Logo
image

নৱম বৰ্ষত মোদী চৰকাৰ আজিও অপূৰ্ণ বহু প্ৰতিশ্ৰুতি

আমাৰ অসম, ২৭ মে’: নৱম  বছৰত ভৰি দিলে কেন্দ্ৰৰ মোদী নেতৃত্বাধীন চৰকাৰে৷ ৮ বছৰ পূৰ্বেৰ্ আজিৰ দিনটোতে ভাৰতৰ ১৪সংখ্যক প্ৰধানমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোদীয়ে৷ সেইবাৰ কংগ্ৰেছ চৰকাৰক ক্ষমতাচ্যুৎ কৰি শাসনলৈ আহিছিল বিজেপি৷ চাওঁতে চাওঁতে ক্ষমতাৰ ৮টা বছৰ অতিক্ৰম কৰিলে মোদী চৰকাৰখনে৷ কিন্তু মোাদীয়ে জনতা জনাৰ্দনক দিয়া বহু প্ৰতিশ্ৰুতি আজিও অপূৰ্ণ হৈয়েই থাকিল৷ ইয়াৰ বিপৰীতে মূল্যবৃদ্ধিৰ মাধমাৰত কোঙা হ’বলগীয়া হৈছে ভাৰতৰ সাধাৰণ জনতা৷ উল্লেখ্য যে ২০১৪ চনৰ ২৬ মে’ত প্ৰধানমন্ত্ৰীৰূপে শপতগ্ৰহণৰ পূৰ্বে মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল৷ নৰেন্দ্ৰ মোদীৰ সৈতে সেইদিনা সন্ধিয়া ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে শপতবাক্য পাঠ কৰাইছিল আন ৪৫জন মন্ত্ৰীকো৷ ইয়াৰে কেইবাজনো বৰ্তমান প্ৰয়াত৷ সুষমা স্বৰাজ, অৰুণ জেট্‌লিও মোদীৰ মন্ত্ৰীসভাৰ সদস্যৰূপে শপতগ্ৰহণ কৰিছিল৷  অটল বিহাৰী বাজপেয়ীৰ পাছত দেশৰ প্ৰথমজন বিজেপি প্ৰধানমন্ত্ৰী হৈছিল নৰেন্দ্ৰ মোদী৷ যাৰ বাবে শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল বিশেষভাৱে৷ ২০১৪ চনৰ ১৬ মে’ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই চৰকাৰ গঠনৰ দাবী জনাই ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক সাক্ষাৎ কৰিছিল মোদীয়ে৷ বিজেপিয়ে সেইবাৰ ২৪২খন আসন লাভ কৰিছিল৷ মিত্ৰদলসমূহৰ আসনক লৈ এনডিএৰ সদস্য সংখ্যা ৩৩৬ হৈছিল৷ লোকসভাৰ ৫৪৩খন আসনৰ ৩৩৬খন আসন লাভ কৰি চৰকাৰ গঠনৰ দাবী জনাইছিল এনডিএই৷ তাৰ পাছত ২৬ মে’ৰ সন্ধিয়া ৬ বজাত ৰাষ্ট্ৰপতি ভৱনত শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হৈছিল৷ ৬.১৩ বজাত শপতগ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোদীয়ে৷ পূৰ্বৰ কংগ্ৰেছৰ নেতৃত্বত ইউপিএ চৰকাৰৰ আমোলত হোৱা সীমাহীন দুৰ্নীতি, বৈদেশিক নীতিৰ ব্যৰ্থতা, বিত্তীয় সংকট আদিৰ বাবে শাসনলৈ আহিবলৈ সক্ষম হৈছিল নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ৷ তাৎপৰ্যপূৰ্ণ যে মোদী চৰকাৰ শাসনলৈ অহাৰ পাছত ভাৰতৰ বৈদেশিক নীতিকে ধৰি কেইটামান বিশেষ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ সফলতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়৷ এইক্ষেত্ৰত বিজেপি চৰকাৰখনে গ্ৰহণ কৰা বৈদেশিক নীতি উল্লেখনীয়৷ মোদী চৰকাৰে গ্ৰহণ কৰা বৈদেশিক নীতিক আনকি চুবুৰীয়া ৰাষ্ট্ৰ তথা ভাৰতৰ চিৰশত্ৰু পাকিস্তানৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইমৰান খানেও প্ৰশংসা কৰিবলৈ বাধ্য হৈছিল৷ বিশ্বদৰবাৰত কঠোৰ স্থিতিৰে  নিজৰ পৰিচয় দাঙি ধৰা মোদী চৰকাৰখনে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা প্ৰদৰ্শন কৰে৷ স্বাধীনতাৰ পাছত ভাৰতৰ বৈদেশিক নীতি অতি দুৰ্বল আছিল, কিন্তু মোদী ক্ষমতালৈ অহাৰ পাছতে প্ৰধানমন্ত্ৰীৰূপে তেওঁ ভাৰতৰ বৈদেশিক নীতিৰ আমূল পৰিৱৰ্তন ঘটায়৷ সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰি ভাৰতে বালাকোটত বিমান আক্ৰমণেৰে ছাৰ্জিকেল ষ্ট্ৰাইক চলাইছিল৷  ইউক্ৰেইনত ৰাছিয়াৰ  আক্ৰমণৰ সময়তো ভাৰতে কূটনৈতিক বিচক্ষণতাৰ পৰিচয় দিবলৈ সক্ষম হয়৷ চুবুৰীয়া দেশ ম্যানমাৰত আত্মগোপন কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধেও ভাৰতে শূন্য সহনশীলতা প্ৰদৰ্শন কৰি ছাৰ্জিকেল ষ্ট্ৰাইক দিলে৷ একেদৰে সংবিধানৰ বহু বিতৰ্কিত ৩৭০নং অনুচ্ছেদ বাতিল কৰি মোদী চৰকাৰে জম্মু-কাশ্মীৰ আৰু লাডাখক পৃথক মৰ্যাদা প্ৰদান কৰে৷ যিটো চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে ঘোৰ বিৰোধিতা কৰি আহিছিল৷ বিদেশী দেশসমূহৰ সৈতে দীৰ্ঘস্থায়ী সম্পৰ্ক গঢ়ি তোলাটোও মোদী চৰকাৰৰ অন্যতম উল্লেখনীয় দিশ৷ এইক্ষেত্ৰত মোদীয়ে বিদেশত দুৰ্দশাগ্ৰস্ত হৈ থকা ভাৰতীয়ৰ নিৰাপত্তা নিশ্চিত কৰাত গুৰুত্ব প্ৰদান কৰিছিল৷ মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত প্ৰয়াত সুষমা স্বৰাজৰ নেতৃত্বত প্ৰৱাসী ভাৰতীয়ক উদ্ধাৰ কৰি আনিছিল মোদী চৰকাৰে৷ একেদৰে ২০১৫ চনত যুদ্ধবিধবস্ত য়েমেনৰ পৰা ভাৰতীয়সকলক উদ্ধাৰ কৰাটো সম্ভৱ হৈছিল মোদী চৰকাৰৰ শুদ্ধ বৈদেশিক নীতিৰ বাবেই৷ আনহাতে সাত বছৰীয়া এই কাৰ্যকালৰ মাজতে ভাৰতৰ ভূমিত আগ্ৰাসন আৰম্ভ কৰে চীনে৷ এই ক্ষেত্ৰতো মোদীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি চীনৰ আগ্ৰাসনত বাধা দিবলৈ সক্ষম হয়৷ ২০১৭ চনত ভাৰতীয় সেনা আৰু চীনৰ পিএলএ সৈন্যৰ মাজত ভাৰত-চীন সীমান্তৰ ড’কলামত সংঘৰ্ষ লাগে৷ চীনা সৈন্যসকলে ভাৰতৰ ভূমিত পথ নিৰ্মাণ কৰিবলৈ লোৱাৰ বাবেই এই সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল৷ কিন্তু মোদী চৰকাৰৰ কঠোৰ নীতিৰ বাবেই চীনা সৈন্যই চলোৱা আগ্ৰাসন বন্ধ হয়৷  ২০২০ত লাডাখত পুনৰ চীনৰ আগ্ৰাসন আৰম্ভ হয়৷ তাকো বাধা দিবলৈ সক্ষম হয় মোদী চৰকাৰ৷ কৰ’নাৰ সময়তো মোদী চৰকাৰে মাৰাত্মক ভাইৰাছবিধৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত একপ্ৰকাৰ বিচক্ষণতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়৷ ভাৰতে বিশ্বৰ অন্যান্য দেশৰ সৈতে ফেৰ মাৰিব পৰাকৈ নিজাকৈ কৰ’নাৰ প্ৰতিষেধক প্ৰস্তুত কৰিবলৈ সক্ষম হয়৷ যাৰ বাবে বিশ্ববাসীয়ে  আজিও প্ৰশংসা কৰে ভাৰতক৷ এনে নীতি তথা কাৰ্যকলাপেৰে  মোদী চৰকাৰে ৮ টাকৈ বছৰ সম্পূৰ্ণ কৰি আজিৰ দিনটোত নৱমটো বৰ্ষত খোজ দিয়ে৷ কিন্তু সাধাৰণ জনতাক দিয়া প্ৰতিশ্ৰুতি এতিয়াও পূৰণ কৰিবলৈ বহু বাকী আছে নৰেন্দ্ৰ মোদীৰ৷