Logo
image

সাৰমেয়প্ৰেমীৰ সজাগতাত নিৰ্যাতনকাৰীক ককৰ্থনা

আমাৰ অসম, ২১ মে’: বিভিন্ন সময়ত ঘৰচীয়া জীৱ-জন্তু, যেনে– কুকুৰ বা মেকুৰী আদিৰ ওপৰত অত্যাচাৰ কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হোৱা দেখা যায়৷ বিভিন্ন সময়ত জীৱ-জন্তুৰ সুৰক্ষাৰ হকে কাম কৰা বেচৰকাৰী সংস্থা বা স্বেচ্ছাসেৱী সংগঠন আদিয়ে আৰক্ষী থানাত গোচৰ তৰি কুকুৰ, মেকুৰী আদিক অত্যাচাৰ কৰা বহুলোকক শাস্তি প্ৰদান কৰাৰ ক্ষেত্ৰতো আগভাগ লোৱা দেখা যায়৷ শেহতীয়াকৈ অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত ৰাস্তাৰ কাষত শুই থকা এটা সাৰমেয়ৰ ওপৰত নিৰ্বিচাৰ নিৰ্যাতন চলাই ককৰ্থনাৰ সন্মুখীন হৈছে এজন যুৱক৷ এই সন্দৰ্ভত যুৱকজনৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ তৰা হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি, বিগত কেইটামান দিনৰ পৰা ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হৈ থকা এটা ভিডিঅ’ৰ আঁত ধৰি ত্ৰিপুৰাৰ কে৯ এনিমেল ৱেলফেয়াৰ ছ’চাইটী শীৰ্ষক স্বেচ্ছাসেৱী সংগঠনটোৱে পশ্চিম ত্ৰিপুৰাৰ আগৰতলাস্থিত নিউ কেপিটেল কমপ্লেক্স আৰক্ষী থানাত এখন এফ আই আৰ গোচৰ দাখিল কৰে৷ উল্লেখ্য, ভাইৰেল ভিডিঅ’টিত ৰাস্তাৰ কাষত শুই থকা এটা কুকুৰক অতৰ্কিতে এজন যুৱকে পিছফালৰ পৰা নেজত ধৰি শূন্যতে ঘূৰাই ঘূৰাই ৰাস্তাৰ কাষৰ পুখুৰীলৈ দলিয়াই দিয়া পৰিলক্ষিত হয়৷ এই ভিডিঅ’টিৰ সন্দৰ্ভত দাখিল কৰা এফ আই আৰত উল্লেখ কৰা অনুসৰি কুকৰ নিৰ্যাতনকাৰী যুৱকজনৰ নাম ৰাজবীৰ সৰকাৰ৷ ঘৰ আগৰতলাৰ বেংক কল’নীৰ সিধাই মোহনপুৰত৷ স্বেচ্ছাসেৱী সংগঠনটোৱে লাভ কৰা সকলো নথি-পত্ৰ, তথ্য আৰক্ষীক প্ৰদান কৰি অতিশীঘ্ৰে যুৱকজনক গ্ৰেপ্তাৰ কৰি নিৰীহ জন্তুৰ ওপৰত কৰা বৰ্বৰোচিত নিৰ্যাতনৰ বাবে কঠোৰ শাস্তিৰ দাবী কৰিছে৷ আনহাতে, ছ’চিয়েল মিডিয়াতো সকলোৱে যুৱকজনক ককৰ্থনা কৰাৰ লগতো কঠোৰ শাস্তিৰ দাবী কৰিছে৷