Logo
image

মাজুলীৰ দলঙত বিসংগতি ক্ষুব্ধ মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক

নদীদ্বীপত ক্ষোভৰ জুই

সাংবাদিক দেখি আঁতৰিল শীৰ্ষ আমোলা

আমাৰ অসম, ১৪ মে': ঢৌ লেখি লেখি ফেৰীৰে মাজুলীলৈ অহাৰ ৰোমাঞ্চকৰ অভিজ্ঞতা, লুইতৰ ইপাৰ-সিপাৰৰ মানুহবোৰৰ দুখ-যাতনা অথবা নদীৰ বুকুত ওপঙি থকা দুখবোৰ সোনকালেই নাইকিয়া হ’ব! ব্ৰহ্মপুত্ৰৰ বুকুত এখন দলং হ’ব! সোনকালেই হ’ব– যিখন দলঙে মাজুলীবাসীৰ সমস্যাসমূহ নাইকিয়া কৰিব...! এনেকৈয়ে ভাবিবলৈ লৈছিল মাজুলীবাসীয়ে৷ নিৰ্মাণৰত মাজুলী-যোৰহাট সংযোগী দলংখনক লৈ কিমান যে আশা, সপোন প্ৰতিজন মাজুলীয়ালৰ! পিছে নিৰ্মাণৰ প্ৰাৰম্ভিক অৱস্থাতেই ৩০ এপ্ৰিলত ধৰা পৰিল দলঙৰ খুঁটা নিৰ্মাণত বিসংগতি৷ মাজুলীৰ দক্ষিণপাট নাওশালী গাঁৱৰ পৰা যোৰহাট হাতীশালক সংযুক্ত কৰি নিৰ্মাণ হ’বলগা মাজুলীবাসীৰ সপোনৰ দলংখনৰ মুঠ ৫৬টা খুঁটাৰ ভিতৰত বাৰটা খুঁটাৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আগবাঢ়িছিল৷ পিছে এনে সময়তেই আঠ আৰু এঘাৰ নম্বৰ খুঁটা দুটা নিৰ্মাণত ধৰা পৰিল ভয়ংকৰ বিসংগতি৷ খুঁটা দুটাৰ বহু অংশত নিৰ্মাণৰ বেলিকা ৰৈ যোৱা ত্ৰুটিৰ বাবেই সেই অংশসমূহ আঙুলিৰে কুৰুকি দিলেই গাঁতৰ দৰে ফাক দৃষ্টিগোচৰ হয়৷ খুঁটাৰ আঠ-দহ ইঞ্চি ভিতৰলৈকে ওলাইছে কেৱল শুকান বালি৷ দলং নিৰ্মাণকাৰ্যত  বিসংগতি ঘটা দেখি স্তম্ভিত হৈ পৰিছিল সমগ্ৰ মাজুলীবাসীৰ লগতে দল-সংগঠনসমূহ, চাৰিওদিশে জ্বলিছিল ক্ষোভৰ জুই৷ উল্লেখ্য, মাজুলীবাসীৰ সপোনৰ মাজুলী-যোৰহাট সংযোগী দলংখন ইউ পি ষ্টেট ব্ৰীজ কৰ্প’ৰেচন নামৰ কোম্পানীটোয়ে নিৰ্মাণৰ মূল ঠিকা লাভ কৰিছিল যদিও তেওঁলোকে দুলীয়াজনৰ বদ্ৰী ৰাই কন্‌ষ্ট্ৰাক্‌চন কোম্পানীক ৬২৫ কোটি টকাত উপ-ঠিকা হিচাপে কাম কৰিবলৈ দিয়ে৷ ৯২৫ কোটি টকীয়া দলংখন ৬২৫ কোটি টকাত বিআৰচিক উপ-ঠিকাত দি ইউ পি ষ্টেট ব্ৰীজ কৰ্পৰেশ্বনে ৩০০ কোটি টকা কাৰিকৰী পৰামৰ্শ দোহাই দি লাভালাভৰ ব্যৱস্থা কৰিছিল৷ ইফালে বিসংগতি ধৰা পৰাৰ পাছত আজি বাৰদিনে বন্ধ হৈ আছে দলংখনৰ নিৰ্মাণকাৰ্য৷ দলঙৰ খুঁটা নিৰ্মাণত সংঘটিত অনিয়মৰ বুজ ল’বলৈ শুকুৰবাৰে দিনৰ ১০ বজাত দলং নিৰ্মাণথলীত সাংসদ প্ৰদান বৰুৱা আৰু মাজুলীৰ বিধায়ক ভুৱন গামসহ এটি দল উপস্থিত হয়৷ দলটোত লোকনিৰ্মাণ বিভাগৰ অভিযন্তাৰ লগতে গড়কাপ্টানি বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তীও উপস্থিত থাকে৷ সাংসদ প্ৰদান বৰুৱা আৰু মাজুলীৰ বিধায়ক ভুৱন গামে স্থানীয় ৰাইজ, বিভিন্ন সংগঠনৰ প্ৰতিনিধি আদিৰ লগত দলঙৰ খুঁটাৰ বিসংগতিৰ সন্দৰ্ভত আলোচনা কৰে৷ দলঙৰ নিৰ্মাণকাৰ্য আজি বাৰদিনপৰ্যন্ত বন্ধ থকাতো যথেষ্ট উদ্বেগজনক বিষয় বুলি উল্লেখ কৰি সাংসদ প্ৰদান বৰুৱাই কয় যে দলঙৰ নিৰ্মাণকাৰ্যত হোৱা বিসংগতিত ক্ষুব্ধ-উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু অসম চৰকাৰ৷ সেইবাবেই মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই শনিবাৰে দিছপুৰত এক বিশেষ বৈঠকৰ আয়োজন কৰিছে, যাতে দলঙৰ বিসংগতি দূৰ কৰি দলং নিৰ্মাণকাৰ্য চলাই যাব পাৰে৷ সচেতন নাগৰিক, সত্ৰাধিকাৰ, দল-সংগঠনৰ বিষয়ববীয়া তথা সাংবাদিকসকলে কমিচনাৰ ৰাজ চক্ৰৱৰ্তীক লগ কৰি দলঙৰ বিসংগতিৰ সম্পৰ্কত দুই-এটা প্ৰশ্ন সোধাৰ অভিপ্ৰায়েৰে দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জৰ্নাদ্দনদেৱ গোস্বামীয়ে বিষয় সন্দৰ্ভত অৱতাৰণা কৰাৰ লগে লগেই কান-মূৰ জোকাৰি ৰাজ চক্ৰৱৰ্তীয়ে দলং নিৰ্মাণস্থলীৰ কাৰ্যালয় ত্যাগ কৰি বৰষুণৰ মাজতে গাড়ীত উঠি সেই স্থান ত্যাগ কৰে৷ তেওঁ কোনোধৰণৰ প্ৰত্যুত্তৰ দিব নোৱাৰোঁ বুলি কয়৷ উপস্থিত সত্ৰাধিকাৰ প্ৰমুখ্যে সকলোৱে কমিচনাৰজনৰ এনে আচৰণত ক্ষুব্ধ হৈ পৰে৷ বিষয়াজনৰ এনেকাৰ্যক সকলোৱে ধিক্কাৰ দিছে৷