Logo
image

ছুপ্ৰিম ক’ৰ্টৰ হস্তক্ষেপত বেশ্যাবৃত্তি বৈধ হ’লে কি প্ৰভাৱ পৰিব ভাৰতত!

আমাৰ অসম, ২৮ মে’: ভাৰতত বেশ্যাবৃত্তিৰ সৈতে জড়িত থকা কৰ্মীসকলকো সংবিধানপ্ৰদত্ত অধিকাৰ প্ৰদান কৰাৰ লগতে আৰক্ষীয়ে তেওঁলোকক কোনোধৰণৰ হাৰা-শাস্তি আৰু অসন্মান কৰিব নোৱাৰিব বুলি বৃহস্পতিবাৰে দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ে কঠোৰ নিৰ্দেশ জাৰি কৰে৷ ইয়াৰ দ্বাৰা ছুপ্ৰিম ক’ৰ্টে দেশত বেশ্যবৃত্তিক স্বীকৃতি দিয়া বুলিও দেশজুৰি চৰ্চা চলিছে আৰু ইয়াকে লৈ বিতৰ্ক আৰম্ভ হৈছে৷ বৃহস্পতিবাৰে ছুপ্ৰিম ক’ৰ্টে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যলৈ নিৰ্দেশ দি কৈছিল যে বেশ্যাবৃত্তিৰ সৈতে জড়িত লোক আৰু তেওঁলোকৰ সন্তানক আৰক্ষীয়ে কোনোধৰণৰ হাৰাশাস্তি কৰিব নোৱাৰিব আৰু সন্মান সহকাৰে ব্যৱহাৰ কৰিব লাগিব৷ বেশ্যাবৃত্তিক পেচা হিচাপে ঘোষণা কৰি ছুপ্ৰিম ক’ৰ্টে কয় যে আৰক্ষীয়ে যৌনকৰ্মীৰ বিৰুদ্ধে গ্ৰহণ কৰি অহা ক্ৰুৰ আৰু হিংসাত্মক মনোভাৱ এৰিব লাগিব৷ আৰক্ষী আৰু আন আন আইন প্ৰণয়নকাৰী এজেন্সীয়ে যৌনকৰ্মীৰ অধিকাৰৰ প্ৰতি সংবেদনশীল হ’ব লাগিব বুলিও নিৰ্দেশ দিয়ে ছুপ্ৰিম ক’ৰ্টে৷ গতিকে ইয়াৰ দ্বাৰা ছুপ্ৰিম ক’ৰ্টে ভাৰতত বেশ্যাবৃত্তিক বৈধ হিচাপে ঘোষণা কৰা বুলি দেশজুৰি চৰ্চা চলিছে৷ ভাৰতীয় দণ্ডবিধি আইনৰ মতে বহল অৰ্থত বেশ্যাবৃত্তি সম্পূৰ্ণ বেআইনী নহয় যদিও আইনৰ কিছুমান ধাৰাৰ অধীনত এয়া অবৈধ৷ বিশেষকৈ মহিলা, যুৱতী, কিশোৰী আৰু শিশুক চোৰাং সৰবৰাহৰ জৰিয়তে বেশ্যালয়ত বিক্ৰী কৰা, জোৰ কৰি এই বৃত্তিত লিপ্ত হ’বলৈ বাধ্য কৰা, টকা আহৰণৰ কৌশল হিচাপে ব্যৱহাৰ কৰা আদিবোৰ সম্পূৰ্ণ অবৈধ৷ কিন্তু ছুপ্ৰিম ক’ৰ্টে দিয়া নিৰ্দেশৰ পাছত বহুতে আশংকা কৰিছে যে ইয়াৰ দ্বাৰা মহিলা-যুৱতী-কিশোৰী-শিশুৰ চোৰাং সৰবৰাহকাৰী অধিক সক্ৰিয় হৈ পৰিব৷ ছুপ্ৰিম ক’ৰ্টৰ মতে যৌনকৰ্মীয়ে লাভ কৰিব আন নাগৰিকৰ দৰেই সম আইনী অধিকাৰ৷ কোনো বেশ্যালয়ত আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত যৌনকৰ্মীসকলক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বা বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব৷ ধষৰ্ণৰ বলি হোৱা যৌনকৰ্মীক সকলোধৰণৰ চিকিৎসা আৰু আইনী সাহায্য লাভৰো সুযোগ লাভ কৰিব৷ ছুপ্ৰিম ক’ৰ্টৰ নিদেৰ্শৰ পাছতে পশ্চিমবংগৰ সোণাগাছিৰ যৌনকৰ্মীসকলক আনন্দিত হৈ পৰিছে৷