Logo
image

চীনৰ বিৰুদ্ধে বাইডেনৰ ভৰসা ভাৰত

আমাৰ অসম, ২৫ মে’: জাপানৰ টকিঅ’ত অনুষ্ঠিত কোৱাড অৰ্থাৎ ‘কোৱাড্ৰিলেটাৰেল ছিকিউৰিটি ডায়লগ’ৰ সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই চাৰি সদস্য ৰাষ্ট্ৰৰ প্ৰভুত্ব বিস্তাৰ হোৱাকৈ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত মুঠতে তেৰখন দেশক সংযোগ কৰি সহযোগিতাৰ বিষয়ে ঘোষণা কৰাৰ পাছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উজ্জীৱিত হৈ বৈঠকত ভাষণ প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত কোৱাড হৈছে শুভশক্তি৷ কোৱাড সদস্যসকলৰ মাজত পাৰস্পৰিক সমন্বয় আৰু অঞ্চলটোৰ সামগ্ৰিক উন্নয়নত এই চাৰি ৰাষ্ট্ৰই অনুষ্ঠিত কৰা সহযোগিতাৰ জৰিয়তে কমেও তেৰখন এই অঞ্চলৰ দেশ লাভান্বিত হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৱাডৰ এই পদক্ষেপক ‘শুভশক্তি’ বুলি মন্তব্য কৰে৷ উল্লেখ্য, ২০১৭ চনত ভাৰত, জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকাই আনুষ্ঠানিকভাৱে জন্ম দিছিল কোৱাড অৰ্থাৎ ‘কোৱাড্ৰিলেটাৰেল চিকিউৰিটি ডায়লগ’ৰ৷ এই চতুৰ্দেশীয় অক্ষৰ মূল লক্ষ্য হৈছে এছিয়া আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ একপক্ষীয় আগ্ৰাসন ৰোধ কৰা৷ টকিঅ’ত অনুষ্ঠিত কোৱাডৰ এইখন হৈছে চতুৰ্থ সন্মিলন৷ সামগ্ৰিকভাৱে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ একাধিপত্য ৰোধ কৰি অঞ্চলটোত থকা সকলো কেইখন দেশৰ মাজেৰে সামুদ্ৰিক পথ ব্যৱহাৰ কৰি বাণিজ্যিক ব্যৱস্থা অব্যাহত ৰখাটোৱেই কোৱাডৰ মূল উদ্দেশ্য৷ যিহেতু এই অঞ্চলৰ অন্যতম শক্তি ভাৰত, সেয়ে আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ লগতে এছিয়াৰ আন এক শক্তি জাপানে এই সহযোগিতাৰ ক্ষেত্ৰত ভাৰতৰ ওপৰত নিৰ্ভৰ কৰিছে৷ আমেৰিকাৰ সৰ্বাধিক নিৰ্ভৰতা বৰ্তি ৰৈছে মূলতঃ ভাৰতৰ ওপৰত৷ সেয়ে কোৱাড সন্মিলনত ভাৰত আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্ব অপৰিসীম৷ মঙলবাৰে কোৱাড সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শান্তি, সমৃদ্ধি আৰু স্থায়িত্বক নিশ্চিত কৰাৰ ক্ষেত্ৰত কোৱাডে বৃহৎ ভূমিকা পালন কৰিব বুলি মন্তব্য কৰে৷ কোৱাডৰ সদস্য ৰাষ্ট্ৰই বিগত সময়ছোৱাত ক’ভিড অতিমাৰী ৰোধৰ বাবে প্ৰতিষেধক সৰবৰাহ কৰা আৰু ভৱিষ্যতে এই অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়ন, জলবায়ু পৰিৱৰ্তনসহ একাধিক ক্ষেত্ৰত দৃষ্টান্তমূলক সাফল্য অৰ্জন কৰিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে বৈঠকত মন্তব্য কৰে৷

তাৎপৰ্যপূৰ্ণভাৱে বৈঠকৰ পূৰ্বেই আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে আনুষ্ঠানিকভাৱে ‘ইণ্ডো-পেচিফিক ইক’নমিক ফ্ৰেমৱৰ্ক ফৰ প্ৰছপাৰিটী’ অথবা আইপিইএফ গঠনৰ ঘোষণা কৰে৷ ইয়াৰ জৰিয়তে কোৱাডে অঞ্চলটোৰ সকলো দেশৰ সৈতে অৰ্থনৈতিক সংযোগ স্থাপন আৰু অৰ্থনৈতিক উন্নয়ন সাধনৰ পদক্ষেপ গ্ৰহণ কৰিব৷ আইপিইএফৰ গঠনৰ জৰিয়তে জো বাইডেনে কৌশলগতভাৱে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ মুঠ তেৰখন দেশ ক্ৰমে– আমেৰিকা, ভাৰত, জাপান, অষ্ট্ৰেলিয়া, ব্ৰুনেই, ইণ্ডোনেছিয়া, দক্ষিণ কোৰিয়া, মালয়েছিয়া, নিউজিলেণ্ড, ফিলিপিন্স, থাইলেণ্ড, ছিংগাপুৰ আৰু ভিয়েটনামক অন্তৰ্ভুক্ত কৰি লয়৷ এয়া কোনো বাণিজ্যিক চুক্তি নহয়, কিন্তু এই দেশসমূহৰ সমীপেৰে ভাৰত-প্ৰশান্ত মহাসাগৰৰ সমুদ্ৰ পথেৰে হ’বলগীয়া বাণিজ্যৰ ক্ষেত্ৰত ভৱিষ্যতে সকলো দেশেই কৰ ৰেহাই দিব৷ ইয়াৰ জৰিয়তে প্ৰশাসনিক জটিলতা হ্ৰাস কৰি বাণিজ্যৰ পথ সহজ হৈ পৰিব৷ মঙলবাৰে আইপিইএফৰ আনুষ্ঠানিক ঘোষণা হ’লেও ই পূৰ্ণাঙ্গ ল’বলৈ কমেও দুবছৰ সময় লাগিব৷ কোৱাডৰ এই ঘোষণাত তীব্ৰভাৱে অসন্তুষ্ট হৈ পৰিছে চীন৷ কিয়নো চাৰি ৰাষ্ট্ৰৰ সংগঠনটোৱে চীনক বাদ দি অঞ্চলটোৰ তেৰখন ৰাষ্ট্ৰক সংলগ্ন কৰি বাণিজ্য সুচল কৰাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া ভৱিষ্যত সামৰিক আৰু ৰণকৌশলগত ক্ষেত্ৰতো চীনৰ প্ৰতিদ্বন্দ্বী হৈ উঠিব৷ তাৎপৰ্যপূৰ্ণভাৱে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনে চলাই থকা একাধিপত্য অৱসানৰ বাবে আইপিইএফ ঘোষণা কৰা বুলি সকলোৱেই নিশ্চিত হৈছে৷ স্বাভাৱিকতে এই ক্ষেত্ৰত এছিয়াৰ শক্তিশালী সংগী হৈ পৰিছে ভাৰত৷