Logo
image

ছোনিয়া-ৰাহুলক জেৰা কৰিব ইডিয়ে

আমাৰ অসম, ২ জুনঃ আইনবৰ্হিভূতভাৱে আৰ্থিক লেনদেনৰ সৈতে জড়িত থকাৰ অভিযোগত কংগ্ৰেছৰ অন্তৰ্ৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধী আৰু তেওঁৰ পুত্ৰ, কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক এনফৰ্চমেণ্ট ডাইৰক্টৰেটে [ইডি] জেৰা কৰিব৷ বুধবাৰে কেন্দ্ৰীয় বিত্তীয় তদন্তকাৰী সংস্থা ইডিয়ে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীলৈ ‘নেচনেল হেৰাল্ড’ সংবাদ পত্ৰৰ বিত্তীয় অনিয়মৰ গোচৰত জেৰাৰ বাবে জাননী প্ৰেৰণ কৰিছে৷ দেশজুৰি ৰাজনৈতিক আৰু নিৰ্বাচনী ব্যৰ্থতাৰ বাবে শলঠেকত পৰি থকা কংগ্ৰেছ দলৰ হাইকামাণ্ডলৈ এনে এটা সময়ত কেন্দ্ৰীয় সংস্থাটোৱে জাননী প্ৰেৰণ কৰিছে, যিটো সময়ত কপিল ছিবালৰ দৰে কেন্দ্ৰীয় নেতা আৰু বিভিন্ন স্থানত ৰাজ্যিক পৰ্যায়ৰ শীৰ্ষ নেতাই দল এৰি যোৱাৰ ফলত গান্ধী পৰিয়ালক এনে বিপদত সুৰক্ষা দিয়া আৰু প্ৰতিৰোধ কৰিবলৈ শক্তিশালী কণ্ঠৰ অভাব ঘটিছে৷ ইডি-য়ে জাননী প্ৰেৰণ কৰি ৰাহুল গান্ধীক দুই জুন অৰ্থাৎ বৃহস্পতিবাৰে আৰু ছোনিয়া গান্ধীক আঠ জুনত দিল্লীৰ কেন্দ্ৰীয় কাৰ্যালয়ত জেৰাৰ বাবে উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে৷ কংগ্ৰেছ নেতা তথা আইনজীৱি অভিষেক মনু সিংভিয়ে ইডি-ৰ জাননীক মোদী চৰকাৰৰ প্ৰতিহিংসাৰ ৰাজনীতি বুলি অভিযোগ কৰিছে৷ স্বাভাৱিকভাৱেই ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে এই পৰ্যন্ত ইডি-ৰ জাননীক লৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷ 

জৱাহৰলাল নেহৰুৱে প্ৰতিষ্ঠা কৰা আৰু ২০০৮ চনত প্ৰকাশ বন্ধ হৈ যোৱা ‘নেচনেল হেৰাল্ড’ সংবাদ পত্ৰৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল বিজেপিৰ নেতা সুব্ৰমনিয়ন স্বামীয়ে ইউ পি এ চৰকাৰৰ কাৰ্যকালত৷ ২০১৪ চনত নৰেন্দ্ৰ মোদী চৰকাৰে ক্ষমতা দখল কৰাৰ পাছত এই অভিযোগৰ গোচৰক লৈ মোদী চৰকাৰ শক্তিশালীভাৱে ৰনত অৱতীৰ্ণ হয়৷ সুব্ৰমণিয়ন স্বামীৰ অভিযোগ আছিল– ‘এছচিয়েটেড জাৰ্ণালছ লিমিটেড’ নামৰ যিটো সংস্থাৰ হাতত সংবাদ পত্ৰখনৰ মালিকানা আছিল, সেই সংস্থাৰ ৯০ কোটি টকাৰ ঋণ আছিল আৰু সেই ধনৰ সিংহভাগ কংগ্ৰেছৰ পৰা পাইছিল৷ ২০০৮ চনত ‘নেচনেল হেৰাল্ডছ’ৰ প্ৰকাশ বন্ধ হোৱাত ছোনিয়া-ৰাহুল গান্ধী তথা শীৰ্ষ কংগ্ৰেছ নেতাৰ সংস্থা ‘ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেডে’ সংবাদ পত্ৰখন তথা সম্প্ৰত্তি অধিগ্ৰহণ কৰে৷ সেই সম্পত্তি কেইবাহাজাৰ কোটি টকাৰ৷ অৱশ্যে ‘নেছনেল হেৰাল্ডছ’ৰ ঋণৰ দায়ো ‘ইয়ং ইণ্ডিয়ান লিমিটেড’ৰ কান্ধত পৰে৷ পিছে তেতিয়া কেন্দ্ৰত ক্ষমতাত থকা ইউ পি এ-ৰ নেতৃস্থানীয় দল কংগ্ৰেছে ঋণৰ ধন উদ্ধাৰ কৰা সম্ভৱ নহয় বুলি সমস্ত ঋণ মাফ কৰি দিয়ে৷ সেই বিষয়ত আপত্তি কৰি সুব্ৰমণিয়ন স্বামীয়ে কয় যে, ৰাজনৈতিক দল হোৱাৰ সুবাদত কংগ্ৰেছে কোনো কৰ দিব নালাগে৷ তেনে দলে কোনো বাণিজ্যিক সংস্থাক ঋণ দিব নোৱাৰে৷ কংগ্ৰেছে ঋণ মাফ নকৰি কিয় সংবাদ পত্ৰখন বিক্ৰী কৰি ঋণ আদায় নকৰিলে বুলি তেওঁ প্ৰশ্ন তোলে৷ বিজেপিৰ শাসনত ছোনিয়া-ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে পৰোক্ষভাৱে আয়কৰমুক্ত ধন আত্মসাৎ কৰাৰ অভিযোগত গোচৰ ৰুজু হয়, যিটো গোচৰৰ মূল অভিযুক্ত কংগ্ৰেছৰ হাইকামাণ্ড অৰ্থাৎ ছোনিয়া আৰু ৰাহুল গান্ধী৷