ্টেম্বৰ মাহত জিডিপি সংকুচিত হ’ব পাৰে বুলি আশংকা কৰিছিল৷ অৰ্থনীতিবিদসকলৰো একে আশংকা আছিল৷ অৱশ্যে তুলনামূলকভাৱে অক্টোবৰৰ পৰা ডিচেম্বৰ, এই তিনিমাহত জিডিপিৰ সংকোচন কমিব বুলি ৰিজাৰ্ভ বেংকে আশা কৰে৷ একেদৰে দেশৰ অৰ্থনীতি আনল’ক পৰ্বত পুনৰ ভাললৈ আহিব বুলি আশা কৰা হৈছিল যদিও সেয়া নহ’ল৷ অৱশ্যে ২০২১ত ভাৰতৰ আৰ্থিক অৱস্থা ভাললৈ অহাৰ আশা প্ৰকাশ কৰিছে বিত্তীয় বিশেষজ্ঞসকলে৷