Logo
image

সৰ্বাধিক ভোটেৰে বিশ্ব বক্সিঙৰ কমিটীৰ অধ্যক্ষ হ’ল লাভলীনা

আমাৰ অসম, ২৭ মে’: টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা বক্সাৰ লাভলীনা বৰগোহাঁইলৈ আহিল আন এটা সন্মান৷ আন্তঃৰাষ্ট্ৰীয় বক্সিং সন্থাৰ এথলীট কমিটীৰ অধ্যক্ষৰ লগতে ভোটিং অধিকাৰৰ সৈতে ব’ৰ্ড অৱ ডাইৰেক্টৰ্ছত অন্তৰ্ভুক্ত কৰা হৈছে অসমৰ বক্সাৰগৰাকীক৷ লাভলীনাৰ লগতে অসমৰ আন এজন বক্সাৰ, পাঁচবাৰকৈ এছিয়ান চেম্পিয়নশ্বিপৰ পদকজয়ী শিৱ থাপাক এথলীট কমিটীৰ সদস্য নিৰ্বাচন কৰা হৈছে৷ আন্তঃৰাষ্ট্ৰীয় বক্সিং সন্থাই বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰিছে৷ উল্লেখ্য, সদ্যসমাপ্ত বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ সময়ত হোৱা নিৰ্বাচনত লাভলীনাই পাইছিল সৰ্বাধিক ভোট  আৰু তাৰ ভিত্তিত বক্সাৰগৰাকীক এথলীট কমিটীৰ অধ্যক্ষ নিৰ্বাচিত কৰা হৈছে৷ আনহাতে, যোৱা বছৰৰ অক্টোবৰত অনুষ্ঠিত পুৰুষৰ বিশ্ব চেম্পিয়নশ্বিপত হোৱা নিৰ্বাচনত পোৱা ভোটৰ ভিত্তিত থাপা এথলীট কমিটীৰ সদস্য নিৰ্বাচিত হৈছে৷ আন্তঃৰাষ্ট্ৰীয় বক্সিং সন্থাৰ এথলীট কমিটীৰ অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পাছত লাভলীনাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– ‘এয়া মোৰ বাবে এটা ডাঙৰ সন্মান৷ মই এথলীট কমিটীৰ এগৰাকী সদস্য হ’ম বুলি আশা কৰিছিলোঁ৷ কিন্তু কমিটীৰ অধ্যক্ষ নিৰ্বাচিত হোৱাটো আছিল মোৰ বাবে অপ্ৰত্যাশিত৷ এই সন্মানে মোক ভাৰতীয় বক্সিঙক, বিশেষকৈ মহিলা বক্সিঙৰ উত্তৰণৰ হকে কাম কৰাত উৎসাহ যোগাব৷ বক্সিঙৰ উত্তৰণৰ বাবে কাম কৰাৰ ক্ষেত্ৰত মোলৈ এটা সুযোগ আহিছে৷ প্ৰথমে মই আন সদস্যসকলৰ লগতে বক্সাৰসকলৰ সৈতে আলোচনা চলোৱাৰ পৰিকল্পনা লৈছোঁ আৰু তাৰ পাছত পৰামৰ্শ আৰু অভিযোগবোৰ ব’ৰ্ড অৱ ডাইৰেক্টৰ্ছ কমিটীত উত্থাপন কৰা হ’ব৷’ ইপিনে, আন্তঃৰাষ্ট্ৰীয় বক্সিং সন্থাৰ এথলীট কমিটীৰ অধ্যক্ষ আৰু সদস্য নিৰ্বাচিত হোৱাৰ বাবে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰে লাভলীনা আৰু শিৱ থাপাক অভিনন্দন জনাইছে৷ টুইটাৰযোগে ঠাকুৰে উল্লেখ কৰে– ‘দুয়োগৰাকী বক্সাৰক দিয়া হৈছে গধুৰ দায়িত্ব আৰু এই দায়িত্ব পালনৰ ক্ষেত্ৰত তেওঁলোকলৈ থাকিল আমাৰ শুভকামনা৷’