Logo
image

ভাৰতত খোৱা তেলৰ দাম হ্ৰাস, চেনিৰ দামো কমিব

চয়াবিন আৰু সুৰুযমুখী তেলৰ আমদানি শুল্ক ৰেহাই কেন্দ্ৰীয় চৰকাৰৰ

আমাৰ অসম, ২৬ মে’: দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা৷ বিশেষকৈ খোৱা তেলৰ দাম যথেষ্ট বৃদ্ধি পোৱাত সাধাৰণ ৰাইজৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে৷ গতিকে মোদী চৰকাৰে কেঁচা চয়াবিন তেল আৰু কেঁচা সুৰুযমুখী তেলৰ আমদানিৰ ক্ষেত্ৰত থকা শুল্ক দুবছৰলৈকে প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়৷ ২০ লাখ টন কেঁচা চয়াবিন তেল আৰু ২০ লাখ টন কেঁচা সুৰুযমুখী তেলৰ আমদানিৰ ক্ষেত্ৰত দুবছৰলৈকে আমদানি শুল্ক ৰেহাই দিয়াৰ ফলত ভাৰতত খোৱা তেলৰ দাম হ্ৰাস পায়৷ দেওবাৰে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত লোৱাৰ পাছতে দেশৰ বিভিন্ন স্থানৰ বজাৰত খোৱা তেলৰ দাম যথেষ্ট হ্ৰাস পায়৷ কৰ’না ভাইৰাছৰ তাণ্ডৱৰ বাবে ভাৰতলৈ খোৱা তেলৰ আমদানিত বাধা আহিছিল, যাৰ ফলত দেশত তেলৰ দাম বৃদ্ধি পাইছিল৷ কিন্তু এতিয়া ইণ্ডোনেছিয়াই খোৱা তেলৰ ৰপ্তানি বৃদ্ধি কৰাত ভাৰতলৈ তেল অহাৰ কাম আৰম্ভ হৈছে৷ যাৰ ফলত ভাৰতত কাচ্ছি ঘানি সৰিয়হ তেলৰ দাম প্ৰতি টিনত ৪০ টকা হ্ৰাস পাইছে৷ তৈলবীজৰ দাম প্ৰতি কুইণ্টলত ১০০ টকাকৈ হ্ৰাস পোৱাৰ ফলতো দেশত সৰিয়হ তেলৰ দাম কমিছে৷ আনহাতে, ভাৰতত চেনিৰ দাম বৃদ্ধি ৰোধ কৰাৰ স্বাৰ্থত মোদী চৰকাৰে এক জুনৰ পৰা চেনীৰ ৰপ্তানিও বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰে৷ ইয়াৰ ফলত ভাৰতত চেনীৰ দানো হ্ৰাস পাব৷