Logo
image

ক’ভিডৰ পাছত পুনৰ বাংলাদেশৰ পৰা আহিল ‘মৈত্ৰী-বন্ধন’

আমাৰ অসম. ৩০ মে': দুবছৰ বন্ধ হৈ থকাৰ পাছত অৱশেষত দেওবাৰৰ পৰা বাংলাদেশ-ভাৰতৰ মাজত চলাচল কৰা  মৈত্ৰী-বন্ধন ৰে’লৰ যাত্ৰা পুনৰ আৰম্ভ হৈছে৷ ক’ভিড অতিমাৰীৰ বাবে ২০২০ চনৰ ১৫ মাৰ্চৰ পৰা মৈত্ৰী-বন্ধন এক্সপ্ৰেছখনৰ যাতায়াত বন্ধ হৈ আছিল৷ দেওবাৰে মুঠ আসনসংখ্যাৰ ৬৪ শতাংশ আসন খালী হৈ থাকিলেও বাংলাদেশৰ ৰাজধানী ঢাকাৰ কেণ্টনমেণ্ট ষ্টেচনৰ পৰা পুৱা ৮.১৫ বজাত মৈত্ৰী-বন্ধন এক্সপ্ৰেছ ৰে’লগাড়ীখন কলকাতাৰ উদ্দেশ্যে ৰাওনা হয়৷ ৰে’লগাড়ীখনত মুঠ আসনৰ সংখ্যা ৪৫৬ জন হ’লেও দুবছৰৰ বিৰতিত পুনৰ আৰম্ভ হোৱা ৰে’লখনত দেওবাৰে যাত্ৰী আছিল ১৬৫ জন৷ অৱশ্যে ১৭০জন যাত্ৰীয়ে ৰে’লখনৰ টিকত সংগ্ৰহ কৰিছিল৷ মুঠ যাত্ৰীৰ ১৬ জন ভাৰতীয়, এজন ইন্দোনেছিয়াৰ আৰু বাকী কেইজন আছিল বাংলাদেশৰ৷ পূৰ্বে সপ্তাহত দুদিন চলাচল কৰা এই ৰে’লগাড়ীখন এতিয়াৰ পৰা সপ্তাহত পাঁচদিন চলিব৷ ক’ভিড পৰৱৰ্তী সময়ত উভয় দেশৰ যাতায়াত কমি যোৱাৰ বাবেই আজি প্ৰথমদিনৰ যাত্ৰাত যাত্ৰীৰ সংখ্যা হ্ৰাস পোৱা বুলি ৰে’ল কতৃৰ্পক্ষই মন্তব্য কৰিছে৷ পুৱাই যাত্ৰা কৰা ৰে’লখনে বেনোপ’ল চেকগেট হৈ বিয়লি ৪ বজাত কলকাতা ষ্টেচনত উপস্থিত হয়৷ সোমবাৰে পুনৰ এই এক্সপ্ৰেছ ৰে’লগাড়ীখন বিয়লি ৪ বজাত ঢাকালৈ উভতি যাব৷