Logo
image

আই পি এলৰ পৰৱৰ্তী ছীজনো ইউ এ ইত!

আমাৰ অসম, ২২ ছেপ্টেম্বৰঃ আই পি এলৰ ত্ৰয়োদশ  ছীজন আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ [বি চি চি আই] সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে এমীৰেটছ ক্ৰিকেট ব’ৰ্ডে৷ ফলত দেশ দুখনৰ মাজত ক্ৰিকেট সম্পৰ্ক সুদৃঢ় হোৱাৰ লগতে বি চি চি আইৰ ‘ছেকেণ্ড হোম’ হিচাপে ব্যৱহাৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে৷ দুয়োখন দেশৰ ক্ৰিকেট ব’ৰ্ডৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিৰ পাছত ধাৰণা কৰা হৈছে যে ভাৰতত কৰ’নাৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ নাহিলে আই পি এলৰ পৰৱৰ্তী ছীজনো ইউনাইটেড আৰৱ এমীৰেটছত [ইউ এ ই] অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ এনেধৰণৰ ধাৰণাৰ যুক্তিও নথকা নহয়৷ কিয়নো আই পি এল সাধাৰণতে অনুষ্ঠিত হয় মাৰ্চ-এপ্ৰিলত৷ অৰ্থাৎ ছমাহ পাছত টুৰ্নামেণ্টখনৰ পৰৱৰ্তী ছীজন আৰম্ভ হ’ব লাগে৷ এই সময়ছোৱাত যদি ভাৰতত কৰ’নাৰ পৰিস্থিতি অপৰিৱৰ্তিত থাকে, তেন্তে আই পি এলৰ চতুৰ্দশ ছীজনৰ লগতে ভাৰতত হ’বলগীয়া দ্বিপাক্ষিক ক্ৰিকেট শৃংখলাও ইউ এ ইত অনুষ্ঠিত কৰাৰ কথা ভাবিব পাৰে বি চি চি আয়ে৷ ইয়াৰ অন্তৰালত বি চি চি আইৰ আন এটা উদ্দেশ্যও থাকিব পাৰে৷ সেয়া হৈছে আয় কৰ৷ ইউ এ ইত আয় কৰ দিবলগীয়া নহয়৷ উল্লেখ্য, আয়কৰ নথকাৰ বাবেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে মুখ্য কাৰ্যালয় ডুবাইলৈ স্থানান্তৰ কৰিছিল৷