Logo
image

‘সাহসী’ জোনমণিৰ বিৰুদ্ধে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ

আমাৰ অসম, ১২ মে’: প্ৰৱঞ্চক ৰাণা পগাগৰ বিৰুদ্ধে এইবাৰ মাজুলীৰ গড়মূৰ থানাত গোচৰ ৰুজু কৰিলে মাজুলীৰ দুই ব্যৱসায়ী ক্ৰমে ৰাম অৱতাৰ শৰ্মা আৰু অজিত বৰাই৷  অ’ এন জি চিৰ পৰা মাজুলীৰ বহুকেইটা স্থানত উন্নয়নমূলক আঁচনিৰ কামৰ ঠিকা দিম বুলি ৰাণা পগাগে বৃহৎ পৰিমাণৰ ধন লুটি নিয়াৰ অভিযোগ তুলিছে দুই অভিযোগকাৰীয়ে৷ প্ৰৱঞ্চক ৰাণা পগাগৰ বিৰুদ্ধে ইতিমধ্যে মাজুলীৰ গড়মূৰ থানাত ব্যৱসায়ী ৰাম অৱতাৰ শৰ্মা আৰু অজিত বৰাই ২০/২২, ২১/২২ আৰু US ১২০B/১৭০/৪০৬/৪১/৯ আৰু ৪২০/৪৬৮/৪৭১ আৰু ৪৭২ IPC গোচৰ ৰুজু কৰাৰ উপৰিও জোনমণি ৰাভাৰ বিৰুদ্ধেও বহু আপত্তিজনক তথ্য দাখিল কৰিছে৷ নগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অভিযোগকাৰীয়ে৷ ভাবী স্বামীৰ হৈ ধন সংগ্ৰহৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে৷ ৰাণা পগাগৰ প্ৰৱঞ্চনাৰ বিষয়ে পূৰ্বৰে পৰা হেনো জ্ঞাত আছিল জোনমণি ৰাভা৷ ইতিমধ্যেই ৰাণা পগাগক নিজেই গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল জোনমণিয়ে৷ এইবাৰ সেইগৰাকী জোনমণিৰ বিৰুদ্ধেও ব্যৱস্থা লোৱাৰ আহ্বান ভুক্তভোগীৰ৷ জোনমণিৰ উপস্থিতিতে ৰাণাই কমিছন লোৱাৰ অভিযোগ ভুক্তভোগীৰ৷ ৬ জুনৰ পৰা ১২ ডিচেম্বৰলৈ ৮টা কিস্তিত সৰ্বমুঠ ১৩ লাখ ৭২ হাজাৰ টকা ৰাণা পগাগক দিয়াৰ অভিযোগ তুলিছে ভুক্তভোগী অজিত বৰাই৷  ইফালে ৰাম অৱতাৰ শৰ্মাৰ পৰা ৪৯ লাখ ৪৬ হাজাৰ টকা লুটি নিয়ে ৰাণা পগাগে৷ উল্লেখ্য, গড়মূৰ থানাত এজাহাৰ দাখিল কৰা অজিত বৰাই এজাহাৰত এইদৰে উল্লেখ কৰে,  .... জোনমণি ৰাভাই তেওঁৰ ভাবীস্বামী ৰাণা পগাগে অ’ এন জি চি বিভাগে অনুমোদন দিয়া মাজুলীৰ কেইবাটাও আঁচনিত ঠিকাদাৰৰ দ্বাৰা ৰাণা পগাগৰ পৰিচালনাত কাম কৰাব বুলি কয় আৰু এজাহাৰকাৰীক তেওঁৰ পৰা কাম ল’বলৈ প্ৰৰোচিত কৰে৷ দুই ব্যৱসায়ীৰ গোচৰৰ পাছত এই সন্দৰ্ভত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ উল্লেখ্য, বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড॰ অমিয় কুমাৰ ভূঞাক নীতিশিক্ষা দি চৰ্চালৈ আহিছিল জোনমণি ৰাভা৷ ৮ ছেপ্টেম্বৰত মাজুলী- নিমাতীঘাট জলপথত সংঘটিত নাও দুৰ্ঘটনাৰ পাছতে ৰাজ্যজুৰি নিষেধাজ্ঞা আৰোপ কৰা হৈছিল এটা ইঞ্জিনৰ নাও চলাচলৰ ক্ষেত্ৰত৷ তেতিয়াই ধুনাগুড়ি ঘাটত আৰক্ষী বিষয়াগৰাকীয়ে নাও জব্দ কৰা কৰ্মক লৈ বিধায়ক ভূঞাই দিয়া ধমকক উভতি ধৰিছিল ৰাভাই৷ ইয়াৰ পাছত ভাবীস্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু আৰু এই ঘটনাৰ লগত জোনমণি সাঙুৰ খাই পৰাৰ লগে লগে ৰাণা পগাগৰ ঘটনা অধিক ৰহস্যঘন হৈ পৰিছে৷