কৃত্ৰিম বান, ভূমিস্খলন, মুদ্ৰাস্ফীতিত বিপৰ্যস্ত জনতা
দৈনন্দিন ব্যৱহাৰ্য অত্যাৱশ্যকীয় খাদ্যসামগ্ৰীৰ অভূতপূৰ্ব মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণৰ জীৱন নিৰ্বাহ কেনেদৰে দুৰ্বিষহ কৰিছে সেইটো ধনী-মানী অথবা ক্ষমতাধিষ্ঠিতসকলে হয়তো নুবুজে৷ দুবেলা দুমুঠি পেট ভৰাই খাবলৈকো সামৰ্থ্যহীন হ’বলৈ বাধ্য হৈ পৰা ভুক্তভোগীৰ বেদনা বিলাসী গাড়ী-মটৰত ঘূৰি ফুৰা, পঞ্চতাৰকা হোটেলত ৰাজকোষৰ ধন ব্যয় কৰি সপৰিয়ালে নৈশভোজ খোৱা শ্ৰেণীৰ লোকসকলৰ চিন্তনীয় বিষয়ো নহ’ব পাৰে সেইবোৰ৷ তেনে এটা পৰিস্থিতিৰ মাজতে মৃত্যুৰ বিভীষিকা কঢ়িয়াই আনে নগৰবাসীৰ বাবে কৃত্ৰিম বান, ভূমিস্খলনে, আৰু সমগ্ৰ ৰাজ্যবাসীৰ বাবে প্ৰবল বানৰ তাণ্ডৱ আৰু খহনীয়াৰ ধবংসাত্মক পৰিণতিয়ে৷ গ্ৰাম্যবাসী, নিম্ন-মধ্যবিত্ত কৃষিজীৱী ৰাইজে শৰীৰৰ তেজ পানী কৰি কৰা শস্যক্ষেত্ৰ বানত হয়তো সমূলঞ্চে ধবংস হৈছে নতুবা খহনীয়াত হেৰুৱাইছে কৃষিভূমি৷ বৰ্তমানৰ জলসম্পদ মন্ত্ৰীয়ে মথাউৰি নিৰ্মাণ তথা মেৰামতিৰে বান সমস্যা সমাধান কৰাৰ কথা কোৱাটো মন কৰিবলগীয়া৷ শ শ কোটি ৰাজভঁৰালৰ টকা ব্যয় কৰি মথাউৰি নিৰ্মাণৰ নামত কোটি কোটি টকাৰ দুৰ্নীতি হোৱাৰ অভিযোগ কৰিছে ৰাইজে৷ কিনকিনীয়া বৰষুণতে নিৰ্মিত অথবা নিৰ্মাণৰত, মেৰামতিকৃত মথাউৰি জহি-খহি যোৱাৰ অভিযোগৰ বিচাৰ কৰাৰ, দুৰ্নীতিৰ অনুসন্ধান কৰাৰ প্ৰয়োজন থকা বুলি ভবা নাই ‘দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে শূন্য সহনশীল’ বুলি ঘোষণা কৰা চৰকাৰখনে৷ এনে পৰিস্থিতিত বান নিয়ন্ত্ৰণৰ সু-ব্যৱস্থা যে সুনিশ্চিত নহয়, সেইটো অনস্বীকাৰ্য আৰু ৰাইজৰ দুৰ্ভোগ যে কাহানিবা নাইকিয়া হ’ব, সেইটো সুদূৰ পৰাহত৷ গুৱাহাটী মহানগৰৰ কথা ক’বই নালাগে৷ কৃত্ৰিম বান, পাহাৰৰ মাটি খহি জীৱন ধবংস কৰাৰ ঘটনা অলেখ৷ ১৯৫১ চনত এইখন নগৰত বাস কৰা ৪৩,৬১৫ জনসংখ্যাই ১৯৭১ চনত ১,২৩,৭৮৩-লৈ আৰু তাৰ পাছত ১৯৯১ত চৰকাৰী হিচাপ মতে, ৫,৭৭,৫২৬-লৈ বৃদ্ধি হোৱাৰ পাছত সম্প্ৰতি প্ৰায় ১৬ লাখ জনসংখ্যাৰ মহানগৰ হৈ পৰিছে গুৱাহাটী৷ ইয়াৰ খাল-বিল, খেতিপথাৰ বান্ধি, ওখ কৰি ঘৰ, অট্টালিকা, ফ্লেট আদি বনোৱা হৈছে৷ কিন্তু এতিয়াও হোৱা নাই ইয়াৰ পৰা পানী নিষ্কাশনৰ বাস্তৱ তথা বিজ্ঞানসন্মত ব্যৱস্থা৷ বেছি নালাগে, মাত্ৰ এঘণ্টা বৰষুণ দিলেই কৃত্ৰিম বানে বুৰাই পেলায় মহানগৰীৰ বাসিন্দাসকলৰ ঘৰবাৰী৷ ৰাস্তা বন্ধ হৈ পৰে, স্থবিৰ হৈ যায় জনগণৰ যাতায়াত ব্যৱস্থা, বন্ধপ্ৰায় হৈ পৰে বিদ্যালয়, মহাবিদ্যালয় আনকি চৰকাৰী, বেচৰকাৰী কাৰ্যালয়ো৷ ভাহি যায় শিশু৷ এনে এটা ভয়াৱহ পৰিস্থিতি, পৰিণতি তথা দুৰ্যোগৰ পৰা মহানগৰবাসীয়ে মুক্ত হ’ব পৰাৰ আশা নেদেখি ভুগিব ধৰিছে চূড়ান্ত হতাশাত৷ ৰাজ্যৰ উন্নয়ন মানে কি? তাৰ যথাৰ্থ বাস্তৱতা চৰকাৰে অনুভৱ কৰাটো বিচাৰে ৰাইজে৷ এজাক সাধাৰণ বৰষুণতে মহানগৰখনৰ ৭০-৮০ শতাংশ অকল পানীয়ে বুৰাই পেলাব পৰা অৱস্থাটো কেৱল বেদনাদায়কেই নহয়, চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰো পৰিচায়ক৷ বিজ্ঞানসন্মত ব্যৱস্থা তথা পদ্ধতিৰে গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাৰ সমাধান কৰাৰ কথা চৰকাৰে কয়৷ বেছিকৈ কয় নিৰ্বাচনৰ আগত৷ নিৰ্বাচনৰ পাছত পাহৰা দেখা যায় ৰাইজক দিয়া প্ৰতিশ্ৰুতি৷ সকলো সময়তে আৰু দীৰ্ঘকালৰ বাবে জনসাধাৰণক আভুৱা-ভাঁৰা বক্তৃতাৰে অথবা প্ৰলোভনেৰে সৈমান কৰি ৰাখিব পৰাৰ বিষয়টো পৰ্বতত কাছকণী বিচৰাৰ দৰে৷ এই সত্যক অস্বীকাৰ কৰা, অৱজ্ঞা কৰাৰ পৰিণতি কাৰো বাবে শুভ কাৰক নহয়৷






