Logo
image

পুনৰ ৰন্ধন গেছৰ মূল্যবৃদ্ধি

আমাৰ অসম, মে’: মধ্যবিত্তৰ ওপৰত মাধমাৰ সোধাই পুনৰ বাঢ়িল ৰন্ধন গেছৰ দাম৷ উল্লেখ্য যে বিগত কেইবামাহ ধৰি ৰন্ধন গেছৰ দাম বৃদ্ধি পাই আহিছে৷ দাম বৃদ্ধিৰ সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি বৃহস্পতিবাৰে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম পুনৰ ৩.৫০ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৮ টকাকৈ বৃদ্ধি পায়৷ সেই অনুসৰি এতিয়াৰে পৰা ৰন্ধন গেছৰ প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম হ’ব ১০৫১.৫০ টকা৷ আনহাতে বাণিজ্যিক চিলিণ্ডাৰত ৮ টকাকৈ বৃদ্ধি পোৱাত এতিয়াৰে পৰা প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ’ব ২,৩৫৫.৫০ টকা৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ৭ মে’ত ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম ৫০ টকা বৃদ্ধি হৈছিল৷ ফলত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দামে অতিক্ৰম কৰিছিল এহেজাৰ টকা৷ ইয়াৰ পূৰ্বে এপ্ৰিল মাহতো ৰন্ধন গেছৰ দাম বৃদ্ধি হৈছিল৷ সেইদৰে বাণিজ্যিক চিলিণ্ডাৰৰ দামো প্ৰতি মাহত বৃদ্ধি পাই আহিছে৷ আজিৰ দিনটোত ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৮ টকা বৃদ্ধি পোৱাৰ পূৰ্বে যোৱা ১ মে’ত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ১০২.৫০ টকাকৈ বৃদ্ধি পাইছিল৷ ১ এপ্ৰিলতো বাণিজ্যিক চিলিণ্ডাৰৰ দাম একে কোবে ২৫০ টকা বৃদ্ধি পায়৷ ১ মাৰ্চতো বাণিজ্যিক চিলিণ্ডাৰৰ দাম বাঢ়িছিল ১০৫ টকাকৈ৷ স্বাভাৱিকতে ৰন্ধন গেছৰ দাম বৃদ্ধিৰ ধাৰাবাহিকতাই মধ্যবিত্তৰ ওপৰত মাধমাৰ সোধাইছে৷ বিৰোধী দলসমূহে কেন্দ্ৰীয় চৰকাৰৰ ভুল নীতিৰ বাবেই ৰন্ধন গেছ আৰু পেট্ৰ’ল-ডিজেলৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হোৱা বুলি চৰকাৰখনক কঠোৰ সমালোচনা কৰিছে৷