Logo
image

প্ৰশান্ত ৰাজগুৰুলৈ পৰাগ কুমাৰ দাস বঁটা

আমাৰ অসম, ১২ মে’: বিশিষ্ট সাংবাদিক, ‘আমাৰ অসম’ৰ প্ৰাক্তন সম্পাদক, প্ৰাগ নিউজৰ এডিটৰ ইন চীফ প্ৰশান্ত ৰাজগুৰুলৈ আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা৷ পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত আজি এই কথা ঘোষণা কৰে৷ জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈয়ে সংবাদ মেলত কয়– ১৭ মে’ত প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু তিথিৰ সৈতে সংগতি ৰাখি পুৱা ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব৷ বিগত ১১ বছৰ ধৰি আপোচবিহীন সাংবাদিক পৰাগ কুমাৰ দাসৰ সৈতে সাংবাদিকতা জীৱন আৰম্ভ কৰা একাংশ সাংবাদিকক লৈ গঠিত পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই প্ৰয়াত সাংবাদিকজনৰ পৱিত্ৰ স্মৃতিত এই সাংবাদিকতা বঁটা প্ৰদান কৰি আহিছে৷ পূৰ্বে প্ৰয়াত সাংবাদিকজনৰ ওপজা দিন ২৪ ফেব্ৰুৱাৰীত এই বঁটা প্ৰদান কৰি অহা হৈছিল যদিও এই বৰ্ষৰ পৰা বঁটাটো পৰাগ কুমাৰ দাসৰ মৃত্যু তিথি ১৭ মে’ত প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ এই বঁটাৰ সৈতে আছে নগদ ২৫ হাজাৰ টকা, স্মাৰক, চেলেং চাদৰ আৰু প্ৰশংসা পত্ৰ৷ বিগত শতিকাৰ আশীৰ দশকৰ পৰা দৈনিক জনমভূমি কাকতৰ জৰিয়তে সাংবাদিকতা জীৱন আৰম্ভ কৰা বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুক প্ৰায় চাৰি দশকজোৰা সাংবাদিকতা জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ বাবে এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ বিগত চাৰিটা দশকত ৰাজগুৰুৱে দৈনিক জনমভূমি, অসমীয়া প্ৰতিদিন, দৈনিক অসম আদি কাকতত সাংবাদিকতাৰে অসমৰ সংবাদ জগতত নিজৰ সুকীয়া পৰিচয়ৰে ‘আমাৰ অসম’ কাকতৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷ প্ৰাগ নিউজ এডিটৰ ইন চীফ হিচাপে তেওঁ ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ সাংবাদিকতাটো নিজস্ব স্থান গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ তেওঁ প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যুৰ সময়ত অসমীয়া প্ৰতিদিনত সতীৰ্থ সাংবাদিক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ ৰাজগুৰুক ১৭ মে’ত এই বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰিব বিশিষ্ট বিজ্ঞানী তথা লেখক ড॰ দীনেশ চন্দ্ৰ গোস্বামীয়ে৷ বঁটা প্ৰদানৰ লগত সংগতি ৰাখি প্ৰয়াত নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ পত্নী বেবী বৰঠাকুৰক সম্বৰ্ধনা জনোৱা হ’ব৷ তদুপৰি পৰাগ দাস বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড॰ দীপেন বেজবৰুৱাই৷ সংবাদ মেলত জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ নাথ, ধৈৰ্য হাজৰিকা, বেদব্ৰত বৰা, কিশোৰ ভট্টাচাৰ্য উপস্থিত থাকে৷