Logo
image

দৃষ্টান্ত! এটিএমত পোৱা লাখ টকা ওভতাই দিলে ৰাজুৱে

আমাৰ অসম, ১৪ মে’: কৰ্মইহে মানুহৰ প্ৰকৃত পৰিচয় দাঙি ধৰে৷ সাধাৰণতে সমাজত সৰু মানুহ বুলি জ্ঞান কৰা বহু লোকৰ মন যে বহল আৰু উদাৰ সেই কথা বিভিন্ন ক্ষেত্ৰত প্ৰমাণ হৈ আহিছে৷ আজি যোৰহাটৰ এটা এটিএম-ৰ ওপৰত ১ লাখ টকা হেৰাই পোৱাৰ পাছত ধূনাৱালা মহম্মদ ৰাজুৱে তেওঁৰ মেকানিক ভায়েক স্বামী মহম্মদক লগত লৈ আৰক্ষী থানত নিজে উপস্থিত হৈ থকা টকাখিনি ঘূৰাই দি সততাৰ পৰিচয় দাঙি ধৰে৷ উল্লেখ্য, বিহাৰৰ মহম্মদ ৰাজু নামৰ এইজন লোকজন ভায়েকৰ সৈতে যোৰহাট নগৰত ভাড়া ঘৰত থাকে৷ ৰাজুৱে চাইকেল লৈ ঘূৰি ফুৰি ঘৰে ঘৰে লেপ তুলি নিৰ্মাণ কৰি আৰু ভায়েক স্বামী মহম্মদে মটৰ মেকানিক হিচাপে কাম কৰি জীৱিকা অৰ্জন কৰে৷ বুধবাৰে নগৰখনৰ ষ্টেট বেংকৰ এ টি এম-ত টকা জমা কৰিবলৈ গৈ ৰাজুৱে এ টি এম মেচিনৰ ওপৰত টকাৰ এটা বাণ্ডোল দেখা পায়৷ টকাৰ বাণ্ডলটো ৰাজুৱে তুলি লোৱা দেখি সেই সময়ত এ টি এম-ত উপস্থিত থকা আন দুজন লোকে টকাখিনি ভাগ কৰি লোৱাৰ প্ৰস্তাৱ দিয়ে৷ কিন্তু ৰাজুৱে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে আৰু ভায়েকক কথাটো অৱগত কৰে৷ সেই মৰ্মে দুই ভ্ৰাতৃ যোৰহাট থানাত উপস্থিত হৈ এক লাখ টকাৰ বাণ্ডোলটো জমা দিয়ে৷ কঠোৰ পৰিশ্ৰমেৰে জীৱন নিৰ্বাহ কৰা এই দুই ভাই-ককাইৰ মহানুভৱতাৰ বিষয়ে আজিহে পোহৰলে আহিছে৷ এই ঘটনাটো প্ৰচাৰ হোৱাৰ পাছত সকলোৱে মহম্মদ ভাতৃদ্বয়ক শলাগ লৈছে৷ ইফালে, এই টকাখিনি এ টি এম মেচিনত জমা কৰিবলৈ আনি এৰি টীয়কৰ নৱ দত্ত নামৰ এজন লোকে এৰি থৈ যোৱা বুলি জানিব পৰা গৈছে৷ এই সন্দৰ্ভত নৱ দত্তৰ সৈতে টেলিফোন যোগে যোগাযোগ কৰাত তেওঁ ভুলক্ৰমে টকাখিনি এৰি থৈ যোৱা বুলি ‘আমাৰ অসম’ক জানিবলৈ দিয়ে৷ অৱশ্যে তেওঁ কি পৰিস্থিতিত টকাখিনি এৰি থৈ গ’ল আৰু এইখিনি ক’ৰ টকা আছিল সেই কথা প্ৰকাশৰ পৰা বিৰত থাকে৷ উল্লেখ্য, তেওঁ নেক্সা গাড়ী কোম্পানীৰ প্ৰাক্তন কৰ্মচাৰী আছিল৷