Logo
image

আৰক্ষীৰ নজৰত বহু ৱেব পেজ ৰাডাৰত আলফামুখী যুৱক-যুৱতীও

আৰক্ষীৰ নিৰীক্ষণত ৮৯৩জন

৪২৯জনক কাউন্সিলিং

ছ’চিয়েল মিডিয়াত আলফাৰ প্ৰচাৰ চলোৱা ১১জনক গ্ৰেপ্তাৰ, ২৩টা গোচৰ ৰুজু

ফেচবুকত থকা আলফাৰ ৬টা পেজ বন্ধ

আমাৰ অসম, ১৪ মে’: স্বদেশ স্বজাতিৰ প্ৰেম নে সংস্থাপনহীনতা! বিদ্ৰোহী সংগঠন আলফা স্বাধীনলৈ অসমীয়া যুৱক-যুৱতীৰ অস্বাভাৱিক হাৰত সোঁত বোৱাৰ সময়ত এই প্ৰশ্নই দোলা দিছে সকলোৰে মনত৷ স্বাধীন অসমৰ লক্ষ্যৰে ১৯৭৯ চনত গঠন হোৱা আলফাৰ দুকুৰি বছৰ বয়সতো সাংগঠনিক তৎপৰতা অব্যাহত থকাত গৃহ মন্ত্ৰণালয়কো চিন্তিত কৰি তুলিছে৷ বিদেশী ৰাষ্ট্ৰতো আলফাৰ বিৰুদ্ধে ভাৰত চৰকাৰে কেইবাবাৰো সামৰিক অভিযান চলাইও কাবু কৰিব পৰা নাই উত্তৰ-পূবৰ অন্যতম বিদ্ৰোহী সংগঠনটোক৷ তাৎপৰ্যপূৰ্ণভাৱে সময়ৰ পৰিৱৰ্তনৰ লগে লগে আলফাইও সদস্যভৰ্তিৰে সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ ৰণ-কৌশল সলনি কৰিছে৷ শেহতীয়াকৈ ছ’চিয়েল মিডিয়া ফেচবুকৰ জৰিয়তে ব্যাপকভাৱে প্ৰচাৰ কৰি সদস্য ভৰ্তি অভিযান চলাইছে আলফাই৷ আলফাৰ এনে কৌশলী প্ৰচাৰৰ চক্ৰবেহুত সোমাই বহুজনে কেন্দ্ৰীয় চৰকাৰৰ শোষণ-বৈষম্যৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি আলফাত যোগদান কৰিছে৷ আন কোনোৱে আকৌ সংস্থাপনহীনতাত ভূগি পৰিয়াল চলাব নোৱাৰিও বিদ্ৰোহী সংগঠনটোত যোগ দিয়াৰ উদাহৰণ আছে৷ কিন্তু আলফালৈ যুৱ প্ৰজন্মৰ সোঁত বোৱাৰ কোনো প্ৰকৃত কাৰণ উদ্‌ঘাটন কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী তথা চোৰাংচোৱাও৷ অৱশ্যে ছ’চিয়েল মিডিয়াৰ যোগে আলফাই চলোৱা সাংগঠনিক তৎপৰতাক বাধা দিয়াত ত্ৰুটি কৰা নাই অসম আৰক্ষীয়ে৷ অসম আৰক্ষীৰ বিশেষ শাখাৰ তথ্য মতে ২০২১ চনৰ পৰা বৰ্তমানলৈ আলফাই ছ’চিয়েল মিডিয়াৰ ফেচবুকত মুঠ ৯টা পেজ খুলি প্ৰচাৰ চলাইছে৷ অৱশ্যে অসম আৰক্ষীৰ চাইবাৰ ডোমে ইতিমধ্যে ইয়াৰে ৬টা ফেচবুক পেজ বৰ্তমান বন্ধ কৰিবলৈ সক্ষম হৈছে৷ তথ্য অনুসৰি বৰ্তমানেও ফেচবুকত আলফাৰ তিনিটা পেজ ক্ৰমে ‘ULFA Independent’, ‘Abhjeet Gogoi’ আৰু ‘সংগ্ৰামী বন্ধু’ সক্ৰিয় হৈ আছে৷ এই তিনিটা পেজৰ জৰিয়তে আলফাই বিভিন্ন প্ৰচাৰ চলাই আহিছে যদিও উক্ত পেজ কেইটাও বন্ধ কৰাৰ বাবে অসম আৰক্ষীয়ে ইতিমধ্যে ফেচবুক কতৃৰ্পক্ষৰে যোগাযোগ কৰিছে৷ আনহাতে অসম আৰক্ষীয়ে বন্ধ কৰিবলৈ সক্ষম হোৱা আলফাৰ বাকী ফেচবুক পেজ কেইটা হৈছে ক্ৰমে– স্বাধীন কণ্ঠ, ULFA-I, Mukti Bahini, স্বাধীন অসম আৰু সংযুক্ত মুক্তি বাহিনী অসম৷ আ(ৰ্যজনকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত কেন্দ্ৰীয় চৰকাৰ আৰু আলফাৰ মাজত শান্তি আলোচনাৰ পৰিৱেশ গঢ় দিয়াৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে নতুনকৈ এজনৰ পাছত এজনকৈ যুৱক-যুৱতী আলফাত যোগদানৰ উদ্দেশ্যক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷ ইফালে আৰক্ষীৰ হৈ গুপ্তচৰগিৰিৰ অভিযোগত দুজনকৈ যুৱকক আলফাই শিবিৰতে গুলীয়াই হত্যা কৰাৰ কথা ৰাজহুৱা কৰাৰ পাছতো যুৱ প্ৰজন্মৰ আলফা গমনৰ ধাৰা অব্যাহত থকাত এতিয়া আৰক্ষী-চোৰাংচোৱাৰ লগতে দিছপুৰকো শংকিত কৰি তুলিছে৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও অসম আৰক্ষীৰ ফালৰ পৰা লাভ কৰা তথ্য অনুসৰি– আলফামুখী ডেৰ সহস্ৰাধিক যুৱক-যুৱতী এতিয়া আৰক্ষীৰ ৰাডাৰত৷ ছ’চিয়েল মিডিয়াত আলফাৰ প্ৰতি সমৰ্থন জনোৱা তথা আনুগত্য প্ৰদৰ্শন কৰা চাৰি শতাধিক যুৱক-যুৱতীক কাউঞ্চেলিং কৰিছে আৰক্ষীয়ে৷ ২০১৮ চনৰ পহিলা জুনৰ পৰা চলিত বৰ্ষৰ ৬ মে’ পৰ্যন্ত মুঠ ৪২৯ জন যুৱক-যুৱতীক কাউঞ্চেলিং কৰি আলফাত যোগদানৰ পৰা বিৰত ৰাখিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে৷ আনকি এই সময়ছোৱাত ছ’চিয়েল মিডিয়াত আলফাৰ সমৰ্থনত পোষ্ট দিয়া ৰাজ্যৰ ৮৯৩জন যুৱক-যুৱতীক বিশেষ নিৰীক্ষণতো ৰাখিছে অসম আৰক্ষীয়ে৷ আৰক্ষীৰ বিশেষ শাখাস্থিত চাইবাৰ ডোমৰ ফালৰ পৰা এই সকল যুৱক-যুৱতীক চিনাক্ত কৰি সংশ্লিষ্ট জিলাৰ আৰক্ষীক সতৰ্ক কৰি দিছে৷ আনহাতে ছ’চিয়েল মিডিয়াত আলফাৰ হৈ প্ৰচাৰ চলোৱা অভিযোগত আৰক্ষীয়ে ২৩টা গোচৰ ৰুজু কৰি ১১জন লোকক গ্ৰেপ্তাৰো কৰিছে৷ তদুপৰি বিগত ৪ বছৰত সামাজিক মাধ্যমত আলফাৰ সমৰ্থনত দিয়া ৪৫০টা পোষ্ট ডিলিট কৰিবলৈও সক্ষম হৈছে অসম আৰক্ষীয়ে৷ লক্ষণীয়ভাৱে ‘আমাৰ অসম’ৰ শুকুৰবাৰৰ সংখ্যাত আলফাই ছ’চিয়েল মিডিয়া ফেচবুকত ‘ULFA Independent’, নামত এটা পেজ খুলি প্ৰচাৰ চলোৱাৰ বাতৰি প্ৰকাশ পাইছিল৷ কিন্তু ‘আমাৰ অসম’ৰ এই বাতৰিৰ পাছতেই আলফাৰ ছ’চিয়েল মিডিয়াৰ উক্ত পেজটোৰ ফালৰ পৰা প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে৷ ‘ULFA Independent’,  পেজটোত ‘আমাৰ অসম’ৰ বাতৰিটো আপলোড কৰি উল্লেখ কৰিছে– আমাৰ কাম আমি কৰিছো তাত খেনোৰ জ্বলন কিয়?