Logo
image

ৰাজনীতি নে বিজ্ঞাপন!

ক্ৰিকেট ত্যাগৰ ইংগিত সৌৰভ গাংগুলীৰ, ব্যাপক চৰ্চা

আমাৰ অসম, ২ জুনঃ ৰাজনীতি নে বিজ্ঞাপন! সৌৰভ গাংগুলীৰ এটা টুইটত তোলপাৰ লাগিছে সমগ্ৰ দেশত৷ কেৱল ক্ৰীড়াক্ষেত্ৰই নহয়, ৰাজনৈতিক মহলতো সৌৰভ গাংগুলীৰ মঙলবাৰে কৰা এটা টুইটে তোলপাৰ লগাই দিছে৷ ক্ৰিকেটৰ ক্ষেত্ৰ এৰি অচিৰেই সৌৰভ গাংগুলীয়ে ৰাজনীতিত প্ৰৱেশ কৰিব বুলি তীব্ৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে৷ সৌৰভ গাংগুলীৰ এই টুইটৰ উত্তাপ দেশৰ ৰাজনৈতিক ক্ষেত্ৰত ইমানেই বেছি হৈ পৰিছে যে, স্বয়ং গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোন কৰি বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীক সুধিবলগীয়া হৈছে– কথাটো কি? অমিত শ্বাহৰ টেলিফোন অহাৰ পাছতে অৱশ্যে সৌৰভ গাংগুলীৰ ৰাজনীতিত প্ৰৱেশৰ জল্পনা-কল্পনাই সামান্য শাম কাটিছে৷ কিয়নো যোৱা ৬ মে’ত সৌৰভ গাংগুলীৰ বেহালাৰ বাসভৱনত নৈশাহাৰ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ সেইদিনাই সৌৰভ গাংগুলীৰ সৈতে অমিত শ্বাহে বিজেপিত যোগদানৰ বিষয়ে আলোচনা কৰা বুলিও জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল৷ তেতিয়া অৱশ্যে উপস্থিত সাংবাদিকক সৌৰভ গাংগুলীয়ে কৈছিল– বহু কথা ৰতে [অনেক কথাতে জল্পনা-কল্পনাৰ সৃষ্টি হয়]৷ বুধবাৰে সৌৰভ গাংগুলীৰ এই ৰহস্যময় টুইটৰ পাছত যেতিয়া স্বয়ং অমিত শ্বাহে তেওঁক ফোন কৰি বিষয়টোৰ সন্দৰ্ভত কৌতুহল প্ৰকাশ কৰিলে, তেতিয়াই কলকাতাৰ সংবাদ মাধ্যমৰ ওচৰত এটা বিষয় অন্ততঃ পৰিষ্কাৰ হৈ পৰিল– সৌৰভে এইকোবত ৰাজনীতিত যোগদান কৰাৰ ইংগিত দি এই টুইট কৰা নাই৷ কিয়নো সৌৰভ গাংগুলীয়ে ৰাজনীতিত যোগদান কৰিলে তাৰ ইংগিত আগতীয়াকৈ অন্ততঃ অমিত শ্বাহে পাব৷

বুধবাৰে আচম্বিতে সৌৰভ গাংগুলীয়ে এটা টুইটত লিখিলে– ‘১৯৯২ চনৰ পৰা ২০২২ চনলৈ ক্ৰিকেটৰ সৈতে জড়িত হৈ থকাৰ ৩০ বছৰ সম্পূৰ্ণ হ’ল৷ ইমানদিন ক্ৰিকেটৰ সৈতে যুক্ত হৈ থকাৰ পাছত এতিয়া নতুন এটা অধ্যায় আৰম্ভ কৰিবলৈ আগবাঢ়িছো৷ ইয়াৰ বাবে সকলোৰে পৰা শুভেচ্ছা বিচাৰিছো৷ যিটো কাম কৰিবলৈ আগবাঢ়িছো তাত অনেক মানুহৰ কল্যাণ হ’ব৷’ সৌৰভ গাংগুলীৰ এই টুইটৰ পাছত স্বাভাৱিকতে সেয়া তেওঁৰ ৰাজনীতিত প্ৰৱেশৰ ইংগিত বুলি সকলোৱেই জল্পনা-কল্পনা আৰম্ভ কৰি দিছিল৷ কিয়নো সৌৰভ গাংগুলীক বিজেপিয়ে তেওঁলোকৰ দলত যোগদান কৰাবলৈ ২০১৯ চনৰ পৰাই চেষ্টা চলাই আছিল৷ ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে সৌৰভ গাংগুলীৰ নেতৃত্বত বিজেপিয়ে পশ্চিম বংগৰ শাসন ক্ষমতা দখলৰ পৰিকল্পনা কৰাটো মুকলি অধ্যায়৷ আকস্মিকভাৱে সৌৰভ গাংগুলীৰ হূদৰোগত আক্ৰান্ত হোৱাৰ ফলত বিজেপিৰ সেই পৰিকল্পনা সফল নহ’ল৷ অন্যথা বিজেপিয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে পশ্চিম বংগত সৌৰভ গাংগুলীক সন্মুখত লৈ নিৰ্বাচনী যুঁজ দিয়াৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত কৰিছিল৷ অগা-পিছাকৈ দুবাৰ হূদৰোগত আক্ৰান্ত হোৱাৰ বাবে নিৰ্বাচনৰ ঠিক প্ৰাক-মুহূৰ্তত সৌৰভ গাংগুলী চিকিৎসাধীন হ’বলগীয়া হয় আৰু তেওঁৰ হূদযন্ত্ৰৰ এঞ্জিঅ’প্লাষ্টি কৰিবলগীয়া হয়৷ ফলত পৰৱৰ্তী কেইমাহৰ বাবে তেওঁ পৰিশ্ৰম কৰাটো অসম্ভৱ হৈ পৰে৷ পশ্চিম বংগৰ দৰে এখন ৰাজ্যৰ নিৰ্বাচনত সন্মুখৰ পৰা নেতৃত্ব দিয়া এজন নেতাই যি হাৰত পৰিশ্ৰম কৰিব লাগিব সেয়া সেই সময়ত সৌৰভ গাংগুলীৰ বাবে সম্ভৱ নাছিল৷ ফলত বিষয়টো তেনেকৈয়ে থাকি গ’ল আৰু সেই নিৰ্বাচনত মমতা বেনাৰ্জীৰ একক নেতৃত্বৰ সন্মুখত মোদী বাহিনী পৰাজিত হ’ল৷ তথাপি বিজেপিয়ে সৌৰভ গাংগুলীক দলত যোগদান কৰোৱাৰ আশা এৰি দিয়া নাই আৰু স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি আছে৷

অহা ১০ জুনত দেশত ৰাজ্যসভাৰ ৫৭ খন আসনত নিৰ্বাচন হ’ব৷ ইতিমধ্যে বিজেপিয়ে ১৬ খন আসনৰ প্ৰাৰ্থী দুদিন পূৰ্বে ঘোষণা কৰিছে৷ মুঠ ৫৭ খন আসনৰ অধিকাংশতে বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব৷ বুধবাৰে সৌৰভ গাংগুলীয়ে কৰা টুইটৰ পাছত অচিৰেই তেওঁ বিজেপিৰ টিকটত ৰাজ্যসভালৈ নিৰ্বাচিত হৈ যোৱাৰ ইংগিত দিয়া বুলি ৰাজনৈতিক মহলে ধাৰণা কৰি লয়৷ অৱশ্যে পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ সৈতেও সৌৰভ গাংগুলীৰ সু-সম্পৰ্ক আছে৷ অনেকেই তেওঁ তৃণমূলৰ পৰা ৰাজ্যসভালৈ যোৱাৰ সম্ভাৱনাও ব্যক্ত কৰে৷

অৱশেষত পশ্চিম বংগৰ সংবাদ মাধ্যমে সৌৰভ গাংগুলীয়ে একেদিনাই কৰা আন এটা টুইটৰ বিশে¡ষণ কৰি তেওঁৰ দ্বিতীয়টো টুইট এটা ৰিয়েল ইষ্টেট কোম্পানীৰ বিজ্ঞাপনী চমক বুলি বিশে¡ষণ কৰিছে৷ দিনটোৰ আলোড়ন সৃষ্টিকাৰী টুইটটোৰ তিনি ঘণ্টা পূৰ্বে সৌৰভ গাংগুলীয়ে বুধবাৰেই আন এটা টুইট কৰিছিল৷ সেই টুইটত তেওঁ লিখিছিল– ‘সাফল্য কোনো গন্তব্য নহয়, এটা যাত্ৰা৷’ সেই টুইটৰ লগতে তেওঁ হেশ্বটেক দি লিখিছিল ‘লিভ টুই উইন’ আৰু ‘ব্ৰেণ্ড কলাবৰেছন’৷ তদুপৰি সেই টুইটত এদল তৰুণ-তৰুণীৰ সৈতে সৌৰভ গাংগুলীৰ ফটো আছিল৷ লগতে আছিল এটা ৰিয়েল ইষ্টেট বাণিজ্যিক প্ৰতিষ্ঠানৰ নাম৷ তিনিঘণ্টাৰ বিৰতিত কৰা এই দুয়োটা টুইট বিশে¡ষণ কৰি পশ্চিম বংগৰ আগশাৰীৰ সংবাদ মাধ্যমৰ দাবী– সৌৰভ গাংগুলীয়ে প্ৰকৃততে দ্বিতীয় টুইটটোৰ জৰিয়তে বিজ্ঞাপনী চমকহে দিছে৷ সেই টুইটৰ প্ৰকৃত অৰ্থ কি সেয়া তেওঁ পূৰ্বৰ টুইটত ইংগিত দি থৈছে৷ সেয়ে সম্ভৱতঃ এইবাৰলৈ সৌৰভ গাংগুলীয়ে ৰাজনীতিৰ পথাৰত নমাৰ সম্ভাৱনা ক্ষীণ৷ অৱশ্যে এই বিশ্লেষণলৈ কেৰেপ নকৰি দেশৰ আগশাৰীৰ সকলো সংবাদ মাধ্যমে প্ৰাক্তন ভাৰতীয় ক্ৰিকেট অধিনায়কজনে এইবাৰ ৰাজনীতিত প্ৰৱেশ কৰিবই বুলি জোৰদাৰ দাবী চলাই আছে৷

উল্লেখ্য, অহা ছেপ্টেম্বৰত সৌৰভ গাংগুলীৰ বিচিচিআইৰ সভাপতিৰ কাৰ্যকালৰ ম্যাদ শেষ হ’ব৷ তাৰ পূৰ্বেই তেওঁ ৰাজনীতিত প্ৰৱেশৰ বাবে যো-জা কৰা বুলি চৰ্চা হ’লেও বিচিচিআইৰ সচিব জয় শ্বাহে সৌৰভৰ টুইটক লৈ আলোড়ন সৃষ্টি হোৱাৰ লগে লগে জনাই দিলে যে, সৌৰভ গাংগুলীয়ে বিচিচিআইৰ সভাপতিৰ দায়িত্বৰ পৰা পদত্যাগ কৰা নাই৷ অৱশ্যে অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ  টুইটক এতিয়ালৈ ৰাষ্ট্ৰীয় মিডিয়াই যথাযথ গুৰুত্ব দিয়া নাই৷ একে সময়তে আন এক চৰ্চাও চলিছে– সৌৰভ গাংগুলীয়ে ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আইচিচিৰ অধ্যক্ষৰ পদ লাভ কৰিব পাৰে৷ অৱশ্যে সেই লৈ জয় শ্বাহ কিম্বা বিচিচিআয়ে কোনো স্পষ্ট মন্তব্য কৰা নাই৷