Logo
image

এভাৰেষ্টৰ শিখৰত পুনৰ অসম সন্তান

আমাৰ অসম, ১৩ মে’: বিশ্বৰ সৰ্বোচ্ছ শিখৰ মাউণ্ট এভাৰেষ্টৰ চূড়াত ভৰি দিলে আন এজন অসমীয়াই৷ বৰ্তমান আমেৰিকাৰ কেলিফৰ্নিয়াৰ ফ্ৰীমণ্টৰ বাসিন্দা হেদায়েৎ আলী নানা প্ৰতিকূলতা নেওচি বৃহস্পতিবাৰৰ পুৱা ৭.৩০ বজাত এভাৰেষ্টৰ শিখৰত উপস্থিত হয়৷ আমেৰিকাত বাস কৰিলেও হেদায়েৎ হৈছে অসম সন্তান৷ তেওঁৰ জন্ম হাজোৰ দামপুৰত৷ গোৱালপাৰাৰ সৈনিক স্কুলৰ শিক্ষা সমাপ্ত কৰাৰ পাছত যোৰহাট ইঞ্জিনীয়াৰিং কলেজৰ পৰা ইঞ্জিনীয়াৰিঙৰ স্নাতক ডিগ্ৰী লৈ তেওঁ ছফট্‌ৱেৰ ইঞ্জিনীয়াৰ হিচাপে আমেৰিকাত কৰ্মজীৱন আৰম্ভ কৰিছিল৷ কলেজীয়া ছাত্ৰ হৈ থকা অৱস্থাতে তেওঁ বিশ্বৰ সৰ্বোচ্ছ শৃংগটোত আৰোহণৰ সপোন দেখিছিল৷ সেই সপোনৰ তাড়নাতেই তেওঁ পৰ্বতাৰোহণৰ বিষয়ে অধ্যয়ন আৰম্ভ কৰাৰ লগতে অভিজ্ঞ পৰ্বতাৰোহীৰ তত্ত্বাৱধানত অনুশীলনো চলাইছিল৷ এভাৰেষ্টলৈ অভিযান আৰম্ভ কৰাৰ পূৰ্বে আলীয়ে বিশ্বৰ কেইবাটাও সু-উচ্ছ শৃংগ সফলতাৰে আৰোহণ কৰিছে৷ ২০১৮ চনত আফ্ৰিকাৰ সৰ্বোচ্ছ শিখৰ কিলিমাঞ্জাৰো আৰোহণ কৰাৰ এবছৰ পাছত তেওঁ জয় কৰিছিল দক্ষিণ আমেৰিকা তথা দক্ষিণ গোলাৰ্ধৰ সৰ্বোচ্ছ শিখৰ মাউণ্ট একন’গুৱা আৰু ইউৰোপৰ সৰ্বোচ্ছ শিখৰ ৰাছিয়াৰ মাউণ্ট এলব্ৰাছ৷ এই সফলতাই হেদায়েতৰ আত্মবিশ্বাস বহুখিনি বৃদ্ধি কৰিছিল আৰু তেওঁ আৰম্ভ কৰিছিল এভাৰেষ্ট অভিযানৰ প্ৰস্তুতি৷ দুবছৰ পূৰ্বে তেওঁ প্ৰথমবাৰ এভাৰেষ্ট আৰোহণৰ চেষ্টা চলাইছিল যদিও ক’ভিডসৃষ্ট সমস্যাৰ বাবে তেওঁ তেওঁৰ সেই অভিযান সফল হোৱা নাছিল৷ তথাপিও চেষ্টা এৰি দিয়া নাছিল তেওঁ আৰু  এঘাৰজনীয়া পৰ্বতাৰোহী দল এটাৰ সদস্য হিচাপে অভিযান চলাই এইবাৰ বহুকাংজ্ঞিত লক্ষ্যত উপনীত হ’ল হেদায়েৎ আলী৷ এইদৰে এভাৰেষ্টৰ শিখৰত ভৰি দিয়া অসমৰ অষ্টমজন পৰ্বতাৰোহী হিচাপে স্বীকৃত হ’ল তেওঁ৷ উল্লেখ্য, অসমৰ পৰা প্ৰথমবাৰ বিশ্বৰ সৰ্বোচ্ছ শৃংগটো আৰোহণ কৰিছিল তৰুণ শইকীয়া আৰু মনীষ ডেকাই৷ তেওঁলোকে এই সফলতা অৰ্জন কৰিছিল ২০১৩ চনত৷ পৰৱৰ্তী সময়ত নন্দদুলাল দাস, হেনৰী ডেভিড টেৰণ, খৰছিং টেৰাং আৰু নৱ কুমাৰ ফুকনে এভাৰেষ্টৰ চূড়াত বিজয়ধবজা উৰুৱাবলৈ সক্ষম হৈছিল৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে ২০০৮ চনতে ৰঙিয়াৰ দৰঙা মেলাৰ কুনশ্বুক টেম্পা নামৰ যুৱকজনে ভাৰতীয় সেনাৰ সহযোগত এভাৰেষ্ট আৰোহণ কৰিছিল৷ তিনি বছৰ পূৰ্বে কৃত্ৰিম অক্সিজেনৰ সহায় নোলোৱাকৈ এভাৰেষ্ট  আৰোহণ [দ্বিতীয়বাৰ] কৰি বিৰল কৃতিত্বৰ অধিকাৰী হৈছিল টেম্পা৷