Logo
image

প্ৰাক্‌মৌচুমীতে ৪৬% অধিক বৰষুণ ৰাজ্যত

এই সপ্তাহতে মৌচুমী

আমাৰ অসম, ৩০ মে’: ভাৰতবৰ্ষৰ কৃষি অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা দক্ষিণ-পশ্চিম মৌচুমী বায়ুৱে নিজৰ চিৰাচৰিত গতিপথৰে দেওবাৰে সাগৰীয় উপকুলৰে কেৰেলাত প্ৰৱেশ কৰিছে৷ অৱশ্যে নিৰ্দ্ধাৰিত সময়তকৈ তিনিদিন পূৰ্বে কেৰালাত প্ৰৱেশ কৰা মৌচুমী বায়ু পৰৱৰ্তী তিনি বা চাৰিদিন পাছত অৰ্থাৎ পহিলা জুনত অসমসহ উত্তৰ পূবৰ আকাশত প্ৰৱেশ কৰিব বুলি বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে৷ বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি কেৰালাত প্ৰৱেশ কৰা মৌচুমী বায়ুৱে উত্তৰ পশ্চিম ৰাজস্থান, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ হৈ হিমালয়ৰ পাদদেশৰে পশ্চিমবঙ্গ হৈ অসম আৰু উত্তৰ পূবত প্ৰৱেশ কৰিব৷ সাগৰপৃষ্ঠৰ পৰা ডেৰ কিলোমিটাৰ ওপৰেৰে প্ৰৱেশ কৰিবলগা দক্ষিণ-পশ্চিম মৌচুমী বায়ু অহা ছেপ্টেম্বৰ মাহৰ শেষলৈকে থাকিব৷ অৱশ্যে মৌচুমীৰ সময়ত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ কম হ’ব নে বেছি হ’ব বা স্বাভাৱিক পৰিমাণৰ হ’ব সেই বিষয়ে বতৰ বিজ্ঞানকেন্দ্ৰই সদৰি কৰা নাই৷ এই সন্দৰ্ভত আৰু কেইটামান দিন অপেক্ষা কৰিব লাগিব বুলি কেন্দ্ৰৰ তথ্যত প্ৰকাশ৷ উল্লেখ্য অসমকে ধৰি দেশৰ কৃষিকাৰ্য নিৰ্ভৰ কৰে মৌচুমী বায়ুৰ প্ৰভাৱত হোৱা বৰষুণত৷ যদি স্বাভাৱিকতকৈ অধিক বৰষুণ হয়, তেন্তে সেই ৰাজ্যসমূহত বাৰিষা হ’ব৷ তেনেদৰে স্বাভাৱিকতকৈ উদ্বেগজনকভাৱে বৰষুণ কম হ’লে দেশ বা সেই ৰাজ্যসমূহ খৰাঙৰ কবলত পৰিব৷ যদি স্বাভাৱিক পৰিমাণৰ বৰষুণ হয় তেতিয়া নিশ্চিতভাৱে কৃষিকৰ্ম ভাল হ’ব৷ অৱশ্যে বতৰ বিজ্ঞানৰ ভাষাত স্বাভাৱিকতকৈ যদি ১৯ শতাংশ বৰষুণ কম-বেছি হয় তেতিয়া তাক স্বাভাৱিক পৰিমাণৰ বৰষুণ হোৱা বুলি ধৰি লোৱা হয়৷ আনহাতে, পহিলা মাৰ্চৰ পৰা ৰাজ্যত চলি থকা প্ৰাক মৌচুমী কালত স্বাভাৱিকতকৈ অসমসহ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত অধিক বৰষুণ হোৱা বুলি সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ কেন্দ্ৰৰ তথ্য অনুসৰি পহিলা মাৰ্চৰ পৰা ২৯ মে’ পৰ্যন্ত অসমত হোৱা বৰষুণৰ পৰিমাণ আছিল ৭৫৬.৭ কিলোমিটাৰ৷ এই সময়ছোৱাত স্বাভাৱিক পৰিমাণৰ বৰষুণ হ’ব লাগিছিল ৫১৯.৮ মিঃ মিঃ৷ অৰ্থাৎ স্বাভাৱিকতকৈ ৪৬ শতাংশ অধিক পৰিমাণৰ বৰষুণ হৈছে৷ ইয়াৰ ভিতৰত বাগছা আৰু ওডালগুৰি জিলাত স্বাভাৱিকতকৈ ১২৩ শতাংশ অধিক বৰষুণ হৈছে৷ তেনেদৰে উত্তৰ পূবৰ ভিতৰতে সৰ্বাধিক মেঘালয়ত স্বাভাৱিকতকৈ ১০২ শতাংশ অধিক বৰষুণ হৈছে৷ ইফালে বৰষুণৰ বাবে ৰে’ল আৰু পথ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰা ডিমাহাচাও জিলাত স্বাভাৱিকতকৈ এই সময়ছোৱাত ৯৯ শতাংশ অধিক বৰষুণ হোৱা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে৷