Logo
image

মোদী জাপানত, লক্ষ্য চীন

আমাৰ অসম, ২৪ মে’: তিনিদিনীয়া ব্যস্ত ভ্ৰমণসূচী লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জাপানলৈ গ’লেও এই মুহূৰ্তত মোদীৰ চকু চীনত৷ দেওবাৰে নিশা নতুন দিল্লীৰ পৰা ৰাওনা হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে জাপানৰ ৰাজধানী টকিঅ’ত ভাৰতীয় প্ৰবাসীসকলৰ সৈতে আৰু জাপানৰ উদ্যোগপতিৰ সৈতে বৈঠকত মিলিত হয়৷ সোমবাৰৰ দিনটোত ব্যস্ত সূচী থাকিলেও মঙলবাৰহে মোদীৰ ভ্ৰমণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন হিচাপে গণ্য কৰা হৈছে৷ মঙলবাৰে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানেছেৰ সৈতে পৃথকে পৃথকে মুখামুখি আলোচনাত মিলিত হ’ব৷ ইয়াৰ পাছতে অনুষ্ঠিত হ’ব কোৱাড বা ‘কোৱাড্ৰিলেটাৰেল ছিকিউৰিটী ডায়লগ’ কিম্বা চতুৰ্দেশীয় নিৰাপত্তা বাৰ্তাৰ অশেষ গুৰুত্বপূৰ্ণ বৈঠক৷ প্ৰসংগতঃ উল্লেখযোগ্য, কোৱাড গঠিত হৈছে আমেৰিকা, অষ্ট্ৰেলিয়া, জাপান আৰু ভাৰতক লৈ৷ এই চাৰিদেশৰ শীৰ্ষ নেতাৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া বৈঠকত ঋণগ্ৰস্ত কিছুসংখ্যক দেশক কিদৰে আৰ্থিক সাহায্য আগবঢ়াই উদ্ধাৰ কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা হ’ব৷ সেই দিশটোৱেই হৈছে চীনৰ প্ৰতি ভাৰতৰ মূল লক্ষ্য৷ কিয়নো ভাৰতৰ চুবুৰীয়া দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাক ঋণত পোত যোৱাই চীনে দেশখনক সমুলঞ্চে ধবংস কৰি পেলাইছে৷ সেই কথা এতিয়া আৰু কাৰো অজানা হৈ থকা নাই৷ চীনে পাকিস্তানক সীমাহীন অৰ্থ সাহায্য প্ৰদান কৰাৰ লগতে ভাৰতৰ গাতে লাগি থকা আন এখন ক্ষুদ্ৰ দেশ নেপালতো  হোৰাহোৰে টকা ঢালিবলৈ আৰম্ভ কৰিছে৷ স্বাভাৱিকতে ভূ-কৌশলগত দিশত  চীনৰ এই পদক্ষেপ ভাৰতৰ পৰিপন্থী৷ ঋণগ্ৰস্ত দেশক কিদৰে আৰ্থিক সাহায্যৰ জৰিয়তে উদ্ধাৰ কৰিব পাৰি, কোৱাডৰ বৈঠকত ভাৰতে সেই প্ৰসংগত অধিক গুৰুত্ব আৰোপ কৰিব বুলি ইতিমধ্যে ভাৰতৰ বৈদেশিক সচিব বিনয় কোৱাট্ৰাই প্ৰকাশ কৰিছে৷ ভাৰতৰ মূল উদ্দেশ্য হৈছে এই চুবুৰীয়া দেশক, ঘাইকৈ শ্ৰীলংকা আৰু নেপালক ঋণগ্ৰস্ততাৰ পৰা উদ্ধাৰ কৰাৰ লগতে চীনৰ কবলৰ পৰা বাহিৰ কৰা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৱাডৰ বৈঠকত এই সন্দৰ্ভত বক্তব্য আগবঢ়াব আৰু ঋণগ্ৰস্ত দেশসমূহক এই চাৰিদেশৰ গোষ্ঠীয়ে কেনেকৈ পৰিকল্পিতভাৱে আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰে সেই সন্দৰ্ভত এটা নিৰ্দিষ্ট পথ মুকলি কৰিব৷ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পাছত ভাৰতীয় উপমহাদেশ আৰু চীনকে ধৰি এছিয়াৰ দেশসমূহৰ প্ৰকৃত স্থিতি কি সেয়া মুকলি হৈ পৰিছে৷ ভাৰতে এটা পক্ষও নোলোৱাকৈ এতিয়ালৈকে নিৰপেক্ষ হৈ আছে যদিও ইউক্ৰেইনৰ পক্ষৰ আমেৰিকা তথা আন পশ্চিমীয়া সকলো ৰাষ্ট্ৰৰ সৈতে পূৰ্বৰ দৰে সু-সম্পৰ্ক অব্যাহত ৰাখিছে৷ ইপিনে বিগত দুবছৰত চীনে লাডাখত সৈন্য সমাৱেশ আৰু ভাৰতীয় ভূমি দখল কৰি যি পৰিস্থিতিৰ সৃষ্টি কৰিছে সেই সন্দৰ্ভত আমেৰিকা আৰু পশ্চিমীয়া অন্যান্য দেশৰ সমৰ্থন ভাৰতে লাভ কৰিছে৷ টকিঅ’ৰ কোৱাড বৈঠকত সেয়ে নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ আন তিনি শক্তিশালী ৰাষ্ট্ৰৰ জৰিয়তে এছিয়াক ভাৰতৰ ভূ-কৌশলগত স্থিতি শক্তিশালী কৰাৰ ক্ষেত্ৰত সমৰ্থন আদায়ৰ চেষ্টা চলাব৷ ইতিমধ্যে কোৱাড সংগঠনে ক’ভিড মহামাৰীৰ সময়ত সমন্বয় ৰক্ষা কৰি ক’ভিডৰ প্ৰতিষেধক বিতৰণ কৰিছিল৷ বাণিজ্য, অৰ্থনীতি, বিজ্ঞান, উচ্ছ প্ৰযুক্তি আৰু মহাকাশৰ ক্ষেত্ৰত এই চাৰি ৰাষ্ট্ৰৰ সহযোগিতা আছে৷ নিৰাপত্তাৰ ক্ষেত্ৰতো কৌশলগত সহযোগিতাৰ বিষয়ে কোৱাড বৈঠকত আলোচনা হ’ব৷ এই পৰ্যন্ত আফগানিস্তান, ম্যানমাৰ, উত্তৰ কোৰিয়া আৰু সামুদ্ৰিক নিৰাপত্তাক লৈ কোৱাডত আলোচনা হ’লেও কোনো চতুৰ্দেশীয় সহযোগিতা গঢ়ি উঠা নাই৷ অৱশ্যে এই চাৰিখন দেশ ‘২/২ মেকানিজিম’ত যুক্ত হৈ আছে, যাৰ ফলত এই দেশৰ সামৰিক বাহিনীৰ মাজত উমৈহতীয়া অনুশীলন হৈছে৷ পিছে সামৰিক বাহিনীৰ উপস্থিতি আৰু সহযোগিতা সম্পৰ্কীয় কোনো চুক্তি কোৱাডত নাই৷ এইবাৰৰ আলোচনাত সেই বিষয়টোৱে গুৰুত্ব পাব, যাতে কোৱাডৰ চাৰি দেশ কোনো শত্ৰুৰ আক্ৰমণৰ সন্মুখীন হ’লে পৰস্পৰে পৰস্পৰক সামৰিক সাহায্য আগবঢ়ায়৷