Logo
image

এইবাৰ ক’ৰ্টত ৰেকেট ভাঙি বিতৰ্কত জক’ভিচ

আমাৰ অসম, ২২ ছেপ্টেম্বৰঃ  আকৌ এবাৰ বিতৰ্কত জড়িত হৈ পৰিল ছাৰ্বিয়াৰ টেনিছ তাৰকা ন’ভাক জক’ভিচ৷  কিছুদিন পূৰ্বে ইউ এছ অ’পেনৰ সময়ত  হাতত থকা বলেৰে মহিলা লাইন অফিচিয়েলক আঘাত কৰি বহিষ্কৃত হ’বলগীয়া হৈছিল বিশ্বক্ৰমৰ শীৰ্ষস্থানৰ খেলুৱৈগৰাকী৷ এইবাৰ বহিষ্কৃত নহ’লেও টেনিছ ক’ৰ্টৰ ভিতৰত আপত্তিজনকভাৱে খঙৰ বহিঃপ্ৰকাশ ঘটাই নতুন বিতৰ্কত সোমাই পৰিল জক’ভিচ৷ এই ঘটনাই টেনিছ জগত ব্যাপক চৰ্চা লাভ কৰিছে৷ শনিবাৰে ইটালিয়ান অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত ডমিনিক কীফাৰৰ বিৰুদ্ধে খেলিছিল জক’ভিচে৷ খেলখনত ছাৰ্বিয়াৰ খেলুৱৈজন জয়ী হৈছিল ৬-০, ৪-৬, ৬-৩ ব্যৱধানত৷ খেলখনৰ দ্বিতীয়টো ছেট চলি থকা সময়ত নিজৰ এটা ভুলৰ বাবে ধৈৰ্যচ্যুতি ঘটিছিল জক’ভিচৰ আৰু হাতত থকা ৰেকেটখনেই আচাৰ মাৰি ভাঙি পেলাইছিল তেওঁ৷ এই ঘটনাৰ বাবে চেয়াৰ আম্পায়াৰে তেওঁক সতৰ্ক কৰি দিবলগীয়া হৈছিল৷ নিজৰ ভুল স্বীকাৰ কৰাৰ লগতে তাৰ বাবে ক্ষমা বিচাৰি জক’ভিচে কৈছিল যে এনে ঘটনা অজানিতে ঘটি যায়৷ পূৰ্বেও ঘটিছে আৰু ভৱিষ্যতেও যে নঘটাকৈ থাকিব তাৰ কোনো নিশ্চয়তা নাই৷