Logo
image

অহা মাহৰ পৰা বাঢ়িব বাহনৰ বীমাৰ প্ৰিমিয়াম

আমাৰ অসম, ২৭ মে’: সকলোৱে এতিয়া মুদ্ৰাস্ফীতিত জৰ্জৰিত৷ দৈনিক বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামাগ্ৰীৰ দাম৷ ইয়াৰ মাজতে মধ্যবিত্তৰ মূৰত মাধমাৰ সোধাই পুনৰ মূল্যবৃদ্ধি হ’বলৈ ওলাইছে৷ এইবাৰ মূল্যবৃদ্ধি হ’ব যানবাহনৰ বীমা তথা বীমাৰ প্ৰিমিয়ামত৷ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে সকলোধৰণৰ যানবাহনৰ থাৰ্ড পাৰ্টী ইঞ্চিওৰেন্স অৰ্থাৎ তৃতীয় পক্ষৰ যানবাহন বীমাৰ প্ৰিমিয়াম বৃদ্ধিৰ সিদ্ধান্ত লৈছে৷ সেই অনুসৰি অহা ১ জুনৰ পৰা চৰকাৰে বীমাৰ ক্ষেত্ৰত নতুন মূল্য নিৰ্ধাৰণ কৰিব বুলি ঘোষণা কৰিছে৷ কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে এই সন্দৰ্ভত বুধবাৰে এক নিৰ্দেশনা জাৰি কৰে৷ নতুন   এই নিৰ্দেশনা অনুসৰি ১ জুনৰ পৰা ১০০০ চিচি ক্ষমতাৰ ইঞ্জিনযুক্ত ব্যক্তিগত বাহনৰ থাৰ্ড পাৰ্টী ভেহিকেল ইঞ্চিওৰেন্স কৰিবলৈ লাগিব নূন্যতম ২,০৯৪ টকা৷ ২০১৯-২০ চনত এই প্ৰিমিয়াম আছিল ২,০৭২ টকা৷ আনহাতে ১০০০ৰ পৰা ১৫০০ চিচি ক্ষমতাযুক্ত ব্যক্তিগত বাহনৰ প্ৰিমিয়াম ১ জুনৰ পৰা পূৰ্বৰ ৩,২২১ টকাৰ সলনি হ’ব ৩,৪১৬ টকা৷ অকল চাৰিচকীয়া বাহনৰ ক্ষেত্ৰতে নহয় দুচকীয়া বাহনৰ ক্ষেত্ৰতো বৃদ্ধি হ’ব প্ৰিমিয়ামৰ মূল্য৷ সেই অনুসৰি ১৫০ৰ পৰা ৩৫০ চিচি ইঞ্জিনযুক্ত দুচকীয়া বাহনৰ প্ৰিমিয়ামৰ মূল্যবৃদ্ধি হৈ নূন্যতম ২,৮০৪ টকা হ’ব৷ অৱশ্যে ১৫০০ চিচিতকৈ অধিক ক্ষমতাসম্পন্ন ইঞ্জিনযুক্ত ব্যক্তিগত গাড়ীৰ থাৰ্ড পাৰ্টী ইঞ্চিওৰেন্সৰ খৰচ কমোৱাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ এই প্ৰিমিয়াম পূৰ্বৰ ৭,৮৯৭ টকাৰ সলনি ১ জুনৰ পৰা হ’ব ৭,৮৯০  টকা৷