Logo
image

জনতা ভৱনত আদানিৰ প্ৰতিনিধি

আমাৰ অসম, ১৫ মে’: অসমৰ উন্নয়নৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰে সহযোগ কৰিবলৈ আগ্ৰহী আদানি গোষ্ঠী৷ শনিবাৰে দিছপুৰৰ জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ সৈতে হোৱা আলোচনা কালত এই বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে আদানি গ্ৰুপৰ প্ৰতিনিধিসকলে৷ উল্লেখ্য, আদানি গোষ্ঠীয়ে অসমত বিভিন্ন উদ্যোগত বিনিয়োগ কৰিছে৷ বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰিচালনাৰ দায়িত্বও গ্ৰহণ কৰিছে আদানি গ্ৰুপে৷ অদূৰ ভৱিষ্যতে ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ উদ্যোগত বিনিয়োগ কৰাৰো প্ৰস্তাৱ লৈছে আদানি গ্ৰুপে৷ এই সন্দৰ্ভত চৰকাৰৰ লগত যোগাযোগ অব্যাহত থকাৰ মাজতে বৰ্তমানৰ ব্যৱসায় আৰু প্ৰস্তাৱিত বিনিয়োগ সন্দৰ্ভত খৰচি মাৰি আলোচনা কৰিবৰ বাবেই শনিবাৰে আদানি গ্ৰুপৰ প্ৰতিনিধিয়ে মুখ্যমন্ত্ৰী শৰ্মাক সাক্ষাৎ কৰে৷ অসমত যাতে সকলো শ্ৰেণীৰ লোকে নিৰৱচ্ছিন্নভাৱে ৰন্ধন গেছৰ সুবিধা লাভ কৰে, তাৰ বাবে অসমত এলপিজি পাইপ সংযোগৰ লগতে চিএনজি ষ্টেচন স্থাপন সন্দৰ্ভতো শনিবাৰৰ বৈঠকত বহলাই আলোচনা কৰা হয়৷