Logo
image

শীৰ্ষৰ ৩টা স্থানেই ছাত্ৰীৰ দখলত

ইউপিএছচিৰ পৰীক্ষাত উত্তীৰ্ণ ৬৮৫ পৰীক্ষাৰ্থী

আমাৰ অসম, ৩১ মে’: ৱমেন পাৱাৰ! ইউপিএছচিৰ অধীনস্থ কেন্দ্ৰীয় অসামৰিক পৰীক্ষাত প্ৰথম তিনিটা স্থান তিনিগৰাকী ছাত্ৰীয়ে অৰ্জন কৰি মহিলাৰ শক্তি  আৰু প্ৰতিভা প্ৰমাণ কৰিছে৷ সোমবাৰে ঘোষণা কৰা এই পৰীক্ষাত শীৰ্ষস্থান অৰ্জন কৰে উত্তৰ প্ৰদেশৰ শ্ৰুতি শৰ্মাই৷ অৱশ্যে তেওঁ স্নাতক পৰ্যায়ৰ পৰাই দিল্লীতেই পঢ়াশুনা কৰিছিল৷ কেন্দ্ৰীয় অসামৰিক পৰীক্ষাৰ দ্বিতীয় স্থান অৰ্জন কৰিছে অংকিতা আগৰৱাল আৰু তৃতীয় স্থান অৰ্জন কৰিছে যামিনী সিংলাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় অসামৰিক পৰীক্ষাত উত্তীৰ্ণ সকলোকে অভিনন্দন জনোৱাৰ লগতে তিনি টপাৰ ছাত্ৰীক বিশেষভাৱে অভিনন্দন জনাইছে৷  তেওঁলোক সকলোকে দেশৰ উন্নয়নৰ যাত্ৰাত চৰকাৰৰ সৈতে সহযোগী হ’বলৈ আহ্বান জনাইছে৷ সোমবাৰে ঘোষণা কৰা এই পৰীক্ষাত মুঠতে ৬৮৫ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে৷ ইয়াৰে ২৪৪ গৰাকী সাধাৰণ বৰ্গৰ, ৭৩ জন আৰ্থিকভাৱে পিছপৰা বৰ্গৰ, ২০৩ গৰাকী অন্যান্য পিছপৰা বৰ্গৰ, ১০৫ গৰাকী অনুসূচিত জাতিৰ আৰু ৬০ গৰাকী অনুসূচিত জনজাতি বৰ্গৰ প্ৰাৰ্থী আছিল৷ তেওঁলোকে আইএএছ, আইএফএছ, আইপিএছ আৰু কেন্দ্ৰীয় চৰকাৰৰ গ্ৰুপ-এ তথা গ্ৰুপ-বিৰ পদত যোগদান কৰিব৷

শীৰ্ষস্থান লাভ কৰা শ্ৰুতি শৰ্মাই আইএএছ বাছনি কৰিব বুলি জনাইছে৷ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পাছত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত  স্নাতকোত্তৰ শাখাত ভৰ্তি হৈছিল৷ কিন্তু আধাতে সেই পাঠ্যক্ৰম বাদ দি তেওঁ অসামৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে জামিয়া-মিলিয়া ইছলামিয়া আবাসীক ক’চিং একাডেমীত যোগদান কৰে৷ এই একাডেমীৰ পৰা মুঠতে ২৩ জন এই পৰীক্ষাত চলিত বৰ্ষত উত্তীৰ্ণ হৈছে৷ দ্বিতীয় স্থান লাভ কৰা অংকিতা আগৰৱাল আৰু যামিনী সিংলাৰ প্ৰকৃত ঘৰ চণ্ডীগড়ত হ’লে দুয়ো দিল্লীৰ পৰাই এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ অংকিতা দিল্লী বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ স্নাতক আৰু ৰাজনীতি বিজ্ঞান তথা ইণ্টাৰনেশ্যনেল ৰিলেছনছ বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী৷ যামিনী সিংলা কম্পিউটাৰ ছায়েন্সৰ বি টেক৷ তেওঁ এই পৰীক্ষাত ছ’চিয়লজিক ঐচ্ছিক বিষয় হিচাপে লৈছিল৷ এইবাৰৰ পৰীক্ষাত প্ৰথম ২৫ জন স্থানপ্ৰাপ্ত ১৫ জন ছাত্ৰ আৰু ১০ ছাত্ৰী৷ ইপিনে এই পৰীক্ষাৰ শীৰ্ষৰ ১০০ জনৰ ভিতৰত কেৱল কেৰালাৰ পৰাই ৯জনে স্থান লাভ কৰিছে৷