Logo
image

ম’হঘুলি চাপৰিত ফাটবিহু আৰম্ভ

আমাৰ অসম, ১৪ মে': বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চ্যুকাফাৰ দ্বিতীয় ৰাজধানী বৃহত্তৰ হাবুং অঞ্চলৰ অন্তৰ্গত ঢকুৱাখনাত আজিৰে পৰা আৰম্ভ হৈছে অসমৰ সাংস্কৃতিক আকাশৰ উজ্জ্বল জ্যেতিষ্কস্বৰূপ আৰু বিহু উদ্‌যাপনৰ ক্ষেত্ৰত অসমৰ ভিতৰত অনন্য আৰু একক ঐতিহ্যমণ্ডিত ফাটবিহু৷ স্বনামধন্য কথাশিল্পী, বিশিষ্ট সাংবাদিক হোমেন বৰগোহাঞিয়ে বাল্যকালত সাঁতুৰি-নাদুৰি কটোৱা, পৰৱৰ্তীকালত তেওঁৰ সাহিত্যৰাজিৰ জৰিয়তে অসমবাসীক পৰিচিত কৰি তোলা চাৰিকড়ীয়া নৈৰ পাৰৰ ম’হঘুলি চাপৰিৰ প্ৰায় ৪০ বিঘা এলেকাৰ ফাটবিহুৰ স্থায়ী বাকৰিত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ২০২২ বৰ্ষৰ ফাটবিহু৷ আজিৰ পুৱাৰে পৰা প্ৰতিকূল বতৰকো নেওচি ফাটবিহুতলীলৈ হিল-দল ভাঙি ওলাই আহিছে তিনি কুৰিৰো অধিক বিহুদল আৰু হাজাৰ হাজাৰ বিহুপ্ৰেমী৷ দুদিন আগৰে পৰা অব্যাহত থকা মুষলধাৰ বৰষুণেও ম্লান কৰিব পৰা নাই ফাটবিহুৰ পৰম্পৰাগত গৰিমা৷  আজি প্ৰথমদিনাই তিনি কুৰিৰো অধিক বিহুদলৰ বিহুৱাৰ ঢোল, তাল, পেঁপা, বাঁহী আৰু নাচনীৰ টকা, গগনা, সুতুলিৰ শব্দ আৰু নাচোনৰ চন্দত ঢকুৱাখনাৰ আকাশ-বতাহ মুখৰ হৈ পৰিছে৷ বিশ্বজুৰি জনজীৱন স্থবিৰ কৰি তোলা অতিমাৰী ক’ভিডৰ বাবে বিগত দুটা বৰ্ষত ফাটবিহুৰ উদ্‌যাপন বাতিল কৰাৰ পাছত পুনৰবাৰ প্ৰখ্যাত সাহিত্যিক হোমেন বৰগোহাঞিৰ ল’ৰালিৰ বিচৰণভূমি ম’হঘুলি চাপৰিৰ বিনন্দীয়া সেউজ পৰিৱেশ আনন্দত প্ৰাণৱন্ত হৈ উঠিছে৷ আজি পুৱা ১০-৩০ বজাত নৱ-গঠিত ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই কৰা পতাকা উত্তোলনেৰে ২০২২ বৰ্ষৰ উদ্‌যাপন আৰম্ভ হয়৷ ইয়াৰ পাছত উদ্‌যাপন সমিতিৰ সভাপতি প্ৰাঞ্জল গোহাঁয়ে স্মৃতি তৰ্পণ কৰাৰ পাছত ঢকুৱাখনাৰ লগতে অসমৰ অন্যান্য প্ৰান্তৰৰ পৰা অহা বিহুদলসমূহক ফাটবিহুতলীলৈ পৰম্পৰাগত ৰীতি-নীতিৰে আদৰণি জনোৱা হয়৷ ইয়াৰ পাছত ফাটবিহুৰ মঞ্চ মুকলি কৰে ঢকুৱাখনাৰ এজন প্ৰৱীণ চিন্তাবিদ, লেখক তথা ফাটবিহুৰ আনুষ্ঠানিক উদ্‌যাপনৰ সংগঠক জগদীশ গগৈয়ে৷ নিজৰ নাতিদীৰ্ঘ ভাষণত গগৈয়ে ফাটবিহুৰ ইতিহাসৰ বিষয়ে এক চমু অৱলোকন আগবঢ়ায়৷ দুপৰীয়া ১২ -৩০ বজাত আৰম্ভ হোৱা টকাবিহু প্ৰতিযোগিতা প্ৰৱীণ বিহুৱতী কল্পনা সেনাপতি বৰুৱাই আৰু চেমনীয়াৰ বিহু প্ৰতিযোগিতা ভাৰতীয় বায়ুসেনা বাহিনীৰ অভিযন্তা দুলাল দাসে৷ আজিৰ টকা বিহু প্ৰতিযোগিতাত ৪০ টাৰো অধিক আৰু চেমনীয়াৰ বিহু প্ৰতিযোগিতাত ২০ টাৰো অধিক বিহুদলে অংশগ্ৰহণ কৰি ফাটবিহুক মহীয়ান কৰি তোলে৷ আনহাতে, কাইলৈ দ্বিতীয় দিনাৰ কাৰ্যসূচী পুৱা ৯ বজাত ফাটবিহুতলীত কপৌফুল আৰু গছপুলি ৰোপণ কাৰ্যসূচীৰে শুভাৰম্ভ হ’ব৷ ইয়াৰ পাছত দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ’বলগা প্ৰাপ্তবয়স্কৰ হুঁচৰি প্ৰতিযোগিতা উদ্বোধন কৰিব শিৱসাগৰৰ প্ৰৱীণ বিহুৱা হেমন্ত গগৈয়ে৷ আনহাতে, ফাটবিহুৰ বাৰ্ষিক প্ৰকাশ ‘বিহুৱান’ৰ হেমন্ত কুমাৰ বৰুৱাৰ সম্পাদনাত প্ৰকাশ পাব লগা একত্ৰিংশ সংখ্যাটো উন্মোচন কৰিব বিশিষ্ট বুৰঞ্জীবিদ তথা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ ডম্বৰুধৰ নাথে৷ আনহাতে, দেওবাৰে তৃতীয় তথা অন্তিম দিনাৰ কাৰ্যসূচী আৰম্ভ হ’ব পুৱা-১০ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে৷ এই শোভাযাত্ৰা উদ্বোধন কৰিব অসমীয়া বোলছবি জগতৰ মোহময়ী অভিনেত্ৰী অমৃতা গগৈয়ে৷ ইয়াৰ পিছতেই দুপৰীয়া ১২ বজাৰ পৰা ফাটবিহুৰ মূল আকৰ্ষণ সকলো জাতি-জনগোষ্ঠীৰ সমম্বয়ত গছতলৰ মুকলি বিহু অনুষ্ঠিত হ’ব৷ এই মুকলি বিহু উদ্বোধন কৰিব জনপ্ৰিয় সংগীতশিল্পী ৰূপা মিলিয়ে৷ ইফালে বিয়লি ২ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ’ব৷ অসমীয়া বোলছবি জগতৰ বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াই উদ্বোধন কৰিবলগীয়া মুকলি সভাত মুখ্য অতিথিৰূপে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমামন্ত্ৰী বিমল বৰা, নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট বিহুৱা নিৰঞ্জন গোস্বামী, আমন্ত্ৰিত অতিথিৰূপে ভাৰত চৰকাৰৰ পূব মাণ্ডলিক আৰু উত্তৰ-পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক গৌৰী বসু, লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱন, ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা আৰু বিশিষ্ট অতিথিৰূপে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে আৰু ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ শিৱপ্ৰসাদ গগৈয়ে অংশগ্ৰহণ কৰিব৷ আনহাতে মিচিং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰমানন্দ চায়েঙীয়া, দেউৰী স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী মাধৱ দেউৰী, লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত চত্তাৱন, যোৰহাটৰ উপায়ুক্ত অশোক বৰ্মনকে আদি কৰি বহুসংখ্যক বিশিষ্টলোকে মুকলি সভাত অংশগ্ৰহণ কৰিব৷ ফাটবিহুৰ তিনিওটা দিনৰ কাৰ্যসূচীতে সকলো ৰাইজক জাতীয় সাজপাৰ পৰিধান কৰি অংশগ্ৰহণৰ বাবে জনাইছে উদ্‌যাপন সমিতিয়ে আহ্বান জনাইছে৷