Logo
image

সময়সীমাৰ পূৰ্বেই কৰযোৰে আলফাক ক্ষমাপ্ৰাৰ্থনা মন্ত্ৰীৰ

উগ্ৰপন্থীৰ বিৰুদ্ধে হিমন্ত চৰকাৰৰ আপোচহীন অভিযানত কেণা

আমাৰ অসম, ১৬ মে’: নিৰ্দিষ্ট সময় সীমাৰ পূৰ্বেই অৱশেষত আলফা [স্বাধীন]ৰ ওচৰত নতশিৰ হ’ল ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ৷ পৰেশ বৰুৱাক ‘মিছলীয়া’  বুলি সমালোচনা কৰি আলফাৰ ধমক খাই কৰযোৰে ক্ষমা বিচাৰিবলৈ বাধ্য হ’ল মন্ত্ৰী সঞ্জয় কিষাণে৷ আলফাৰ শিবিৰত বিজু গগৈ ওৰফে ভাগ্য অসম নামৰ কেডাৰজনৰ মৃত্যুক লৈ মন্ত্ৰী কিষাণ আৰু আলফাৰ মাজত বিতৰ্কৰ সৃষ্টি হৈছিল৷ অৱশেষত আলফাই বান্ধি দিয়া নিৰ্দিষ্ট সময়-সীমাৰ ভিতৰত মন্ত্ৰী সঞ্জয় কিষাণে ক্ষমা বিচৰাত মন্ত্ৰীজনৰ বিৰুদ্ধে আৰোপ কৰা সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে বিদ্ৰোহী সংগঠনটোৱে৷ উল্লেখ্য, সেনা-আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা সন্তোষ লামা নামৰ এজন সদস্যই সংবাদ মাধ্যমৰ আগত ‘কা’ আন্দোলনৰ সময়ত সংগঠনটোত যোগদান কৰা আছু নেতা বিজু গগৈক শিবিৰতে আলফাই হত্যা কৰা বুলি দাবী কৰিছিল৷ এই তথ্য ৰাজহুৱা হোৱাৰ পাছত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত পৰেশ বৰুৱাই সংবাদ মাধ্যমক বিজু গগৈয়ে আত্মহত্যা কৰা বুলি দাবী কৰি অতি নম্ৰ আৰু ভদ্ৰ ল’ৰাজনে কিয় আত্মহত্যাৰ পথ বাছি ল’লে সেয়া তেওঁ নাজানে বুলিও মন্তব্য কৰিছিল৷ অৱশ্যে বিজু গগৈৰ আত্মহত্যাৰ ঘটনাক পৰিয়ালৰ লোকে অস্বীকাৰ কৰাত বিজুৰ ভাতৃলৈ পৰেশ বৰুৱাই ফোন কৰি নিজৰ দোষৰ¸ বাবেহে বিজু গগৈয়ে আত্মহত্যাৰ পথ বাছি লোৱা বুলিও স্ববিৰোধী মন্তব্য কৰিছিল৷ পৰেশ বৰুৱাৰ এই স্ববিৰোধী মন্তব্যৰ পাছতেই কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণে প্ৰক্ৰিয়া ব্যক্ত কৰি পৰেশ বৰুৱাই বহুবাৰ মিছা কথা কোৱা বুলি কৈ অসমৰ ৰাইজে পৰেশ বৰুৱাক ভালকৈ বুজি পাইছে বুলিও ইতিকিংসূচক মন্তব্য কৰিছিল৷ মন্ত্ৰী কিষাণৰ এই বক্তব্যৰ পাছতেই আলফাই বিবৃতি প্ৰেৰণ কৰি ২৪ঘণ্টাৰ ভিতৰত ক্ষমা বিচাৰিবলৈ হুংকাৰ দি অন্যথা ডিব্ৰুগড় আৰু তিনিচুকীয়াত সঞ্জয় কিষাণৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰাৰ ভাবুকি দিয়ে৷ লগতে কিষাণৰ সকলো ৰাজনৈতিক-অৰাজনৈতিক সভাত ৰাইজক অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈও আলফাই সকীয়াই দিয়ে৷ আলফাৰ এই মুকলি ভাবুকিৰ পাছতেই দেওবাৰে পুৱাই পৰেশ বৰুৱাৰ ওচৰত নিঃচৰ্ত ক্ষমা বিচাৰে কেবিনেট মন্ত্ৰীজনে৷ সংবাদ মাধ্যমৰ জৰিয়তে আলফাৰ ওচৰত ক্ষমা বিচাৰি মন্ত্ৰী সঞ্জয় কিষাণে কয়– ‘মই পৰেশ বৰুৱা ডাঙৰীয়াক অন্তৰত আঘাত দিব খোজা কোনো কথাই কোৱা নাছিলো৷ যদিহে মোৰ কথাই তেওঁৰ মনত আঘাত হানিছে, তেন্তে মই নিজেও যথেষ্ট দুখ অনুভৱ কৰিছো৷ বৰ্তমান আমাৰ চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে শান্তি প্ৰক্ৰিয়াৰ দিশটো সফলভাৱে আগবঢ়াই লৈ যোৱাৰ বাবে প্ৰয়াস কৰিছে৷ মইও ইয়াৰ অন্তঃকৰণেৰে কামনা কৰিছো৷ তেনে ক্ষেত্ৰত মই পৰেশ বৰুৱাৰ অন্তৰত আঘাত হানি কোনো কাৰণত শান্তি আলোচনাৰ দিশত ব্যাঘাত আনিব বিচৰা নাই৷ যদিহে ভুলবশতঃ এনেধৰণৰ কিবা বাক্য মোৰ মুখৰ পৰা ওলাইছে, তেতিয়াহ’লে মই ইয়াৰ বাবে ক্ষমা প্ৰাৰ্থী৷’ লক্ষণীয়ভাৱে মন্ত্ৰী সঞ্জয় কিষাণৰ এই ক্ষমা প্ৰাৰ্থনাৰ পাছতেই আলফাই মন্ত্ৰীজনৰ বিৰুদ্ধে আৰোপ কৰা সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰৰ  কথা ঘোষণা কৰিছে৷ এই সন্দৰ্ভত এটা বিবৃতিত আলফাৰ নিম্ন পৰিষদৰ সম্পাদক অৰুণোদয় দহোটীয়াই কয়– ‘অসম চৰকাৰৰ শ্ৰম আৰু নিয়োগ দপ্তৰ কেবিনেট মন্ত্ৰী তথা ১২২ নং তিনিচুকীয়া বিধান সভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াই ‘সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনৰ সভাপতি পৰেশ বৰুৱাক মিছলীয়া বুলি যি অপমান সূচক মন্তব্য কৰিছিল সেই ভুলৰ অনুশোচনা কৰি সংবাদ মাধ্যমৰ জৰিয়তে ‘সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনৰ ওচৰত ক্ষমা-প্ৰাৰ্থনা বিচৰাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ ওপৰত আৰোপিত সকলো ধৰণৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে৷ লগতে অদূৰ ভৱিষ্যতে তেওঁক তেনে তৰল মন্তব্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হ’ল৷’ অৱশ্যে, সাধাৰণ এষাৰ  বক্তব্যৰ বাবে আলফাই মন্ত্ৰী সঞ্জয় কিষাণক ভাবুকি দিয়া আৰু এজন কেবিনেট মন্ত্ৰী হৈ কিষাণে আলফাৰ ওচৰত ক্ষমা বিচৰাক লৈ বিৰ্তকৰ সূত্ৰপাত হৈছে৷ মন্ত্ৰী কিষাণৰ এনে কাৰ্যক লৈ দিছপুৰৰ ভিতৰচ’ৰাতো ব্যাপক অসন্তুষ্টিৰ সৃষ্টি হোৱা দেখা গৈছে৷ ২৪ ঘণ্টাই নিৰাপত্তাৰক্ষীৰ আৱেষ্টনীত থকা এজন মন্ত্ৰীয়ে আলফাৰ দৰে এটা উগ্ৰপন্থী সংগঠনৰ ওচৰত কিয় ক্ষমা বিচাৰিলে বুলিও বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে৷ যদিহে মন্ত্ৰীজনৰ জীৱনৰ প্ৰতি ভাবুকি আহিছিল, তেনেহ’লে গৃহ বিভাগে তেওঁৰ নিৰাপত্তা দিশটো পৰ্যালোচনা কৰি দেহৰক্ষীৰ সংখ্যা বৃদ্ধি কৰিব পাৰিলেহেঁতেন৷ এই ভাবুকিৰ পাছত মন্ত্ৰী কিষাণে গৃহ বিভাগক অৱগত কৰিছিল নে, আৰু অসম আৰক্ষীয়েও মন্ত্ৰীজনৰ নিৰাপত্তাৰ ক্ষেত্ৰত কিবা বিশেষ ব্যৱস্থা লৈছিল নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ অৱশ্যে ৰাজ্যৰ এজন কেবিনেট মন্ত্ৰীয়ে আলফাৰ ওচৰত ক্ষমা বিচৰাৰ পাছতো অসম আৰক্ষীৰ  মুৰব্বী ভাস্কৰজ্যোতি মহন্তই ‘মই মন্ত্ৰীৰ ভাষ্য শুনা নাই’ বুলি সংবাদ মাধ্যমক জানিবলৈ দি  বিষয়টোৰ পৰা এৰাই চলাহে দেখা গ’ল৷ ইফালে মন্ত্ৰী সঞ্জয় কিষাণে আলফাৰ ওচৰত ক্ষমা খোজা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই৷ আটছাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- ‘এনেবোৰ ঘটনাৰ ফলত ৰাইজ বিভ্ৰান্ত হয়৷ ৰাইজৰ মনত প্ৰশ্ন হয় যে তেওঁলোকে চৰকাৰ তথা আৰক্ষীৰ কথা মানি চলিব নে সশস্ত্ৰ সন্ত্ৰাসবাদী সংগঠনৰ লগত থাকিব!’ বৰ্তমান তেনে প্ৰশ্নৰ সৃষ্টি হৈছে বুলি মত ব্যক্ত কৰি আটছাৰ সভাপতিজনে আৰু কয় যে– নিৰাপত্তা বেষ্টনীৰ মাজত থকা চৰকাৰৰ এজন কেবিনেট মন্ত্ৰীৰে যদি এনে অৱস্থা, তেন্তে সশস্ত্ৰ সংগঠনসমূহৰ আগত সাধাৰণ ৰাইজৰ কি অৱস্থা হ’ব? আটছাই সঞ্জয় কিষাণৰ দৰে এজন কেবিনেট মন্ত্ৰীয়ে আলফাৰ  ওচৰত ক্ষমা খোজা কাৰ্যত লজ্জাবোধ কৰিছে বুলিও আক্ষেপ ব্যক্ত কৰে৷ আটছাৰ কেন্দ্ৰীয় সভাপতিজনে কয় যে– মন্ত্ৰী সঞ্জয় কিষাণ  এজন প্ৰাক্তন আটছা নেতা৷ কিন্তু তেওঁৰ এই শেহতীয়া কাৰ্যই আটছাকো লাজত পেলাইছে৷ লগতে আটছাই ভৱিষ্যতে এনেধৰণৰ কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ মন্ত্ৰীজনক আহ্বান জনায়৷ ইপিনে আলফাই সঞ্জয় কিষাণক ভাবুকি দিয়াত আনলাৰ যুদ্ধ বিৰতি গোটে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে৷ সংগঠনটোৱে এটা বিবৃতিত  জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে পৰেশ বৰুৱাক ৰাজহুৱাকৈ ফাঁচি দিব লাগে বুলি মন্তব্য কৰাৰ পিছতো আলফাই চক্ৰৱৰ্তীৰ বিৰুদ্ধে কিয় নিষেধাজ্ঞা আৰোপ কৰা নাছিল বুলি প্ৰশ্ন কৰে৷ কেৱল চাহ জনগোষ্ঠীৰ নেতা হোৱাৰ বাবেই সঞ্জয় কিষাণক আলফাই ভাবুকি দিয়া কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে আনলাই৷ অৱশ্যে ডুলু চাহ বাগান উচ্ছেদ কৰাৰ পাছত শ্ৰমিকৰ সপক্ষে এবাৰো মাত মাতিবলৈ সময় নোপোৱা আনলাই এজন ৰাজনৈতিক নেতাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ আজৰি পোৱাত চাহ জনগোষ্ঠীয় সংগঠনসমূহৰ মাজতো অসন্তুষ্টিয়ে দেখা দিছে৷