Logo
image

ৰে’ল যাত্ৰীক উদ্ধাৰত নামিল বায়ুসেনা

ডিমা হাচাওৰ ভূমিস্খলনত শ শ লোক আবদ্ধ

আমাৰ অসম, ১৬ মে’: ডিমা হাচাও জিলাত প্ৰাকৃতিক দুৰ্যোগে সম্পূৰ্ণ জিলাখনৰ জনসাধাৰণৰ জীৱন বিপৰ্যস্ত কৰি তুলিছে৷ বিগত প্ৰায় এসপ্তাহ ধৰি জিলাখনত ধাৰাষাৰ বৃষ্টিপাতৰ ফলত যেন প্লাৱন আহিছে৷ শনিবাৰে পুৱা হাফলং চহৰৰ কাষৰ হকাইপুঞ্চি নামৰ অঞ্চলত এটা দুমহলীয়া অট্টালিকাত পাহাৰ খহি পৰাৰ ফলত এটি শিশুসহ তিনিজন ব্যক্তিৰ মৃত্যু ঘটিছিল৷ জিলাখনত  প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অসম ৰাইফলছক নিয়োগ কৰিবলগীয়া হৈছে৷ অসম আৰক্ষী আৰু অসম ৰাইফলছে ভীষণ বৃষ্টিপাতৰ মাজতো জিলাখনত হোৱা বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত লোকক নিৰন্তৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷ শনিবাৰে পুৱা নিহত হোৱা তিনিজনৰ ভিতৰত দুজনৰ মৃতদেহ বাতৰি লিখা পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ জিলাখনত বৰষুণ আৰু ভূমিস্খলন অদ্যাপি অব্যাহত আছে৷ প্ৰৱল বৃষ্টিপাত-ভূমিস্খলনৰ ফলত বহিঃবিশ্বৰে পথ আৰু ৰে’ল যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে জিলাখনৰ৷ প্ৰশাসনে আপ্ৰাণ চেষ্টা কৰিছে  বিপদগ্ৰস্ত লোকসকলক উদ্ধাৰ কৰিবলৈ৷ অসমৰ স্কটলেণ্ডৰূপে পৰিচিত হাফলং চহৰ এতিয়া সম্পূৰ্ণৰূপে পানীৰে আৱদ্ধ হৈ পৰাৰ লগতে প্ৰৱল ভূমিস্খলনৰ সন্মুখীন হৈছে৷ বিগত তিনিটা দিনত ভূমিস্খলন আৰু বানৰ কৱলত পৰি বহু বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হৈছে৷ জিলা উপায়ুক্ত নাজৰিন আহমেদে এই সন্দৰ্ভত কয় যে নিউ হাফলং ৰে’ল ষ্টেচনত আৱদ্ধ হৈ পৰা যাত্ৰীসকলক বাছেৰে মাইবাং ৰে’ল ষ্টেচনলৈ প্ৰেৰণ কৰা হৈছে৷ আজি গুৱাহাটী-শিলচৰ যাত্ৰীবাহী ট্ৰেইনত আৱদ্ধ হৈ পৰা শতাধিক যাত্ৰীক হেলিকপ্টাৰেৰে শিলচৰলৈ প্ৰেৰণ কৰা হৈছে৷ উপায়ুক্তগৰাকীয়ে ৰে’ল বিভাগে আগন্তুক দুটা দিনৰ ভিতৰত ৰে’ল পথ মুকলি কৰিব বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য, অভাৱনীয় প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা  ডিমা হাচাও জিলাৰ অতি দুৰ্গম অঞ্চলসমূহত পৰিস্থিতিয়ে কি ৰূপ লৈছে তাক জানিবলৈ আৰু অধিক সময়ৰ প্ৰয়োজন হ’ব৷ 

নিপ্‌কো জলবিদ্যুৎ প্ৰকল্পৰ পানী মুকলি

উমৰাংছ’ৰ নিপ্‌কো জলবিদ্যুৎ প্ৰকল্পৰ থাংডং বান্ধৰ অতিৰিক্ত পানী কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী এৰি দিয়াৰ ফলত পশ্চিম কাৰ্বি আংলং জিলাৰ লগতে হোজাই আৰু নগাঁও জিলাৰ ব্যাপক অঞ্চল বানৰ কৰাল গ্ৰাসত পৰিছে৷ বৈঠালাংছ’ত কপিলীৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পশ্চিম কাৰ্বি আংলঙত৷ পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেং, তৰাডুবি, খেৰণি অঞ্চলত বিপদসীমাৰ ওপৰেৰে বৈছে কপিলীৰ পানী৷ বিগত দুটা দিন ধৰি পশ্চিম কাৰ্বি আংলং-হোজাই সংযোগী পথছোৱা পানীত ডুবি থকাত যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে৷ পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেঙৰ হাতীমাৰা, হালদিক্ৰং, তৰাডুবি, গৰৈমাৰী অঞ্চলৰ লগতে খেৰণিৰ দাস বস্তি বানৰ কৱলত পৰিছে৷ নাম তৰাডুবি গাঁৱৰ কপিলীত থকা মথাউৰিটো যিকোনো মুহূৰ্তত বানে উটুৱাই নিয়াৰ আতংকত ভুগিছে শতাধিক নৈপৰীয়া৷ মথাউৰিটো বচোৱাৰ  বাবে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে বান নিয়ন্ত্ৰণ বিভাগে৷ জিলা উপায়ুক্তই মথাউৰিটো পৰ্যৱেক্ষণ কৰিছে৷ উল্লেখ্য, কপিলীত বানত উটি অহা এটা পশু উদ্ধাৰ কৰিছে বন বিভাগৰ দলে৷ আগন্তুক ২৪ ঘণ্টাত যদি বৃষ্টিপাতৰ এই ধাৰা অব্যাহত থাকে তেনেহ’লে বান পৰিস্থিতি অধিক অৱনতি হোৱাটো নিশ্চিত৷